Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 November, 2022 12:49 PM IST

বন্য ৰেচমৰ মাজত সম্পূৰ্ণৰূপে ঘৰৰ ভিতৰত প্ৰতিপালন কৰা একমাত্ৰ ৰেচম হৈছে এৰী পলু। বীজ উৎপাদন হৈছে ৰেচম শিল্পৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। এৰী ৰেচম বহুবৰ্ষী আৰু এবছৰত ৪-৫ টা বাঁহ পুহিব পাৰি। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ ৰেচম পালক সকলে গোটেই বছৰটো এৰীপলু পালন কৰে। এৰী ৰেচমৰ অন্যান্য ৰেচম পলুৰ  তুলনাত  ৰোগপ্ৰতিৰোধ ক্ষমতা বেছি। পৰম্পৰাগত এৰী পালকসকলে ৰোগ মুক্ত বীজ উৎপাদনত কম গুৰুত্ব দিয়ে যাৰ ফলত মাজে মাজে পলু বাঁহৰ ক্ষতি হয় বা কম উৎপাদন হয়। কণী উৎপাদনৰ বিভিন্ন পৰ্যায়ত বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰি উন্নত মানৰ বীজ উৎপাদনৰ ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ।  এৰী বীজ উৎপাদন সকলো ঋতুতে একেই নহয়।

চকৰী

বিশেষকৈ, প্ৰতিকূল বতৰৰ স্থিতিৰ বাবে গ্ৰীষ্মকাল বীজ উৎপাদনৰ বাবে উপযুক্ত নহয়। ৰেচমকীটৰ ভ্ৰূণবিকাশৰ পৰ্যায়, পাৰিপাৰ্শ্বিক পৰিৱেশৰ অৰ্থাৎ উষ্ণতা, আৰ্দ্ৰতা আদিৰ প্ৰতি অতি সংবেদনশীল আৰু গুণগত মানদণ্ডৰ বীজৰ উৎপাদন  সঁচৰ খোলাৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হয়। গতিকে উন্নত মানদণ্ডৰ সঁচৰ খোলা, উপযুক্ত সঁচ উৎপাদন গৃহ, অনুকূল উষ্ণতা আৰু আৰ্দ্ৰতা, উন্নত উৎপাদন প্ৰযুক্তি, দক্ষ শ্ৰমিক হৈছে উচ্চ মানৰ এৰী বীজ উৎপাদনৰ মাপকাঠি। এৰী ৰেচম পলুৰ সঁচ উৎপাদনৰ প্ৰথম আৰু মুখ্য পদক্ষেপ হৈছে, উৎপাদনগৃহ অথবা কক্ষ আৰু সঁজুলিৰ বীজাণুমুক্তকৰণ। উৎপাদনগৃহ নিম্নতম পাঁচ দিন আগতে বন্ধ কৰিব লাগে। বেৰ আৰু অন্যান্য ডাঙৰ সঁজুলিবোৰ ৫% ব্লিচিং পাউডাৰ দ্ৰৱণেৰে ভালকৈ ধুই ল'ব লাগে। সৰু সঁজুলিবোৰ ৫% ব্লিচিং পাউডাৰ দ্ৰৱণত ডুবাই ধুলে ভাল। ৫% ব্লিচিং দ্ৰৱণ স্প্ৰে কৰি আৰু ঘৰটো ২৪ ঘণ্টাৰ বাবে বন্ধ ৰাখিব লাগে। বীজাণুমুক্ত কৰোতে বীজাণুমুক্তকৰণ মাস্ক, এপ্ৰন আৰু হাতমোজা ব্যৱহাৰ কৰিব। সঁচৰ খোলাবিলাক গৃহলৈ নিয়াৰ আগতে বীজাণুমুক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা উচিত।

এৰী পলুৰ কণী

সঁচৰ খোলা নিৰ্বাচন:

খোলা উৎপাদনৰ পিছত, সফল পলু পালনৰ  বাবে সঁচৰ খোলাৰ সঠিক বাছনি কৰিব লাগে। কেৱল সুগঢ়িত আৰু পূৰঠ খোলা বাছনি কৰিব লাগে। নিম্নতম ০.৪ গ্ৰাম খোলাৰ ওজন আৰু নিম্নতম ২.৩ গ্ৰাম লেটাৰ ওজনৰ সৈতে সঁচৰ খোলাবোৰ ভাল। এই সঁচৰ খোলাৰ সঠিক ভাৱে ৰখাতো সফল পলু পালনৰ মাপকাঠি। চকৰা চকৰী ওলাবলৈ সহজ কৰাৰ বাবে চকৰী পেৰাত মাত্ৰ এটা স্তৰত খোলা বোৰ ৰাখিব লাগে।

সঁচ নিৰ্বাচন:

এৰীপলু পালনৰ বাবে বৰদুৱাৰ, তিতাবৰ, ডিফু আদিৰ দৰে স্থানীয় প্ৰজাতিৰ উচ্চ উৎপাদনশীল সঁচৰ খোলা ব্যৱহাৰ কৰা উচিত। বৰ্তমান এৰী ৰেচম পলুৰ সংকৰ প্ৰজাতি হিচাপে কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ দ্বাৰা এটা নতুন ব্ৰীড ছি-2 অনুমোদন কৰা হৈছে আৰু কৃষকৰ মাজত জনপ্ৰিয় ব ধৰিছে।ইয়াৰ উপৰিও এৰী ৰেচম পলুৰ নৱতম সংকৰ প্ৰজাতি (YZx GBS)  আৰু GBS x GBZ প্ৰকাৰৰ সংকৰ অধিক খোলা উৎপাদনৰ বাবে শেষ স্তৰৰ গৱেষণা কৰি থকা হৈছে।

লগতে পঢ়ক- 

এবিঘা মাটিত এৰাগছ বা কেছেৰু গছ ৰুলে কিদৰে লাভ কৰিব বছৰি ১ লাখ টকা

এৰী পলুৰ খোলা

 পৰিবেশ:

গৃহৰ তাপমাত্ৰা ২৬-২৮°চেণ্টিগ্ৰেড আৰু আপেক্ষিক আৰ্দ্ৰতা  প্ৰায় ৮০-৮৫% ৰ মাজত বাহাল ৰাখিলে সুফল পাব পাৰি। সফল উৎপাদনৰ বাবে চকৰা আৰু চকৰীৰ সঠিক যোৰা পতাৰ প্ৰয়োজন।

চকৰী জগা:

চকৰী জগা ৰাতিপুৱাৰ সময়ত আৰম্ভ হৈ আৰু সন্ধিয়াৰ সময়লৈকে থাকে।  চকৰা চকৰীক  ৮-১০ ঘণ্টাৰ বাবে সংগম হ'বলৈ দিব লাগে। ৰাতিপুৱা স্বাস্থ্যৱান, সুগঢ়ি চকৰী বিলাকক চুটি কপাহৰ সূতাৰে খৰিকাত বান্ধি দিব লাগে। 

মথ পৰীক্ষা:

খৰিকা বিলাক ৬-৮ ইঞ্চি দূৰত্বত এটা শীতল ছায়াযুক্ত ঠাইত ওলোমাই ৰাখিব লাগে। প্ৰথম তিনিদিনত দিয়া কণীবোৰ পোহাৰ বাবে ব্যৱহাৰ কৰা হয়। নিৰোগী কণী প্ৰস্তুত কৰাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।  সঁচ উৎপাদনৰ বাবে চকৰী খুন্দা যতনত ১:৪ অনুপাতত ০.৫% পটাছিয়াম হাইড্ৰক্সাইডৰ সৈতে গুৰি কৰাৰ পিছত প্ৰতিটো চকৰী অনুবীক্ষণ যন্ত্ৰত পৰীক্ষা কৰিব লাগে । মূল সঁচ উৎপাদন বাবে উন্নত চেন্ট্ৰিফিউজ পদ্ধতি অনুসৰণ কৰা হয়। ফুটুকা বেমাৰ থকা আৰু  বিকল চকৰী বিলাক জ্বলাই পেলাব লাগে। ৰোগমুক্ত নিৰোগী কণীবোৰ ০.২% ফৰ্মেলিনত ডুবাই পানীত ধোৱা হয়।  

সঁচৰ যোগান:

ধোৱা কণীবোৰ সম্ভৱ হ'লে ফেনৰ সহায়ত বতাহত আৰু ছাঁত শুকুৱাই যোগান দিয়া হয় আৰু বতাহ চলাচল কৰা কোমল জালি কাপোৰৰ দ্বাৰা গঠিত কণীৰ বাকচত ৰখা হয় । এই কনীৰ সঁচ বিলাক বিভিন্ন ঠাইলৈ ‌সাৱধানতা অৱলম্বন কৰি যোগান ধৰা হয় ।

অৰ্থনৈতিক লাভালাভ:

প্রাক খোলা পৰ্যায়ত পলুৰ সঁচ উৎপাদন কৰি অধিক লাভজনক ব্যৱসায় কৰিব পাৰি । চৰকাৰী আঁচনি বিলাকত প্ৰায়েই সঁচৰ প্ৰয়োজন হয় । ইয়াৰ উপৰি ৰেচম পালকৰ মাজত সঁচৰ চাহিদা বৰ বেছি । সঁচৰ অভাৱত বহুতো পালকে পলু পুহিব নোৱাৰে। এই পৰিপ্ৰেক্ষিতত সঁচ উৎপাদন কৰি সফল ব্যৱসায় কৰিব পাৰি। এজনী চকৰী অৰ্থাৎ আধা গ্ৰাম কনীৰ দাম ৫ টকা ।‌ ইয়াৰ ভিত্তিত মাত্র ১০ হাজাৰ চকৰীৰ নিৰোগী কণী বিক্ৰি ৫০ হাজাৰ টকালৈকে  উপাৰ্জন কৰিব পাৰি । এই মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হয় ।

লেখক- মৃদুল চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত জ্যোষ্ঠ বিজ্ঞানী, কেন্দ্ৰীয় ৰেচম ব'ৰ্ড

লগতে পঢ়ক- 

এৰীপলুৰ সূতা আৰু আৰু লেটাৰ পৰা প্ৰস্তুত কৰা কেইবিধামান সামগ্ৰী

English Summary: Improved seedling production methods of Erie larvae
Published on: 14 November 2022, 10:58 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now