Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 March, 2024 5:18 PM IST

এম এফ অ’ আই সমৃদ্ধ কিষাণ উৎসৱঃ কৃষি সাংবাদিকতাৰ বাবে পৰিচিত কৃষি জাগৰণে বিগত ২৭ বছৰ ধৰি কৃষক আৰু কৃষি খণ্ডৰ উন্নয়নৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। কৃষি জাগৰণে সময়ে সময়ে কৃষকৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰি থাকে। এনে পৰিপ্ৰেক্ষিতত কৃষি জাগৰণে এইকেইদিন সমগ্ৰ দেশতে ‘MFOI Samriddh Kisan Utsav 2024’ৰ আয়োজন কৰিছে। এম এফ অ’ আই সমৃদ্ধ কিষাণ উৎসৱৰ মূল উদ্দেশ্য হৈছে কৃষকসকলক এক মঞ্চ প্ৰদান কৰা। যাতে কৃষকসকলে খেতিৰ নতুন পৰীক্ষা-নিৰীক্ষা কৰি আয় বৃদ্ধি কৰিব পাৰে, কৃষিৰ নতুন কৌশলকে ধৰি খেতিৰ লগত জড়িত তথ্য লাভ কৰিব পাৰে আৰু লগতে তেওঁলোকৰ ধাৰণাও ভাগ-বতৰা কৰিব পাৰে।

ইয়াৰ উপৰিও সমৃদ্ধ কিষাণ উৎসৱৰ সময়ত কৃষি জাগৰণৰ বিশেষ পদক্ষেপ ‘ভাৰতৰ মিলিয়নাৰ কৃষক’ বঁটাৰ বিষয়েও কৃষকসকলক সজাগ কৰা হৈছে। যাতে কৃষকসকলে এম এফ অ’ আইৰ বিষয়ে অধিক জানিব পাৰে। কেৱল এয়াই নহয়, ‘সমৃদ্ধ কিষাণ উৎসৱ’ৰ সময়ত কৃষি ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা কৃষককো সম্বৰ্ধনা জনোৱা হয়। এই ধাৰাবাহিকত ৰক্ষা কৰি মহাৰাষ্ট্ৰৰ সোলাপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত ‘সমৃদ্ধ কিষাণ উৎসৱ’ৰ আয়োজন কৰা হয়। ‘সমৃদ্ধ কিষাণ উৎসৱ’ত মহিন্দ্ৰা ট্ৰেক্টৰ, ধনুকাকে ধৰি বহু কৃষি বিশেষজ্ঞ, কৃষি বিভাগৰ বিষয়া, কোটিপতি কৃষক আৰু বহু প্ৰগতিশীল কৃষকে কৃষি খণ্ডৰ সৈতে জড়িত বহু কোম্পানীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ সময়ত চুপাৰিৰ ৰোগ আৰু কীট-পতংগ ব্যৱস্থাপনা, বাজৰাৰ খেতি আৰু ট্ৰেক্টৰ উদ্যোগত নতুন নতুন উদ্ভাৱন আৰু ট্ৰেক্টৰৰ ৰক্ষণাবেক্ষণ আদি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।

কোটিপতি কৃষকক সম্বৰ্ধনা

সোলাপুৰত আয়োজিত এই ‘সমৃদ্ধ কিষাণ উৎসৱ’ৰ সময়ত খেতিৰ ক্ষেত্ৰত উৎকৃষ্ট কাম কৰা কোটিপতি কৃষকসকলকো সম্বৰ্ধনা জনোৱা হয়। এই খেতিয়কসকলৰ ভিতৰত আছে পাৰ্মেশ্বৰ ৰাউত, আমোল ৰাণ্ডীভে, প্ৰশান্ত ভোছালে, জগন্নাথ-তাত্য, গণেশ সাৱন্ত, বালাছাহেব ভোছালে, সন্দীপ পাৱাৰ, সিদ্ধেশ্বৰ মানে, প্ৰকাশ, ভোপাল সিং পৱাজ, বিবেক মানে, অংকুশ গোৰ, ৰাজাৰাম দট্টু, বিঠল, প্ৰতাপ কদম, অজিত থিটে আৰু ভিটাল থিট্টে। ইয়াৰ উপৰিও দুগৰাকী কৃষক সমধন ভোছালে আৰু অনিল টুকাৰাম দেশমুখক ধনুকাৰ পৰা কোটিপতি কৃষক ট্ৰফী আৰু কৃষক কিটেৰে সন্মানিত কৰা হয়। 

বহু বিশেষজ্ঞ উপস্থিত আছিল

‘সমৃদ্ধ কিষাণ উৎসৱ’ত কৃষি খণ্ডৰ সৈতে জড়িত বহু কোম্পানীৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিয়ে কৃষি আৰু কৃষি সম্পৰ্কীয় বিভিন্ন বিষয়ত নিজৰ মতামত ভাগ কৰে। তাৰ ভিতৰত ড° পংকজ মাদৱী (এছ এম এছ প্লাণ্ট প্ৰটেকচন, কে ভি কে মহল জিলা-সোলাপুৰ) চুপাৰীৰ ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ ওপৰত, ট্ৰেক্টৰ উদ্যোগত উদ্ভাৱনৰ ওপৰত ৰামদাস উকালে (মহিন্দ্ৰা ট্ৰেক্টৰ),  প্ৰকাশ চৌৰে  চুপাৰি কৃষকৰ আয় বৃদ্ধিত কেনেদৰে সহায় কৰিব পাৰে সেই সম্পৰ্কে আৰু ড° টি.আৰ.ভাকুণ্ডে কেভিকেৰ কাম-কাজৰ বিষয়ে কৃষকসকলক ব্যক্ত কৰে।

লগতে পঢ়ক- 

MFOI Samridh Kisan Utsav in Satara : মহাৰাষ্ট্ৰৰ সতৰাত MFOI সমৃদ্ধ কিষাণ উৎসৱ

English Summary: MFOI Samridh Kisan Utsav 2024 in Maharastra
Published on: 15 March 2024, 05:18 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now