
গ্ৰাহকক সদায় নতুন প্ৰযুক্তি সোৱাদ দি অহা মহিন্দাই ১৫ আগষ্টৰ দিনটোতে উন্মোচন কৰিব সাতটা নতুন মডেলৰ ট্ৰেক্টৰ। ১৫ আগষ্ট মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোৱে ভাৰতীয় অভিযান্ত্ৰিক উৎকৰ্ষতাৰ এক নিদৰ্শন দাঙি ধৰিব।
১৬ আগষ্ট বুধবাৰে গ্ৰেণ্ড প্ৰিমিয়াৰ হ’ব। কোম্পানীটোৱে জানিবলৈ দিয়ে যে কাইলৈ উন্মোচন হ’ব লগীয়া সাতটা নতুন মডেলৰ ট্ৰেক্টৰে টেক্টৰখণ্ডলৈ এক নতুনত্ব আনিব।
এই সন্দৰ্ভত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ সঞ্চালক আৰু মুখ্য সম্পাদক এমচি ডমিনিকে কয় যে, “মহিন্দ্ৰা ফিউচাৰস্কেপৰ #GoGlobal ৰ অংশ হ’বলৈ পাই আমি অত্যন্ত আনন্দিত হৈছো - অটোমোবাইল উদ্যোগৰ বাবে এক উৎসৱ।”
কোম্পানীটোৱে আশা কৰিছে টেক্টৰৰ এই শেহতীয়া ৭ মডেলে গ্ৰাহকসকলৰ প্ৰয়োজনীয়তাক পুৰন কৰিব।
লগতে পঢ়ক-
Share your comments