1. News

চৰকাৰে পূৰ্বতকৈ বৃদ্ধি কৰিছে MSP, প্ৰতি কুইন্টল ধানৰ মূল্য ২৩০০ টকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR

গোৱালপাৰা জিলাত বিগত বৰ্ষৰ দৰে এইবাৰো ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যুনতম সমৰ্থন মূল্যত ( MSP= Minimum Support Price) ধান ক্ৰয় কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসম চৰকাৰৰ কৃষি বিভাগৰ তত্বাবধানত ০১-১১-২০২৪ তাৰিখৰ পৰা কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ ( Paddy Procurement Certificate ) বিতৰণ কৰি থকা হৈছে। এই প্ৰমাণ পত্ৰ কৃষকসকলে সংশ্লিষ্ট এলেকাৰ কৃষি উন্নয়ন বিষয়াৰ (ADO) ৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

গোৱালপাৰা জিলাত কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰাৰ বাবে গোৱালপাৰাৰ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী সভাপতিত্বত আজি এখন সভা অনুষ্ঠিত হয়। সভাখনত জিলা উন্নয়ন আয়ুক্ত ৰঞ্জিত কোঁ‌ৱৰ, অতিৰিক্ত জিলা আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্ম, সহকাৰী আয়ুক্ত ৰিষিৰাজ দাসকে আদি কৰি জিলাখনৰ কৃষি বিভাগৰ বিষয়াসকল, খাদ্য , ৰাজহুৱা যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, সমবায় বিভাগ আদিৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। গোৱালপাৰাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা গৃহত অনুষ্ঠিত সভাখনত ধান ক্ৰয় কৰা এজেন্সি বিলাকৰ প্ৰতিনিধি আৰু 'ধান কল' ( Rice Mill ) ৰ স্বত্বাধিকাৰীসকলো উপস্থিত থাকে।

যোৱা বছৰ ধানৰ ন্যুনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ২১৮৩/- টকা আৰু প্ৰতি মোনত ৮৭৩/- টকা আছিল। এইবাৰ সেই মূল্য (MSP) চৰকাৰে বৃদ্ধি কৰি প্ৰতি কুইণ্টল ধানৰ ন্যুনতম সমৰ্থন মূল্য ২৩০০/- টকা আৰু প্ৰতি মোনৰ মূল্য ৯২০ /- টকালৈ বৃদ্ধি কৰিছে। এইবাৰ অসম চৰকাৰে ন্যুনতম সমৰ্থন মূল্যৰে ধান ক্ৰয় কৰাৰ বাবে গোৱালপাৰা জিলাক মুঠ ১৭,০০০ কুইণ্টল লক্ষ্য বান্ধি দিছে। সেই অনুসাৰে গোৱালপাৰা জিলা প্ৰশাসনৰ তত্বাবধানত জিলাখনৰ ছটা স্থানত ধান ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে। ১) জলেশ্বৰ -( ওৱাহিদুল হক আহমেদ) ফোন- ৮৪৭৪০৫৫০৮৭, ২) লক্ষীপুৰ- ওৱাহিদুল হক আহমেদ ( ৮৪৭৪০৫৫০৮৭) আৰু প্ৰীতম গোস্বামী (৯৭০৬৬৩৯৬৪৭), ৩) গোৱালপাৰা ( ভালুকডুবি) মতি বৰ্মন ( ৮৮০৬৯৭৬৭৮১), ৪) কৃষ্ণাই - ধ্ৰুৱ চন্দ্ৰ দাস (৬০০১৩৭৭৫৯৫), ৫) মাটিয়া (ডুবাপাৰা বজাৰ) - ধ্ৰুৱ চন্দ্ৰ দাস (৬০০১৩৭৭৫৯৫), ৬) ৰংজুলি - ৰাজু দাস ( ৮৬৩৮৭৪৩৩৬১)।

কৃষকসকলে ন্যুনতম সমৰ্থন মূল্যত ধান বিক্ৰি কৰাৰ বাবে কৃষি চক্ৰ অনুসৰি গোৱালপাৰাৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰিব । কৃষি চক্ৰ অনুসৰি কৃষি উন্নয়ন বিষয়াসকলৰ নাম আৰু ফোন নম্বৰ - ১) জলেশ্বৰ = দেৱাশীষ শইকীয়া – ৮৬৩৮৬৯৩৫৮০, ২) চুনাৰী = দেৱাশীষ শইকীয়া – ৮৬৩৮৬৯৩৫৮০, ৩) লক্ষীপুৰ= যৱনিকা হাজৰিকা ( ৮৭২৪৯৫০৯৮৬), ৪) আগিয়া= প্ৰিয়া বৰুৱা ( ৬০০২২০৬২৯৩), ৫) ঝুনকাইপাৰা = মজামিল হক – ৯৯৫৭৬২২০৯৩, ৬) বৰদামাল= সাক্ষী সিনহা (৮৪০৩০৯৪১৪), ৭) কৃষ্ণাই= বিপুল কুমাৰ নাথ (৯০৮৫৫৬২০২৮), ৮) দুধনৈ = অভিনাশ পাটগিৰি (৮০১১১১২৫৩৫), ৯) মাটিয়া = প্ৰিয়াংকা দাস (৭০০২৯৬২৭০৬), ১০) ডুবাপাৰা= কৰ্ণিকা গগৈ (৮১৩৫৮৫৮৫৭৭), ১১) ৰংজুলি= পলাশ লোচন বৰঠাকুৰ (৯১০১২৫৫৫৮৪), ১২) বিকালি= পলাশ লোচন বৰঠাকুৰ (৯১০১২৫৫৫৮৪)।

লগতে পঢ়ক- 

১-৩ ডিচেম্বৰলৈ নতুন দিল্লীত Millionaire Farmers of India Award 2024

English Summary: Government starts procurement of paddy at Minimum Support Price (MSP) in Goalpara

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.