Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 December, 2022 11:31 AM IST
International Millet Year 2022

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ভাৰত চৰকাৰে দিয়া প্ৰস্তাৱ গ্ৰহণ কৰি ২০২৩ বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চিৰস্থায়ী উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এই মিলেট বৰ্ষ পালনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ ওলাইছে।

মিলেট হ’ল ঘাঁহজাতীয় খাদ্যশস্য। ক্ষুদ্ৰ ক্ষুদ্ৰ দানাৰে ভৰ্ত্তি মিলেট হ’ল পুষ্টিৰ ভঁৰাল আৰু চাউল আৰু ঘেহুঁতকৈ বেছি পুষ্টিকাৰক। দানাবোৰ ঘূৰণীয়া আকাৰৰ। বৰ্তমান জলবায়ু পৰিৱৰ্তন আৰু জীৱনশৈলী পৰিৱৰ্তনৰ বাবে বাঢ়ি অহা বেমাৰৰ পৰিপ্ৰেক্ষিতত মিলেট খেতিৰ গুৰুত্ব বৃদ্ধি পাইছে। প্ৰাগ ঐতিহাসিক যুগৰ পৰাই মিলেটৰ খেতি চলি আহিছে আৰু মহেঞ্জোদাৰো, হৰপ্পা আদিৰ খনন কাৰ্যতো মিলেট খেতিৰ প্ৰমাণ পোৱা গৈছে।

মিলেটৰ গুণাগুণ

প্ৰাচীন প্ৰথাত মিলেটৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণেও ব্যৱহাৰ হৈ আহিছে। মিলেটে হজম শক্তি বৃদ্ধি কৰে, ভোক বৃদ্ধি কৰে, তেজত হোৱা মৌলৰ অভাৱ ৰোধ কৰে আৰু প্ৰসূতিৰ গাখীৰ বৃদ্ধি কৰে। চাউল আৰু ঘেঁহুৰ তুলনাত বেছি বেছি আঁহযুক্ত হোৱাৰ বাবে মিলেটে তেজত গ্লুক’জৰ পৰিমাণ হ্ৰাস কৰি মধুমেহ ৰোগৰ দৰৱৰ কাম কৰে আৰু লগতে হজম শক্তি নিয়ন্ত্ৰণ কৰে। ফলত মিলেট খালে বহু দেৰিলৈকে নোখোৱাকৈ থাকিব পাৰি।

এইবোৰৰ উপৰি মিলেট বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ উৎস। বিশেষকৈ মিলেটত প্ৰ’টিন, কেলছিয়াম, মেগনেছিয়াম, লৌহ পদাৰ্থ, জিংক, ভিটামিন B6, নিয়ামিন, ফলিক এচিড আদিৰ উৎকৃষ্ট উৎস।ইয়াত থকা লিগ্নানছ নামৰ পদাৰ্থই স্তনৰ কেঞ্চাৰ আৰু হৃদযন্ত্ৰৰ ৰোগো প্ৰতিৰোধ কৰে। চাউল আৰু মিলেটৰ পুষ্টিৰ তুলনা তলৰ তালিকাত অধিক স্পষ্ট হ’ব।

তালিকা ১- চাউল আৰু মিলেটৰ পুষ্টিগত তুলনা

পুষ্টিকাৰক পদাৰ্থ

চাউল

মিলেট

শক্তি

১৩০ কিলো কেল’ৰি

১৯  কিলো কেল’ৰি

প্ৰ’টিন

২.৬৯ গ্ৰাম

৩.৫১ গ্ৰাম

চৰ্বি

০.২৮ গ্ৰাম

১ গ্ৰাম

শৰ্কৰা

২৮.২  গ্ৰাম

২৩.৭ গ্ৰাম

আঁহ

০.৪  গ্ৰাম

০.৩  গ্ৰাম

ভিটামিন E

০.০৪ মিলিগ্ৰাম

০.০২  মিলিগ্ৰাম

ভিটামিন B6

০.০৯  মিলিগ্ৰাম

০.১  মিলিগ্ৰাম

কেলচিয়াম

১০  মিলিগ্ৰাম

৩  মিলিগ্ৰাম

লৌহ পদাৰ্থ

১.২  মিলিগ্ৰাম

০.৬৩  মিলিগ্ৰাম

জিংক

০.৪৯  মিলিগ্ৰাম

০.৯১  মিলিগ্ৰাম

ছ’ডিয়াম

১  মিলিগ্ৰাম

২  মিলিগ্ৰাম

মেগনেছিয়াম

১২  মিলিগ্ৰাম

৪৪  মিলিগ্ৰাম

ভিটামিন B12, A আৰু K

নাই

ক্ষুদ্ৰ পৰিমাণ

 

মিলেটৰ প্ৰকাৰঃ

সাধাৰণতে অনেক প্ৰকাৰৰ মিলেট আছে যদিও মূলতঃ ৭ প্ৰকাৰৰ মিলেট আছে।

 তালিকা ২- মিলেটৰ প্ৰকাৰ

ইংৰাজী নাম

সাধাৰণ নাম

অসমীয়া/বাঙালী নাম

পাৰ্ল মিলেট

বাজ্ৰা

বাজ্ৰা

ফক্সটেইল মিলেট

কাংগনি

কাওন

কোডো মিলেট

কোডেন

কোডো

লিটল মিলেট

কুটুকি

চামা

বাৰ্নয়াৰ্ড মিলেট

ঝাংগোৰা

শ্যামা

চৰ্ঘাম

জোৱাৰ

জোৱাৰ

ফিংগাৰ মিলেট

মুণ্ডুৱা

মাৰোৱা

প্ৰোচো মিলেট

চেনা

চেনা

 

বাজ্ৰাঃ

সকলো মিলেটৰ ভিতৰত বাজ্ৰা হ’ল বিশ্বজুৰি সবাতোকৈ বেছিকৈ খেতি কৰা খাদ্য শস্য। কাৰণ ইয়াৰ উৎপাদন আটাইতকৈ বেছি আৰু ইয়াত প্ৰ’টিনৰ পৰিমানো অইন মিলেটতকৈ বেছি (প্ৰায় ১৫%)। বাজ্ৰাৰ খেতি সাধাৰণতে খৰাং অঞ্চলত গ্ৰীষ্মকালীন আৰু শৰৎকালীন হিচাপে কৰা হয়। ইয়াৰ গুটি উৰালত খুন্দি উলিয়াব পাৰি। বাজ্ৰাৰ চাউল থলুৱা পানীয় বনোৱাৰ উপৰিও ইয়াক শিশুৰ বাবে লুথুৰী বনাবও পাৰি। ঘেহুঁৰ আটাৰ লগত ইয়াৰ আটা ৩০ শতাংশ লৈকে মিহলাই ৰুটি বনোৱাটো ইয়াক ব্যৱহাৰ কৰা হয়। বাজ্ৰা ঘাঁহ হিচাপেও উৎকৃষ্ট পশুখাদ্য। ইয়াক কেচাঁই, চাইলেজ বনাই বা খেৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

ৰাগি বা মাৰোৱাঃ

সকলোবোৰ মিলেটৰ ভিতৰত ৰাগিতেই আটাইতকৈ বেছি পৰিমাণে কেলচিয়াম থাকে। ৰাগিৰ খেতি ভাৰতৰ খৰাং অঞ্চলত বিস্তৰ এলেকাত কৰা হয়। ইয়াত আহঁৰ পৰিমান ১৫-২০%  আৰু খনিজাত দ্ৰব্যৰ পৰিমাণ ২.৫-৩.৫%। উচ্চ ৰক্তচাপ, এজমা, যকৃত আৰু হৃদযন্ত্ৰৰ সমস্যাৰ কাৰণে সেউজীয়া ৰাগি খাদ্য হিচাপে অনুমোদন কৰা হয়। প্ৰবল বৰষুণ হোৱা অঞ্চলত ইয়াৰ খেতি কৰা নহয়। সাধাৰণতে শুকান বতৰ ই ভাল পায়। অসমৰ কোকৰাঝাৰ, চিৰাং আদি জিলাত ইয়াৰ খেতি কৰা হয়। অৰুণাচল আৰু নাগালেণ্ডতো ইয়াৰ খেতি কৰা হয়। অসমত গ্ৰীষ্মকালীন ধানৰ দৰে ৰুই কৰিব পাৰি। ইয়াক আটাৰ লগত মিহলাই ৰুটি খালে মধূমেহ ৰোগৰ উপশম ঘটাই।

কাওনঃ

কাওন হ’ল মধূমেহ ৰোগৰ বাবে চাউলৰ পৰিবৰ্তে খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা মিলেট। শৰীৰত জমা হোৱা চৰ্বি কাওন খালে হজম হয়। ই হাড় আৰু মাংশপেশীৰ গঠনও সুঠাম কৰি ৰাখে। স্নায়ুতন্ত্ৰতো কাওনে ক্ৰিয়া কৰে আৰু আলজেইমাৰ জাতীয় ৰোগ প্ৰতিৰোধ কৰে। শৰীৰত কাওনে ৰোগ প্ৰতিৰোধ শক্তিও বৃদ্ধি কৰে। কাওনকে ধৰি মিলেটক চাউল হিচাপে ব্যৱহাৰ কৰিলে ৰন্ধাৰ আগতে ৩-৪ গুণ পানীত ৬ ঘণ্টামান তিয়াই ৰাখিব লাগে যাতে ইয়াৰ পুষ্টিবোৰ সহজলভ্য হয়। ভাৰতৰ অনেক ৰাজ্যত ই মূল খাদ্য হিচাপে ব্যৱহৃত হয়।

খৰাংপীড়িত অঞ্চলত ই এক বাৰিষা কৰা খেতি। অসমৰ কোকৰাঝাৰ, চিৰাং আদি জিলাত ইয়াৰ খেতি কৰা হয়। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বহুতো অঞ্চলত ইয়াৰ খেতি কৰা হয়।

চামা বা ক্ষুদ্ৰ মিলেটঃ

চামা হ’ল  আটাইতকৈ ক্ষুদ্ৰ মিলেট আৰু ভাৰতৰ বিভিন্ন ঠাইত ইয়াৰ খেতি কৰা হয়। সাধাৰণতে বাৰিষা কালত জুন-জুলাই মাহত ইয়াক সিঁচা হয়। চাউলৰ পৰিবৰ্তে ইয়াক ভাত হিচাপে ৰান্ধিব পাৰি। মিলেটৰ সকলো গুণ চামাতো আছে। অসমত ইয়াৰ খেতি তেনেকৈ কৰা নহয়।

জোৱাৰঃ

জোৱাৰ হ’ল বিশালভাৱে খেতি কৰা ভাৰতৰ এক খাদ্য শস্য। ইয়াকো খৰাং অঞ্চলত বেছিকৈ কৰা হয়। জোৱাৰ উৎপাদনত বিশ্বত ভাৰতৰ স্হান দ্বিতীয়। জোৱাৰে গৰম আৰু খৰাং পৰিস্হিতি সহ্য কৰিব পাৰে। মাটিত জীপৰ অভাৱ হ’লে ই নিশ্চুপ হৈ থাকি স্বাভাৱিক জীপ অৱস্হা পালে পুনৰ বাঢ়ে। বালিত বাহিৰে সকলো ধৰণৰ মাটিতে ইয়াৰ খেতি হয়। সাধাৰণতে ইয়াৰ খেতি গ্ৰীষ্মকালীন আৰু খাৰিফ শস্য হিচাপে কৰা হয়। জোৱাৰ ভিটামিন আৰু খনিজাত দ্ৰব্যৰে চহকী। যেনে ভিটামিন B, মেগনেছিয়াম, পটাছ, ফচফৰাচ, লেহি পদাৰ্থ আৰু জিঙ্ক। চাউলৰ পৰিবৰ্তে জোৱাৰও ভাত হিচাপে খাব পাৰি। ইয়াৰ আটা ৰুটি হিচাপে সমগ্ৰ দেশতে পোৱা যায়।

শ্যামাঃ

সকলো মিলেটতকৈ শ্যমাত আঁহ আৰু লৌহ পদাৰ্থ বেছি। ৰন্ধাৰ পিছত অকনমান এঠাল হয়। নৱৰাত্ৰিৰ কেইদিনত ইয়াৰ ব্যৱহাৰ খিছিৰি, উপমা, পোলাও আদি হিচাপেও খোৱা হয়। এণ্টি অক্সিজেনযুক্ত হোৱা কাৰণে হৃদযন্ত্ৰৰ স্বাস্হ্যৰ বাবে ইয়াৰ গুৰুত্ব অধিক। চৰ্বি আৰু মধূমেহ নিয়ন্ত্ৰনত শ্যামাই সহায় কৰে। খৰাং অঞ্চলৰ খেতি হিচাবেহে শ্যামা প্ৰতিষ্ঠিত খাদ্য শস্য। অসমৰ সেমেকা জলবায়ু শ্যামাৰ বাবে উপযোগী নহয়।

কোডোঃ 

কোডো মিলেটে কমকৈ গ্লুকোজ এৰি দিয়ে, গতিকে ঘেহুঁ-চাউলতকৈ ই মধূমেহ ৰোগীৰ বাবে উপকাৰী। গ্লু’টিন নাথাকে কাৰণে ই ক্ষুদ্ৰ অন্ত্ৰত হজম প্ৰতিক্ৰিয়াত সহায় কৰে। মধ্য আৰু দক্ষিন ভাৰতত কোডোৰ খেতি কৰা হয়। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত জুম খেতিত অন্যান্য মিলেটৰ লগতে কোডোৰ খেতিও বাৰিষা কালত কৰা হয়।

চেনা বা প্ৰোচো মিলেটঃ

ভাৰতত চেনাৰ খেতিও খাদ্য শস্য হিচাপে কৰা হয়। কম দিনীয়া (৬০-৭০ দিন) হোৱা বাবে ই খৰাং পৰিস্হিতি এৰাই চলিব পাৰে। সেই কাৰণে অল্পবৃষ্টি হোৱা অঞ্চলত ই এক উৎকৃষ্ট খাদ্য শস্য। মৌচুমীৰ আৰম্ভ হোৱাৰ সময়ত ইয়াক সিঁচা হয়। বিহাৰ, উত্তৰপ্ৰদেশত প্ৰাকমৌচুমী বৰষুণৰ সময়ত এপ্ৰিল মে মাহত সিঁচা হয়। অইন মিলেটৰ দৰে চেনাতও খনিজ পদাৰ্থ, আহঁ, ভিটামিন, প্ৰ’টিন আদিৰ উৎকৃষ্ট উৎস। ই স্নায়ুতন্ত্ৰ, তেজৰ চৰ্বি আৰু হৃদযন্ত্ৰৰ কাৰণে উপকাৰী।

বৰ্তমান সময়ত ক্ৰমাগতভাৱে আহঁযুক্ত আৰু পুষ্টিযুক্ত খাদ্য শস্যৰ গুৰুত্ব বাঢ়ি আহিছে। যিহেতু খাদ্যত ভাত বা ৰুটিহে বেছিকৈ খোৱা হয়, সামান্য পৰিমাণকৈ থাকিলেও সমূদায় হিচাপে বেছি পৰিমাণে পুষ্টি খোৱা হয়। জীৱন শৈলীৰ পৰিবৰ্তনেও সৃষ্টি কৰা উচ্চ ৰক্তচাপ, মধূমেহ, হৃদযন্ত্ৰৰ সমস্যা, বৃক্কৰ সমস্যা আদিৰ বৰ্ধিত হাৰৰ পৰিপেক্ষিতত মিলেটৰ গুৰুত্ব বিশ্বজুৰি বৃদ্ধি হোৱাৰ কাৰণে আন্তৰ্জাতিক মিলেট বৰ্ষ উদযাপন সময়োচিত পদক্ষেপ।

লগতে পঢ়কঃ সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২ ৰ দ্বিতীয় দিনটোৰ কিছু শ্নেপশ্ব’ট

লেখক- ড০ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য্য

English Summary: International Millet Year 2022 Update
Published on: 19 December 2022, 03:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now