Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 22 August, 2022 3:32 PM IST

বানৰ পাছতে এতিয়া তীব্ৰ খৰাঙে কালৰূপ ধাৰণ কৰিছে ৰাজ্যত। ছিৰাল ফাঁট মেলা পথাৰখন সন্মুখত লৈ এতিয়া মূৰে-কপাঁলে হাত দিয়াৰ বাহিৰে গত্যন্তৰ নাইকিয়া হৈছে কৃষকৰ। ইফালে বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে কৃষি বিভাগে সমূহীয়া কঠীয়াতলীৰ ব্যৱস্থা কৰিছিল যদিও ফল ধৰা নাই কৃষকৰ। সমূহীয়া কঠীয়াতলীসমূহত ৰঞ্জিত ছাব-১ আৰু বাহাদুৰ ছাব-২ জাতৰ কঠীয়া সিঁচা হৈছিল৷ বেছিভাগ কঠীয়াতলীত বাহাদুৰ ছাব-১ জাতৰ কঠীয়া সিঁচা হৈছিল৷

এই কঠীয়া সিঁচাৰ ৩০ দিনৰ পৰা ৪৫ দিনৰ ভিতৰত ৰোৱাৰ উপযুক্ত হয়৷ সেই সূত্ৰে সমূহীয়া কঠীয়াতলীত সিঁচা কঠীয়া কেতিয়াবাই ৰোৱাৰ সময় অতিক্ৰম কৰিছে। যদিও পথাৰত পানীৰ অভাৱত কৃষকে এতিয়াও সেই কঠীয়া ৰুব পৰা নাই৷ কিন্তু কৃষি বিভাগে  সামূহিক কঠিয়া সিঁচাৰ দৰে জলসিঞ্চনৰ ব্যৱস্থা কৰা নাই পথাৰসমূহত। কৃষকসকলৰ এই দূৰৱস্থাই এতিয়া এই কথাকে প্ৰমাণ কৰিছে অসমৰ কৃষিখণ্ড এতিয়াও বৰষুণৰ ওপৰতে নিৰ্ভৰশীল।

Marriage of Frogs for rain

সময় বহু আগুৱাই গল। কিন্তু আজিও অসমৰ কৃষকসকলে কৃষিৰ বাবে বৰষুণৰ পানীৰ ওপৰতেই নিৰ্ভৰ কৰি থাকিব লগা হল। দেশৰ অন্যান্য প্ৰান্তৰ কৃষিপ্ৰধান ৰাজ্যসমূহৰ পথাৰত জলসিঞ্চলৰ সুব্যৱস্থা আছে। গতিকে এই ৰাজ্যসমূহৰ কৃষকে পানীৰ বাবে বৰষুণলৈ অপেক্ষা কৰিব লগা নহয়। কিন্তু অসম চৰকাৰৰ জলসিঞ্চন বিভাগ নামৰ এটা বিভাগ আছে যদিও কৃষকসকলে জলসিঞ্চন খায় নে পিন্ধে সেই কথা নাজানে অসমৰ কৃষকে। ইফালে বছৰি জলসিঞ্চনৰ নামত কোটি কোটি টকা আৱন্টন হয়।

তাৰপাছতো অসমৰ কৃষকসকলে খৰাঙৰ বাবে এনেদৰে মূৰে-কপাঁলে হাত দিব লগা হৈছে। ইফালে কৃষকসকলৰ আয় দুগুণ কৰা লক্ষ্য বান্ধ লৈছে দেশৰ প্ৰধানমন্ত্ৰীয়ে। খৰাঙৰ বাবে বৰষুণৰ মুখলৈ চায় থকা কৃষকৰ ছবিখনে প্ৰধানমন্ত্ৰীৰ আয় দুগুণ কৰা লক্ষ্যকো বাৰুকৈয়ে ভেঙুচালি কৰিছে। ইফালে ৰাজ্যত এখন চৰকাৰ থকা স্বত্তেও কৃষকৰ এই দূৰৱস্থাৰ সময়ত মাত এষাৰ দিবলৈ আঁজুৰি নাই জনপ্ৰতিনিধিৰ। উপায়হীন হৈ এতিয়া ৰাজ্যৰ বহু কৃষকে  বৰষুণৰ বাবে ভেকুলি বিয়া, নাঙল উভটাই পোতা, কাৰোৱাৰ ঘৰৰ চোতালত গৃহস্থই গম নোপোৱাকৈ হালবোৱাৰ দৰে কামবোৰ কৰিছে।

লগতে পঢ়ক- অসমত জৈৱিক কৃষি পদ্ধতিৰ বিপুল সম্ভাৱনা-অতুল বৰা

English Summary: marriage of frogs for rain
Published on: 22 August 2022, 02:01 IST