
অৱসৰপ্ৰাপ্ত চাকৰিয়ালসকলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। দীৰ্ঘদিনে অৱসৰপ্ৰাপ্ত ব্যক্তিসকলে পেঞ্চন লাভৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল। কিন্তু এতিয়াৰ পৰা আৰু এই সমস্যা নাথাকিব। কাৰণ শুকুৰবাৰে অসমৰ ২৭ খন জিলাত ২৭টা পেঞ্চন সেৱা কেন্দ্ৰৰ উদ্বোধন কৰিছে ৰাজ্য চৰকাৰখনে। ৰাজ্যৰ পেঞ্চনাৰসকলে নিজৰ নিজৰ জিলাত এই সেৱা কেন্দ্ৰসমূহৰ জৰিয়তে সেৱা লাভ কৰিব পাৰিব আৰু এই সেৱাৰ দ্বাৰা পেঞ্চন লাভৰ প্ৰক্ৰিয়া সৰলীকৃত হ'ব। এই সন্দৰ্ভত গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলাৰ কেন্দ্ৰটি উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰে পৰা আৰু পেঞ্চন পোৱাৰ ক্ষেত্রত থকা পূৰ্বৰ জটিলতা নোহোৱা হ'ব। কোনো কাৰ্যালয়ে কাৰ্যালয়ে এতিয়াৰে পৰা দৌৰিব নালাগে।
সকলো কাম প'ৰ্টেলৰ দ্বাৰা সেৱা কেন্দ্ৰৰ যোগেদি হ'ব । সভাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ২ অক্টোবৰৰ পৰা অসম সচিবালয় সম্পূৰ্ণৰূপে পেপাৰমুক্ত হৈ পৰিব । সকলো কাম অনলাইন ব্যৱস্থাৰে হ'ব । উদ্বোধনী অনুষ্ঠানটোতে লিংগ বৈষম্য দূৰ কৰাৰ বাবে ল'ৰা আৰু ছোৱালীৰ পৃথকে পৃথকে বিদ্যালয় নাথাকিব বুলি মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে । মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠানত বিধায়ক তথা এমট্ৰ'নৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক অতুল বৰা, ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ অধ্যক্ষ ৰমেন ডেকা, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ প্ৰধান সচিব অৰ্চনা বাৰ্মা আৰু জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত থাকে।

ইফালে তিনিচুকীয়া জিলাত স্থাপন কৰা "পেঞ্চন সেৱা কেন্দ্ৰ"টো উদ্বোধন কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কয় - “মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ চৰকাৰখনে প্ৰশাসনিক সংস্কাৰৰ বাবে বহুতো কাৰ্যব্যৱস্থা হাতত লৈছে। সকলোধৰণৰ কাম-কাজ খৰতকীয়া হোৱাৰ লগতে কোনো নাগৰিকে যাতে নিজৰ প্ৰাপ্য লাভৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন নোহোৱাকৈ বিনাদ্বিধাই এই সেৱাসমূহ লাভ কৰিব পাৰে, সেই উদ্দেশ্যে আমাৰ চৰকাৰখনে আধুনিক, ডিজিটেল তথা তথ্য-প্ৰযুক্তি ব্যৱস্থাৰ আৰম্ভ কৰিছে। মই নিশ্চিত- এই কেন্দ্ৰই পেঞ্চনাৰসকলক বিশেষভাৱে উপকৃত কৰিব। দিছপুৰ অথবা সংশ্লিষ্ট বিভাগসমূহৰ বিভিন্ন কাৰ্যালয়ৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিবলগীয়া নোহোৱাকৈ এই কেন্দ্ৰই পেঞ্চনাৰসকলক ক্ষিপ্ৰ সুবিধা প্ৰদানত বিশেষ ভূমিকা পালন কৰিব।’’

অনুষ্ঠানত উপস্থিত থাকে মন্ত্রী সঞ্জয় কিষাণ, বলীন চেতিয়া, সুৰেন ফুকন, ৰূপেশ গোৱালা, জিলা উপায়ুক্ত নৰসিং পাৱাৰ প্ৰমুখ্যে অতিৰিক্ত উপায়ুক্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, পেঞ্চনাৰসকল আৰু শিক্ষকসকল।
লগতে পঢ়ক- e – KYC নকৰিলে প্ৰকৃত কৃষক হ’লেও আপুনি লাভ নকৰিব ধন!
Share your comments