1. News

Apply now: উদ্যমী কৃষকসকলক ৬,৭ আৰু ৮ ডিচেম্বৰত কৃষি জাগৰণে জনাব সন্মান

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Apply now for Millionaire Horticulture Farmers Of India
Apply now for Millionaire Horticulture Farmers Of India

সম্প্ৰতি অসমৰ কৃষকসকলেও আম, লিচু, কল, কমলা, মধুৰি, নাৰিকল আদি ফলৰ খেতি ব্যৱসায়িকভিত্তিত কৰিবলৈ আৰম্ভ কৰিছে। এই লাভজনক উদ্যানশস্যৰ খেতিৰে বিশেষ সফলতা লাভ কৰা কৃষক সকলৰ বাবে এটা ভাল খবৰ।

উদ্যান শস্যৰ খেতি কৰি বিশেষ পাৰদৰ্শিতা আৰু সফলতা লাভ কৰা কৃষকসকলক কৃষি জাগৰণ মিডিয়া গ্ৰপে প্ৰদান কৰিব বঁটা। দেশৰ উদ্যমী কৃষকসকলক সন্মান জনাবৰ বাবে ৬,৭ আৰু ৮ ডিচেম্বৰত কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰিছে দ্যা মিলিয়নাৰ ফাৰ্মাৰ অৱ ইন্দিয়া এৱাৰ্ড ২০২৩।

এই অনুষ্ঠানতে অন্যান্য কৃষি ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কৃষকসকলক পুৰস্কৃত কৰাৰ লগতে ফলৰ খেতিৰে সফলতা লাভ কৰা কৃষকসকলকো প্ৰদান কৰিব বঁটা। ফলৰ খেতিৰে সফলতা লাভ কৰা কৃষকজনক প্ৰদান কৰা হ’ব Millionaire Fruit farmer of india কৃষক বঁটা।

যদি আপুনিও ফলৰ খেতিৰে বিশেষ পাৰদৰ্শিতা দেখুৱাইছে বা আপুনি এই বঁটাৰ বাবে উপযুক্ত বুলি ভাবিছে তেতিয়া এই https://millionairefarmer.in/  লিংকত গৈ আজিয়েই আপোনাৰ নাম পঞ্জীয়ন কৰক।

লগতে পঢ়ক- 

MFOI Award 2023: ১৫ টা শিতানত কৃষকসকলক পুৰস্কৃত কৰিব কৃষি জাগৰণে

English Summary: Apply now for Millionaire Horticulture Farmers Of India

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.