Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 25 April, 2023 12:12 PM IST
Man-Mankey conflict

বিগত দিনত বান্দৰৰ বাবে শাক-পাচলিৰ দাম বৃদ্ধি পাইছে বুলি কোৱা আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ কথাষাৰ ৰাজ্যৰ জনসাধাৰণে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিলেও কথাষাৰ মাজত অলপ সত্যসত্যতা আছে। ইয়াক উপলব্ধি কৰিব পাৰিব কেৱল বান্দৰৰ উপদ্ৰৱ চকুমুদি সহ্য কৰিব লগাসকলেহে। কাৰণ যিবোৰ অঞ্চলত বান্দৰ আছে সেই অঞ্চলৰ লোকসকলে ঘৰত এটা জলকীয়া পুলি ৰুৱ নোৱাৰে। কিন্তু তেনে অঞ্চলৰ পৰা শাক-পাচলিখিনিক নিৰাপত্তা দি বজাৰলৈ উলিয়াই নিয়া কষ্টখিনিৰ বাবে শাক-পাচলি দাম বৃদ্ধি পাবই। লগতে বান্দৰ বাবে খেতি কৰিব নোৱৰা মানুহখিনিয়ে শাক-পাচলি বজাৰৰ পৰাই কিনি খাব লাগিব। ইয়াৰ লগে লগে শাক-পাচলিৰ চাহিদা বৃদ্ধি পাব। কিন্তু উতপাদন হ্ৰাস পালে বস্তৰ দাম বৃদ্ধি আপোনা-আপুনি হ’ব।

ইয়াতে এটা কথা উল্লেখযোগ্য যে আজি বান্দৰে আমাক যি অপকাৰ কৰিছে তাৰ দহগুণ অপকাৰ কিন্তু আমি মানুহে বান্দৰক কৰি আহিছো। মানুহৰ দৰে বান্দৰবিলাকৰো পৃথিৱীখনত জীয়াই থকাৰ সমান অধিকাৰ আছে। কিন্তু সেই সমান অধিকাৰ আমি বান্দৰ বা অন্যান্য জীৱ-জন্তুসমূহক দিয়া নাই। কাৰণ বান্দৰৰ লগতে অন্যান্য জীৱ-জন্তুসমূহৰ আৱাসস্থলসমূহ আমি মানুহে প্ৰতিদিনে ধ্বংশ কৰি আহিছো। সিহঁতৰ ঘৰবোৰ ভাঙি তাত আমি আমাৰ ঘৰবোৰ বনাইছো।

কিন্তু বান্দৰ মানুহৰ সংঘাতে যথেষ্ট গুৰুতৰ পৰ্যায় পাইছেগৈ। এতিয়া এক সুস্থ পৰিকল্পনাৰহে প্ৰয়োজন। বান্দৰ উপদ্ৰৱ ৰোধিবলৈ এই পৰিকল্পনা ব্যক্তিগত কৰিলে ফলে নধৰে। ইয়াৰ বাবে চৰকাৰ আৰু জনসাধাৰণ আৰু সামাজিক সংগঠনসমূহ একত্ৰিত হৈ পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। ইতিমধ্য বিশেষজ্ঞসকলে বান্দৰ মানুহৰ সংঘাত সৃষ্টিৰ অন্যতম দুটা কাৰণ চিহ্নিত কৰিছে-  
ক) বান্দৰ আৱাসস্থলী আৰু খাদ্যৰ উৎসৰ ধ্বংস যজ্ঞ।
খ) জনাঞ্চললৈ বান্দৰৰ জন্মৰ হাৰ বৃদ্ধি।

লগতে পঢ়ক-

উদঙীয়া গৰু আৰু বান্দৰৰ বিৰুদ্ধে কৃষকসকলে জনমত গঠন কৰক

এই দুইটা সমস্যা সমাধানৰ বাবে চৰকাৰ আৰু সামাজিক সংগঠনসমূহৰ বাদে সম্ভৱ নহয়।এইক্ষেত্ৰত চৰকালৈ কেইটামান আহ্বানঃ

ক) বান্দৰৰ বংশবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰক।

খ) বান্দৰক জনবসতি পূৰ্ণ অঞ্চলৰ পৰা পৃথক আৱাসস্থল যেনে চিৰিয়াখানা, বনাঞ্চললৈ স্থানান্তৰ কৰক।

গ) বন বিভাগৰ জৰিয়তে বিশেষ নিৰীক্ষণ আৰু পৰিকল্পনাৰ বাবে দায়িত্ব প্ৰদান কৰক।

ঘ) প্ৰস্তাৱিত আৱাসস্থলীত ফলমূলৰ বাগিচা নিৰ্মান কৰক।

সাম্প্ৰতিক সময়ত গুৰুতৰ সমস্যা ৰূপে থিয় দিয়া বান্দৰ আৰু মানুহৰ সংঘাত নিৰাময় তথা ভাৰসাম্য অনাৰ চেষ্টা নকৰিলে আগন্তুক সময়ত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হব পাৰে। যিদৰে হাতীৰ কৰুণ হত্যা বা বাঘক হানি খুচি হত্যা কৰা হত্যা বাঢ়ি গৈছে ঠিক তেনেদৰে বান্দৰ মানুহৰ সংঘাত নিৰ্মূল কৰাৰ বাবে উচিত পদক্ষেপ লোৱাৰ বাবে ব্যৱস্থা গ্ৰহণৰ সময় সমাগত। প্ৰকৃতি প্ৰেমী তথা ভুক্তভোগী সকলো লগ হৈ এই সংঘাত নিৰ্মূল কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰক।

লগতে পঢ়ক- বুট আৰু মগু নহ'লে প্ৰসাদ অসম্পূৰ্ণ কিন্তু অসমে কিমান শতাংশ

English Summary: Man-Monkey conflict
Published on: 14 October 2022, 03:36 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now