Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 October, 2022 11:48 AM IST
KAILASH CHOUDHARI VISSIT JAMMU

শনিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধৰী জম্মু কাশ্মীৰত উপস্থিত হয়। ভ্ৰমণকালত কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু কৃষি মন্ত্ৰালয়ৰ সৈতে জড়িত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰথমতে কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধৰীয়ে শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু কাৰিকৰী বিশ্ববিদ্যালয়, ২০১৯ত আজাদীৰ অমৃত মহোৎসৱৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ১০ লাখ যুৱকক চৰকাৰী চাকৰি দিয়াৰ বাবে নিয়োগ মেলাৰ উন্মোচন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জম্মু। অনুষ্ঠানতে প্ৰথম পৰ্যায়ত ৭৫ হাজাৰ নৱ নিৰ্বাচিত যুৱকক নিযুক্তি পত্ৰ বিতৰণ কৰে।

নিয়োগ মেলাত কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান ৰে’লৱে, গৃহ, ডাক, বিত্ত, প্ৰতিৰক্ষা, চিকিৎসা, বেংক, শিক্ষাকে ধৰি বিভিন্ন খণ্ডত কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে। ৭৭ হাজাৰৰো অধিক ষ্টাৰ্টআপ আৰু ১৮.৬০ লাখ কোটিৰো অধিক মুদ্ৰা ঋণ প্ৰদান কৰাটোৱে কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতা প্ৰকাশ কৰিছে। এই কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, স্থানীয় সাংসদ যুগল কিশোৰ শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী কবিন্দৰ গুপ্ত কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি ওমি খাজুৰীয়া আৰু স্থানীয় জনপ্ৰতিনিধি আৰু বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক-

নেমু গছৰ ডাল ধৰি কেনেদৰে উৎপাদন কৰিব পুলি

পৰৱৰ্তীসময়তে জম্মুত মহিলা কৃষক গোট এফ পি অ’ই কৰি থকা উন্নত হলুদ খেতি পৰিদৰ্শন কৰে কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীয়ে। কৈলাশ চৌধুৰীয়ে কয়- কৃষি খণ্ডত মহিলাৰ সবলীকৰণৰ সৈতে জড়িত আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি সুবিধা প্ৰদান কৰি আছে, সেয়া এতিয়া ভূমিত উপনীত হৈছে বুলি জানি সুখী হৈছো।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে কৃষিক প্ৰসাৰৰ বাবে কাম কৰি আছে, যাৰ ফলত কৃষি খণ্ডৰ পৰিস্থিতি সলনি হৈছে। সমান্তৰালভাৱে কৃষকৰ উপার্জনো বৃদ্ধি পাইছে৷ যোৱা ৮ বছৰৰ ভিতৰত দেশৰ কৃষি খণ্ডত অভূতপূৰ্ব কাম-কাজ কৰা হৈছে। কৃষিক বহনক্ষম কৰি তোলাৰ সমান্তৰালভাৱে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত মোকাবিলা কৰা হৈছে।

লগতে পঢ়ক- 

দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰঃ এতিয়া এই বেংকৰ পৰা ৫০ হাজাৰ টকা পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ যাব

English Summary: JAMMU VISSIT KAILASH CHOUDHARI
Published on: 23 October 2022, 11:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now