1. News

পাঞ্জাৱত আজিৰে পৰা কৃষি মেলা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Kishan Mela, Punjab
Kishan Mela, Punjab

পাঞ্জাৱত আজিৰে পৰা কৃষি মেলা। দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই কৃষি মেলা। কৃষিৰ প্ৰতি যুৱক-যুৱতীক আকৰ্ষিত কৰা আৰু আৰু প্ৰাকৃতিক সম্পদক ৰক্ষা কৰা কৰি পঞ্জাৱক পুনঃনিৰ্মাণ কৰা। কৃষি মেলাখনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।

অনুষ্ঠানটোৰ আয়োজক সমিতিৰ বিষয়ববীয়া তথা পঞ্জাৱ কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য  ড০ সাতবীৰ সিং গোছালে কৃষাণ মেলা সন্দৰ্ভত কয়- কৃষাণ মেলাৰ জৰিয়তে কৃষকসকলে নতুন প্ৰযুক্তিৰ সৈতে পৰিচিত হ’ব আৰু প্ৰশ্ন-উত্তৰ শিতানত কৃষকৰ সমস্যাসমূহ মুকলিকৈ উপস্থাপন কৰিব পাৰিব আৰু এই সসম্যাসমূহ সন্দৰ্ভত আলোচনা কৰা হ’ব।”

সম্প্ৰসাৰণ শিক্ষাৰ সঞ্চালক ড০ অশোক কুমাৰে কয়, “কৃষক, কৃষি মহিলা আৰু যুৱক-যুৱতীসকলক বৈজ্ঞানিক আৰু কাৰিকৰী জ্ঞান লাভ কৰিব পৰাকৈ বিভিন্ন বিভাগে ষ্টল স্থাপন কৰিব।” কৃষাণ মেলাত শিক্ষাৰ্থীসকলৰ উদ্দেশ্য কৃষি, উদ্যান শস্য, কৃষি অভিযান্ত্ৰিক আৰু প্ৰচেছিং, ​​নবীকৰণযোগ্য শক্তি প্ৰযুক্তি আৰু সামূহিক বিজ্ঞানৰ ষ্টল স্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে।

অনুষ্ঠানটোত মুখ্যমন্ত্রী ভগৱন্ত মান মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বিপৰীতে গ্ৰামোন্নয়ন আৰু পঞ্চায়ত, প্ৰবাসী পৰিক্ৰমা, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী কুলদীপ সিং ধলিৱাল, পশুপালন, মীন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰী লালজিৎ সিং ভুল্লাৰে অতিথি হিচাপে উপস্থিত থাকিব।

লগতে পঢ়ক- প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন ক্ষিপ্ৰতাৰে প্ৰদান কৰাৰ চেষ্টা

English Summary: punjab kisan mela

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.