Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 November, 2022 3:44 PM IST

প্ৰকাশ পালে সংযুক্ত ৰাষ্ট্ৰৰ 'বিশ্ব জনসংখ্যা ২০২২ প্ৰতিবেদন' । ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদন অনুসৰি  দ্ৰুতগতিত বৃদ্ধি পাইছে পাইছে পৃথিবীৰ জনসংখ্যা। বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কভিড-১৯ সংহাৰৰ পাছতো জনসংখ্যাই ৮ বিলিয়ন স্পৰ্শ কৰিবলৈ ওলোৱাটো এক চিন্তনীয় বিষয় বিষয় বুলি উল্লেখ কৰিছে প্ৰতিবেদনখনত। সমীক্ষা মতে, আগন্তুক ১৫ নৱেম্বৰত এই পৃথিৱীত জনসংখ্যাই ৮০০ কোটি অতিক্রম কৰিব। উল্লেখ্য যে ১৯৫০ চনত বিশ্বৰ জনসংখ্যা আছিল ২৫০ কোটি। এই ৭২ বছৰত পৃথিৱীৰ জনসংখ্যা তিনিগুণ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে বিভিন্ন দেশত জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্ৰাস পাইছে যদিও পৃথিৱীৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে।

দিনক দিনে বৃদ্ধি পাই অহা জনসংখ্যাৰ ফলত সৃষ্টি হোৱা সকলো সমস্যাক যেন সম্পূৰ্ণৰূপে আওকাণ কৰিছে বিশ্ববাসীয়ে । আনহাতে, একেই প্ৰতিবেদনে প্ৰকাশ কৰা অনুসৰি ২০৩০ চনলৈ এই জনসংখ্যা বৃদ্ধি হৈ হ'বগৈ ৮.৫ বিলিয়ন আৰু ২০৫০ লৈ ৯.৭ বিলিয়নলৈ ।

লগতে পঢ়ক- 

আহক জানো- সহজে বিশেষ মূলধন নোহোৱাকৈ কিদৰে প্ৰস্তত কৰিব পাৰি আচাৰ আৰু ইয়াৰ ব্যৱসায়

উদ্বেগজনক ভাৱে, প্ৰতিবেদন খনে প্ৰকাশ কৰা অনুসৰি, আগন্তুক ২০২৩ বৰ্ষত ভাৰতৰ জনসংখ্যাই চীনক অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । তেনেস্থলত, বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ ৰূপে পৰিগণিত হ'ব ভাৰতবৰ্ষ । উল্লেখ্য যে, ভাৰতৰ বৰ্তমানৰ জনসংখ্যা ১.৩৯ বিলিয়ন আৰু চীনৰ বৰ্তমানৰ জনসংখ্যা ১.৪১ বিলিয়ন । অৰ্থাৎ প্ৰায় ২০ লক্ষাধিক লোকৰ তফাৎত সকলোতকৈ আগত আছে চীন।

স্মৰ্তব্য যে, ইতিমধ্যেই জনসংখ্যাৰ বোজাত কোঙা হৈ যোৱা ভাৰত হৈছে উন্নয়ণশীল ৰাষ্ট্ৰ । তেনেস্থলত বৰ্ধিত জনসংখ্যাই সঘনাই সংকটৰ সৃষ্টি কৰা অহা ভাৰতে আনু ২০ লক্ষাধিক লোকৰ বোজা বহন কৰিব পাৰিব নে ? এই প্ৰশ্ন কেৱল জনসাধাৰণৰ বাবেই নহয় বৰং চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা অহা বিদেশীক অনায়সে নাগৰিকত্ব প্ৰদান কৰা চৰকাৰৰ বাবেও ।

লগতে পঢ়ক- 

এৰীপলুৰ সূতা আৰু আৰু লেটাৰ পৰা নতুনকৈ প্ৰস্তুত কৰা কেইবিধামান সামগ্ৰী

English Summary: India VS China
Published on: 13 November 2022, 03:44 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now