
ৰাজ্যজুৰি কৃষি বিভাগৰ উদ্যোগত অব্যাহত আছে "বৰো ধান চপোৱা উৎসৱ" (Grand Harvest of Bodo paddy)। ধান ৰোপন কৰোতে এইবাৰ বেছি সংখ্যক কৃষকে যিদৰে মেছিনৰ সহায়ত ধান ৰোপন কৰিছিল একেদৰে ধান চপাবলৈয়ো কৃষকসকলে ধান কটা মেচিনৰ ব্যৱহাৰ কৰিছে কৃষকসকলে।

সোমবাৰে মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ উদ্যোগত আৰু এপাৰ্টৰ অধীনত তথা আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান (IRRI)ৰ তত্ত্বাৱধানত জিলাখনৰ ভূৰবন্ধাৰ অধীনৰ বৰচলাত "বৰো ধান চপোৱা উৎসৱ" (Grand Harvest of Bodo paddy) অনুষ্ঠিত কৰা হয়।
লগতে পঢ়ক-
Zero tillage : ধান কটাৰ পাছতে খালি হৈ পৰা পথাৰত এই পদ্ধতিৰে কৰক খেতি

আদৰ্শ কৃষক গোবিন্দ ডেকাৰ পথাৰত বৰো ধান চপোৱা এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰাঞ্জল বৰুৱাই। পথাৰত তেখেতে নিজেই আধুনিক কৃষিযন্ত্ৰ 'কম্বাইন হাৰ্ভেষ্টাৰ' চলাই ধান কাটি কৃষকসকলকো উৎসাহিত কৰে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত পোহৰ এগ্ৰ' ফাৰ্মাচ প্ৰডিউচাৰ কোম্পানীৰ প্ৰেক্ষাগৃহত কৃষক ৰাইজৰ সৈতে আধুনিক কৃষি পদ্ধতি, কৃষকৰ আয় দুগুণ বৃদ্ধি, খেতিত আধুনিক কৃষিযন্ত্ৰৰ ব্যৱহাৰ, উন্নত প্ৰজাতিৰ বীজৰ ব্যৱহাৰ আদিৰ বিষয়ত এক মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়।
লগতে পঢ়ক-
Share your comments