
শিৱসাগৰত কৃষক মেলা। শিৱসাগৰ জিলা কৃষি কাৰ্যালয়ৰ প্ৰাংগনত দুদিনীয়াকৈ আয়োজন কৰা হৈছে এই কৃষক মেলা। জিলা কৃষি কাৰ্যালয় তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA)ৰ উদ্যোগত আয়োজন কৰা হৈছে এই কৃষক কৃষক মেলাৰ৷

আজি পুৱাই মেলাখনৰ শুভ উদ্বোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে। মেলাখনত জিলাখনৰ বহু কেইগৰাকী প্ৰগতিশীল কৃষক, কৃষি গোট আৰু এফ পি চিৰ সদস্য, মহিলা আত্মসহায়ক গোটে নিজৰ নিজৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনীৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰিছে।
লগতে পঢ়ক-
ডিব্ৰুগড়ত হৃদয় বিদাৰক ঘটনা, ২০ টা শগুণৰ মৃত্যু, ৭০ টা অসুস্থ

সেইদৰে শিৱসাগৰ জিলাৰ পশু চিকিৎসা বিভাগ, ৰেচম বিভাগ, মীন বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ আদিয়েও এই মেলাত অংশগ্ৰহণ কৰিছে। মেলাখনত জিলা কৃষি বিষয়া বলীন্দ্ৰ নাথ চেতিয়া প্ৰমুখ্যে অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

জিলা কৃষি কাৰ্যালয় তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণে আয়োজন কৰা এই মেলাখন কৃষক, উতপাদক, এফ চি পিৰ সদস্য, মহিলা আত্মসহায়ক গোটে, থলুৱা উদ্যোগীসকলক উতসাহিত কৰিব আশা কৰা হৈছে।
লগতে পঢ়ক-
Share your comments