 
            দক্ষিণ-পূব ইউৰোপ, কছোভোত কাম কৰিবলৈ আগ্ৰহী ভাৰতীয় ব্যৱসায়ীসকলৰ বাবে এটা ভাল খবৰ, কিয়নো এতিয়া ৰাজধানীৰ মাজভাগত ইয়াৰ প্ৰথম অৰ্থ-বাণিজ্যিক কাৰ্যালয় মুকলি কৰা হৈছে। নিশ্চিতভাৱে, ই কেৱল অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰাই নহয়, ভাৰত আৰু কছোভোৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত সহায় কৰিব। এই সন্দৰ্ভত ভাৰত-কছোভো অৰ্থ-বাণিজ্যিক কাৰ্যালয়ৰ সঞ্চালক প্ৰধান পায়েল কানোদিয়া আৰু কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক, তথা মুখ্য সম্পাদক এম চি ডমিনিকৰ মাজত বুজাবুজিচুক্তি স্বাক্ষৰিত হয়।
বুজাবুজি চুক্তি অনুসৰি অৰ্থনৈতিক সহযোগিতাৰ প্ৰসাৰত দুয়োখন দেশে দুয়োখন দেশৰ কৃষিৰ ক্ষেত্ৰখনত সহযোগিতা আগবঢ়াব। এই সন্দৰ্ভত পায়াল কানোডিয়াই কয় যে, “মই অতিশয় উৎসাহিত কাৰণ দুয়োখনৰ মাজত এই চুক্তিয়ে সম্ভাৱনা কঢ়িয়াই আনিব। ভাৰতৰ ব্যৱসায়ীসকলে কক’ছ’ভ’ত ব্যৱসায় কৰি আমাক উপকাৰ আৰু তেওঁলোকে লাভৱান হোৱাৰ স্থল আছে। ময়ো লক্ষ্য ক’ছ’ভীয়ানসকলেও ভাৰতবৰ্ষলৈ লাভ হোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে ভাৰতীয়সকলৰ লগত ক’ছ’ভ’সকলৰ বৰ বেছি চিনা-জনা হোৱা নাই। ক’ছ’ভ’ৰ লগত সম্বন্ধ স্থাপন কৰাৰ পাছত উপলব্ধি কৰিব পৰ্যটন, খনন, কৃষি, ৰিয়েল এষ্টেট, আৰু অন্যান্য বিভিন্ন খণ্ডত আচৰিত ধৰণৰ সুযোগ আছে।
লগতে পঢ়ক-
শংকৰদেৱ জৈৱিক কৃষি ফাৰ্ম পৰিদৰ্শন কৰি উৎফুল্লিত মন্ত্ৰী অতুল বৰা
 
    এই সম্পৰ্কক শক্তিশালী কৰাৰ ক্ষেত্ৰত কৃষি উদ্যোগে কি ভূমিকা ল’ব পাৰে সেই বিষয়ে সোধাত তেওঁ কয় যে, “কৃষি ভাৰতৰ মেৰুদণ্ড আৰু ক’ছ’ভ’ৰ বাবেও তেনেকুৱাই। আমাৰ প্ৰয়োজনীয়তা নিত্য বাঢ়ি গৈ আছে। নিঃসন্দেহে এই চুক্তিয়ে দুয়োখন দেশৰ এই চুক্তিয়ে কৃষিখণ্ডত যোগাত্মক প্ৰভাৱ পেলাব।
অনুষ্ঠানতে ভাৰতীয় অৰ্থনৈতিক বাণিজ্য সংস্থাৰ সভাপতি ড০ আছিফ ইকবালে কয় “ক’ছ’ভ’ত সম্পূৰ্ণ ইউৰোপীয় সংস্কৃতি বিৰাজমানআৰু এখন শান্তিপূৰ্ণ ঠাই। ৰিজ’ৰ্ট আৰু হোটেলৰ প্ৰতি আগ্ৰহী কোনোবা এজনৰ বাবে ই এক সুন্দৰ সুযোগ প্ৰদান কৰিব৷ বস্ত্ৰশিল্প নিৰ্মাণৰো বহু সুযোগ আছে। শিক্ষাগ্ৰহণৰ ক্ষেত্ৰতো লাভালাভ হব ভাৰতীয়সকলৰ কাৰণ ক’ছ’ভ’ত বহুত আমেৰিকান স্কুল আছে৷’’
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                        
Share your comments