1. News

AAUত খাদ্য সুৰক্ষা আৰু পৰিৱেশ বহনক্ষমতা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
International Conference on Food Security and Environmental Sustainability at AAU
International Conference on Food Security and Environmental Sustainability at AAU

যোৰহাট : তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত   "খাদ্য সুৰক্ষা আৰু পৰিৱেশ বহনক্ষমতাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ প্ৰস্তুতি" শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন। অসম ধান গৱেষণা প্ৰতিষ্ঠানটোৰ শতবাৰ্ষিকী উপলক্ষে গ্ৰহণ কৰা বছৰজোৰা কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত কৰা হয় এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন।

অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত হয়। দেশ বিদেশৰ পাঁচ শতাধিক প্ৰসিদ্ধ কৃষি বিজ্ঞানীয়ে অংশগ্ৰহণ কৰা এই সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্ধোধন কৰে ভাৰত চৰকাৰৰ উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইনৰ চেয়াৰমেন ত্ৰিলোচন মহাপাত্ৰই ।

ভাষণ প্ৰসংগত তেওঁ খাদ্য সম্পদৰ সুব্যৱহাৰৰ জৰিয়তে বহনক্ষম খাদ্য ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত , নৰৱেৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন কেন্দ্ৰৰ সঞ্চালক ড: উদয় শেখৰ নাগাঠু, নতুন দিল্লীস্থ নৰৱে এম্বেছীৰ জলবায়ু আৰু পৰিবেশ কাউন্সিলৰ বিটে লাঙ্গছেট, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ ড: ৰেবে য়াহায়া উপস্থিত থাকে।

এই অনুষ্ঠানতে সন্মিলন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থৰ লগতে ধানখেতি বিষয়ক তিনিখন গ্ৰন্থও উন্মোচন কৰা হ'য় । অধিবেশনৰ অধ্যক্ষতা কৰে অসম কৃষি বিশ্ববিদ্যালয় উপাচাৰ্য্য ডঃ বিদ্যুৎ চন্দন ডেকাই।

লগতে পঢ়ক- 

Workshop : IRRI ৰ উদ্যোগত গুৱাহাটীত বীজ উৎপাদন সন্দৰ্ভত কৰ্মশালা

English Summary: International Conference on Food Security and Environmental Sustainability at AAU

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.