Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 December, 2022 11:52 AM IST
Jayanta Malla Baruah

সৰ্বাধিক ধান বিক্ৰী কৰা লোকক পুৰস্কৃত কৰিব জয়ন্তমল্ল বৰুৱাই। নলবাৰী সমষ্টিত সৰ্বাধিক ধান বিক্ৰী কৰা প্ৰথম ৫ জন লোকক ১০ হাজাৰ টকাকৈ আৰু ইয়াৰ পাছৰ প্ৰথম ২০ জনক ৫ হাজাৰ টকাকৈ দিব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে যিমান লোকে ধান বিক্ৰী কৰিব সকলোকে গামোচা পিন্ধাই সম্বৰ্ধনা জনোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইফালে নলবাৰীত ধান ক্ৰয় কৰা দালালৰূপী ব্যৱসায়ীক সকীয়নি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। কম মূল্যত কৃষকৰপৰা ধান ক্ৰয় কৰা ব্যৱসায়ীক জে’লত ভৰোৱাৰ সকীয়নি মন্ত্ৰীগৰাকীৰ।

কৃষকৰ খবৰ নোলোৱা গ্ৰাম সেৱক সকলোকো চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ হুংকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। এই সন্দৰ্ভত মন্ত্ৰীগৰাকায়ে কয়, ‘কাৰ্যালয়ত চকীত বহি থাকিলেই নহ’ব। গ্ৰাম সেৱকে প্ৰতিজন কৃষকৰ ঘৰে ঘৰে গৈ বুজ লব লাগিব খেতিয়কৰ দুখ। অন্যথা চাকৰিৰ পৰা অব্যাহতি ল’বলৈ আহ্বান মন্ত্ৰী গৰাকীৰ।

কৃষকৰ অভাৱ অভিযোগ দূৰ নকৰিলে অনাগত সময়ত বিহিত ব্যৱস্থা ল’বলৈ প্ৰস্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। নলবাৰীৰ ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাঙ্গনত জিলা প্ৰশাসন, জিলা কৃষি বিভাগৰ উদ্যোগত আৰু NAFED ৰ সহযোগত কৃষক সকলৰ বাবে এখন সজাগতা সভাৰ আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে ভাষণৰ আৰম্ভণিতে ধান ক্ৰয় কৰা ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হয়।

মন্ত্ৰী গৰাকীয়ে কয় যে গাঁৱত তেনে কোনো দালাল ৰূপী ব্যৱসায়ী সোমালে লগে লগে মন্ত্ৰী গৰাকীক বা জিলা প্ৰশাসনক তাৎক্ষণিক ভাৱে খবৰ দিবলৈ আহ্বান জনায়। উক্ত সভাতে মন্ত্ৰী গৰাকীয়ে জিলাখনৰ ভিন্ন প্ৰান্তত তেনে কম দামত কৃষকৰ পৰা ধান ক্ৰয় কৰা ব্যৱসায়ীৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ’ব বুলি কয়। ধান ক্ৰয় কৰা ব্যৱসায়ী সকলৰ গাড়ীবোৰো জব্দ কৰিবলৈ সক্ষম হয় বুলি তেওঁ জনায়। চৰকাৰৰ বিভিন্ন ষ্ট’ৰত থকা যোগান বিভাগৰ ধান ক্ৰয় কৰা বিষয়াৰ ওচৰত কৃষক সকলক উচিত মূল্যৰ বনিময়ত ধান বিক্ৰী কৰিবলৈ আহ্বান জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

প্ৰতি কুইন্টল ধানৰ মূল্য ২০৪০ টকাৰ বিপৰীতে অসাধু ধান ব্যৱসায়ীয়ে যদি কম মূল্যত ধান ক্ৰয় কৰে তেন্তে বিভাগীয় ভাৱে ধান বিক্ৰেতা আৰু কিনোতাৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ প্ৰশাসনক আহ্বান জনায়।

আনহাতে উক্ত সভাত গ্ৰাম সেৱক সকলক অফিচৰ চকীত বহি নাথাকি কৃষকৰ ঘৰে ঘৰে গৈ কৃষকৰ অভাৱ-অভিযোগৰ বুজ ল’বলৈ আহ্বান জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। প্ৰতিজন গ্ৰাম সেৱককে সপ্তাহত ১০০ জন কৃষকৰ অভাৱ অভিযোগ দূৰ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অন্যথা চাকৰিৰ পৰা নিলম্বনৰ সকীয়নী প্ৰদান মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়কঃ কোৰোমণ্ডল ইণ্টাৰনেচনেল লিমিটেডৰ উদ্যোগত প্ৰডাক্ট ষ্টিৱাৰ্ডশ্বিপ দিৱস উদযাপন

English Summary: Jayanta Malla Baruah to reward 5 people who sell the most paddy with Rs 10,000 each
Published on: 28 December 2022, 11:50 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now