Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 July, 2022 3:14 PM IST
Kaki Successful Farmer Dulal Bora

কলেজীয়া শিক্ষা সামৰি হোজাইৰ কাকীৰ পদুম পুখুৰীৰ দাদুল বৰাই ফাৰ্মাচীৰে জীৱিকা আৰম্ভ কৰিছিল। কিন্তু ফাৰ্মাচীৰে জীৱিকা নিৰ্বাহ কৰিব কৰিব পৰা বাবে যদিও সমাজলৈ বৰ বিশেষ অৰিহণা নাথাকিব বুলি তেওঁৰ ধাৰণা হৈছিল। বৰাৰ ইচ্ছা আছিল তেওঁ এনে কাম কৰিব, যাৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে অসমৰ অৰ্থনীতিত অৰিহণা যোগাব পাৰিব। আৰু নতুন পুৰুষে তেনে আদৰ্ষৰে আগবাঢ়ি এখন সমৃদ্ধিশালী অসম গঢ়াৰ প্ৰচেষ্টা কৰিব। সেয়ে কাকীৰ বৰাই পৰিয়ালৰ মাটিত খেতি কৰা আৰম্ভ কৰিলে। অৱশেষত তেওঁৰ ইচ্ছা বাস্তবায়িত হৈছে। খেতিৰে বছৰি ৭ লাখ চকা লাভ অৰ্জন কৰা দাদুল বৰাই কম সময়ৰ ভিতৰত এনে কিছু কাম কৰিছে যাৰ জৰিয়তে আমাৰ অৰ্থনীতি আগন্তুক সময়ত সমৃদ্ধিশালী হোৱাৰ পথ মুকলি হ’ব নিশ্চয়।

তিনি নং কাকীৰ দুই নং গাঁৱৰ পৰিশ্রমী মানুল বৰাই পিতৃৰ সাত বিঘা মাটিত পাঁচ বছৰ পূর্বে খেতি আৰম্ভ কৰিছিল। ২০১৬ চনৰপৰা বৰাই কম মাটিত বিভিন্ন প্ৰকাৰৰ খেতি কৰি কম সময়ৰ ভিতৰতে দুখন ট্ৰেক্টৰৰ গৰাকী হৈছে। খেতিয়কৰ সন্তান বৰাৰ ধান খেতিৰ লগতে এখন নাৰ্চাৰীও আছে। বৰাই ছাগলীৰ ফাৰ্ম স্থাপন কৰিও সফল হৈছে। প্ৰথমে চাৰি বিঘা মাটিত খেতি কৰা আৰম্ভ কৰিছিল যদিও এতিয়া সাত বিঘা মাটিত খেতি কৰে। তেওঁ ধানৰ লগতে তামোল, কমলা, নেমু, গোপনেমু, আম, লিচু, চন্দন, কলৰ খেতি কৰে। এনেধৰণৰ খেতি অৱশ্যে বহু খেতিয়কৰ আছে। কিন্তু তেওঁ এনে এবিধ মূল্যবান গাছ ৰোপণ কৰিছে, যি গছেৰে অসমৰ নিবনুৱাই ইচ্ছা কৰিলে ৰাজ্যৰ অৰ্থনীতিৰ চেহেৰাই সলাই দিব পৰা সম্ভাৱনা আছে। বৰাৰ 'জি নাইন' নামৰ মালভোগ কলৰ খেতিও আছে। তেওঁৰ কেচুঁসাৰৰ গোট এটাও আছে।

দাদুল বৰাই কয়, ‘ফাৰ্মাচীৰে চলি থাকিব পাৰিলোঁহেতেন, কিন্তু অসমৰ বাবে কিবা এটা কৰাৰ সপোন সৰুৰে পৰা আছিল। প্ৰবল ইচ্ছা শক্তি আৰু সাধনাৰ বলত এতিয়া সফল হৈছো। বছৰি গড়ে সাত লাখ টকাৰ উপাৰ্জন কৰাৰ লগতে নাৰ্চাৰী আৰু খেতিৰে আন দহজনক সহায়ো কৰিব পাৰিছোঁ”।

বৰাই কয়-আমাৰ এহেজাৰ জোপা তামোল গছ আছে। বছৰি তামোল বিক্ৰী কৰি ডেৰ লাখ টকা উপাৰ্জন হয়। বছৰি গড়ে ৮০০০ টা আগৰৰ পুলিও বিক্ৰী কৰোঁ। এটা পুলি বিক্ৰী কৰি ১০ টকাকৈ পাওঁ। কলকতাৰ পৰা অনা বৰাৰ 'জি নাইন' ৫০০ জোপা মালভোগ কল আছে। কলৰ বিক্ৰী ভাল। দাদুল বৰাই আৰু কয় যে বছৰি কমলা পুলি, নাৰিকলৰ পুলি, মধুৰিআম, তামোল বিক্ৰী কৰিয়েই ৫ লাখ টকা উপাৰ্জন হয়। বছৰি গড়ে ৩০০ মোন ধান বিক্ৰী কৰিয়োই ডেৰ লাখ টকা পাওঁ। তেওঁ আৰু কয় যে জিলা কৃষি বিষয়া পৰাগ মহন্তই আমাক যথেষ্ট সহায় কৰে। বিভাগে সহায় কৰাত উপকৃত হৈছো। আনহাতে চামগুৰি কলেজৰ অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱাই কয় যে বৰাই কাকীত আদৰ্শনীয় কাম কৰি আছে। তেওঁৰ আদৰ্শ আনসকলেও ল’লে নিশ্চয় বৰাৰ দৰেই সফল হ’ব পাৰিব।

উল্লেখ্য যে কাকীৰ দাদুল বৰাই দেশৰ মহা মূল্যবান মেহগনি গাছ ৰোপণেৰে আদৰ্শ প্ৰতিষ্ঠা কৰিছে। কাকীৰ শিক্ষক তথা এই সম্পৰ্কত অধ্যয়ন কৰা গণেশ বৰাই কয় যে বৃটিছৰ সময়ত অসমৰ মূল্যৱান মেহগনি গছ আছিল। পোন্ধৰ বিশ বছৰ পূৰ্বে ভাৰতীয় বন সেৱাৰ বিষয়া পি শিবকুমাৰ আৰু মহেশ নাথ আদিয়ে এই মূল্যবান গছৰ পুনৰ প্ৰসাৰ আৰম্ভ কৰিছিল। প্ৰথম শ্ৰেণীৰ কাঠ চেগুণতকৈও মেহগনিৰ মূল্য কেইবাগুলো বেছি। দাদুল বৰাই এই সন্দৰ্ভত কয়, মূল্যবান মেহগনি গছৰ পুলি মহাৰাষ্ট্ৰৰ পৰা আনিছিলোঁ। এডাল মেহগনি গছৰ মূল্য চেগুণতকৈ ১০ গুণ বেছি। বৰাই কয় যে তেনে মূল্যৱান মেহগনি গাছৰ ৫০০০ পুলি ৰোপণ কৰা হৈছে। এই গছৰ এক কেবি কাঠৰ মূল্য হৈছে ১০/১২ হেজাৰ টকা পর্যন্ত হয়। তেওঁ আৰু কয় যে দক্ষিণ ভাৰতৰ পৰা মেহগনি গছৰ পুলি অনাৰ সময়ত বন বিশেষজ্ঞই কৈছিল, অসমত বৃটিছৰ বাংলোবোৰত এই কাঠ ব্যৱহাৰ কৰা হৈছিল। এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যৰ পঞ্চতাৰকা হোটেলৰ ফাৰ্নিচাৰ, ক্ৰিকেট বেট, পুঁজিপতিৰ গৃহত মেহগনি গছৰ কাঠ ব্যৱহাৰ কৰা হয়। পুলি ক্ৰয় কৰাৰ সময়ত দাক্ষিণাত্যৰ ব্যবসায়ীয়ে কৈছিল ৰজা আলেকজেণ্ডাৰৰ শুৱনি কোঠা, গৃহত এই গছৰ ফার্নিচাৰহে ব্যৱহাৰ কৰিছিল। তেনে মহামূল্যৱান গছৰ ৫০০০ পুলি ৰোপণ কৰিব পৰাটো ভাগ্য বুলিয়েই ভাবিছোঁ।

দাদুল বৰাই আৰু কয় যে এতিয়া এই গছৰ পুলিৰ চাহিদা বাঢ়িছে। বহুতে ঘৰত পুলি ৰোপণ কৰিছে। সেয়ে পুলিও বিক্ৰী কৰি আছে। কিছু গছ ডাঙৰ কৰি কাঠ হিচাপে বিক্ৰী কৰাৰ চেষ্টা কৰা হ'ব। বৰাই আৰু কয় যে যিসকল নিবনুৱাৰ পৰিয়ালৰ মাটি আছে তেওঁলোকে আমাৰ দৰেই কম মাটিতে এনেধৰণৰ খেতি আৰু নাৰ্চাৰী কৰিব পাৰে। যথেষ্ট লাভ হয়। দাদুলে কয়– আমি আৰু অধিক সফল হ'ব বিচাৰোঁ। নাৰ্চাৰী আৰু খেতিৰেও বাজ্যৰ অর্থনীতি যে ভাল কৰিব পৰা যায় নতুন পুৰুষক দেখুৱাব বিচাৰোঁ। তেওঁ আৰু কয় যে কাকীৰ দৰে এটা সৰু অঞ্চলত আমি ইউটিউবৰ জৰিয়তেই বহু শিকিছে। সেয়ে এতিয়া আৰু কোনেও বহি থকাৰ সময় নহয়। আমি সকলো ক্ষেত্রতে আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিবই লাগিব।

লগতে পঢ়ক-লণ্ডনত বৃদ্ধি অসমৰ নেমুৰ চাহিদা! ৪ হাজাৰ নেমু ৰপ্তানি বিদেশী ৰাষ্ট্ৰখনলৈ!

জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোনঃ ৯৮৬৪০৩৭৪১৬

English Summary: Kaki Successful farmer Dulal Bora
Published on: 22 July 2022, 03:03 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now