1. News

কিমান টকাত বিক্ৰি কৰা হৈছিল মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ কাকত!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
HSLC Paper leak Update
HSLC Paper leak Update

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক বৰ্তমানলৈ ২২জনক আটক । গুৱাহাটীত ৩ জনক, লখিমপুৰত ৫ জনক, ধেমাজিত এজন ছাত্ৰক  আটক কৰা হৈছে। আনহাতে, ডিব্ৰুগড়ৰ পৰা ৫জনক আৰু শদিয়া আৰু তিনিচুকীয়াৰ পৰা আটক কৰা হৈছে কেইবাজনো ছাত্ৰক।

প্ৰশ্নকাকত ফাদিলক লৈ ডিব্ৰুগড় আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। ৫০০ৰ পৰা ২০০০ টকাৰ বিনিময়ত প্ৰশ্নকাকত বিক্ৰী কৰিছিল দুষ্টচক্ৰই! ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে সংবাদমেলত কয়, ‘‘বৰ্তমানলৈ ৮জন ছাত্ৰক আটক কৰিছে ডিব্ৰুগড়ত। ছাত্ৰকেইজনে প্ৰশ্নকাকতৰ বিনিময়ত ধন লোৱাৰ প্ৰমাণকে ধৰি বিভিন্ন তথ্য লাভ কৰা হৈছে।’’

লগতে পঢ়ক- 

ডিব্ৰুগড়ত হৃদয় বিদাৰক ঘটনা, ২০ টা শগুণৰ মৃত্যু, ৭০ টা অসুস্থ

মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা ৫০০ টকাৰ পৰা ২০০০ টকাৰ বিনিময়ত প্ৰশ্নকাকত প্ৰদান কৰিছিল আটকাধীন ছাত্ৰকেইজনে। ইয়াৰে ৫জন ছল্ট ব্ৰুক একাডেমীৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ। সম্প্ৰতি ছাত্ৰকেইজনক আটক কৰি চি আই ডিক গতাই দিছে ডিব্ৰুগড় আৰক্ষীয়ে। সংবাদ মাধ্যমৰ আগত এই ভাষ্য আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ।

ইফালে, ডিব্ৰুগড় আৰক্ষী অধীকক্ষৰ কাৰ্যলয়ত ছল্টব্ৰুক একাডেমীৰ সঞ্চালক অশ্বিনী দুৱৰা, অধ্যক্ষ ৰঞ্জিত বৰুৱাসহ কেইবাজনো শিক্ষকক সোধা–পোছাৰ বাবে আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়ক- 

শিৱসাগৰত কৃষক মেলা, থলুৱা সামগ্ৰীৰ প্ৰদৰ্শনী-বিক্ৰিৰে উৎসাহিত কৃষক-উদ্যোগী

English Summary: Assam HSLC Science exam cancelled amid paper leak reports

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.