 
            বানপানী, খৰাং, শস্যৰ বেমাৰ -আজাৰ, পোক- পৰুৱা আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত কিছুমান জাননীকৃত শস্যৰ ক্ষেত্ৰত হোৱা ক্ষতিৰ বিপৰীতে ফচল বীমাৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বাবে সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY) আঁচনিখন ২০১৬ বৰ্ষৰ পৰা আৰম্ভ কৰা হয৷ এই আঁচনিখনৰ ৰূপায়নে বহু কৃষকক সকাহ দিয়া পৰিলক্ষতি হৈছে।
বিশেষকৈ যিকোনো প্ৰাকৃতিক দুৰ্যোগত আপোনাৰ খেতিডৰা নষ্ট হয় আৰু যদি আপুনি খেতি পথাৰ দৰে বীমা কৰি থয় তেতিয়া তাৰ ক্ষতিপূৰণ লাভ কৰিব। এইবিষয়ে আমাৰ বহু কৃষকে নাজানে! অৱশ্যে ৰাজ্য কৃষি বিভাগে যথেষ্ট কাম কৰি আহিছে। সজাগতা সভা আয়োজন কৰিছে। অঞ্চলে অঞ্চলে গৈ শস্য বীমা আঁচনিৰ বীমা কৰাবৰ বাবে শিবিৰৰ আয়োজন কৰিছে।
লগতে পঢ়ক-
Plum farming : বগৰী খেতিৰ বিষয়ে সবিশেষ জানিবলৈ এই প্ৰবন্ধ পঢ়ক !
শেহতীয়াকৈ এই আঁচনিৰ অংশীদাৰ হোৱাৰ বাবেই মাজুলী জিলাৰ জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত কুমাৰবাৰী গাঁৱৰ কৃষক যোছেফ পেগুৱে অলপতে বীমাকৃত শস্যৰ ক্ষতিৰ বিপৰীতে ধনৰাশি পাবলৈ সক্ষম হয় আৰু আৰ্থিক সংকটৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পায়। কৃষকগৰাকীয়ে সৰিয়হৰ বাবে ১০০ টকাৰে কৰা শস্য বীমাৰ বিনিময়ত ৭ জুলাই তাৰিখে নিৰ্দিষ্ট বেংক একাউণ্টত ১৪,৯৬৪ টকা লাভ কৰে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY)ৰ অধীনত খাৰিফ ২০২৩ বৰ্ষৰ বাবে শালি ধানৰ শস্য বীমা পঞ্জীয়নৰ অন্তিম দিন হৈছে ৩১ জুলাই ২০২৩। যিসকল কৃষকে এতিয়াও শালী ধানৰ বীমা কৰোৱা নাই তেওঁলোকক সোনকালে বীমা কৰাবলৈ অনুৰোধ জনাইছে।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments