1. News

KITCHEN GARDEN ত বিলাহীৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
kitchen garden (পাকঘৰৰ বাগিছা)
kitchen garden (পাকঘৰৰ বাগিছা)

আহি আছে শীতকালীন খেতিৰ বতৰ। ইতিমধ্যে গ্ৰামাঞ্চলৰ লোকসকলে শাক-পাচলিৰ বাবে বাৰীখন চাফ-চিকুণ কৰি চহাবৰ বাবে প্ৰস্তুতি চলাইছে। কিন্তু এনেদৰে খেতি কৰিবলৈ কৃষিভূমিৰ অভাৱ নগৰীয়া অঞ্চলত। কিন্তু কৃষিভূমি নহলেও চহৰত বাস কৰিও উন্নত দেশৰ বহুলোকে পাকঘৰৰ পাচলি খেতি কৰে নিজৰ ঘৰৰ চাদখনতে। এইধৰণে বিদেশৰ লোকসকলৰ দৰে ছাদত খেতি কৰিব বিচাৰে তেন্তে এই লেখাটোত দিয়া টিপছ ব্যৱহাৰ খেতি কৰিব পাৰে।

ছাদৰ ওপৰত পতা বাগিচাই আপোনাৰ পাকঘৰৰ প্ৰায় ৮০ শতাংশ পাক-পাচলিৰ অভাৱ দূৰ কৰিব। ইয়াৰ সমান্তৰালকৈ ঘৰখনত ফুলৰ দৰে সুগন্ধি বিলাব আপোনাৰ শাকনিবাৰীখনত। ছাদ গাৰ্ডেনত বিলাহী আৰু জলকীয়া, পদিনা, বেঙেনা, আদি ভাল হয়। আজি আমি এই প্ৰবন্ধত ছাদ বাগিছাত কেনেদৰে বিলাহী খেতি কৰিব পাৰি এই সন্দৰ্ভত কেইটামান টিপছ প্ৰদান কৰিম।

ছাদ বাগিছাৰ বাবে বিলাহীৰ জাঁত-

  • স্বৰণ লালিমা
  • পুছা সদাবাহৰ
  • স্বৰণ নবীন
  • স্বৰণ সমৃদ্ধি
  • স্বৰণ সম্পাদ

এই জাতকেইটা ছাদ বাগিছাৰ বাবে ভাল।

গুটিবোৰ সিঁচাৰ আগতে পানীৰে পৰিষ্কাৰ কৰক। প্ৰায় ২৪ ঘন্টা অংকুৰণৰ বাবে বীজবোৰ তিয়াই থব লাগিব। তাৰপাছতে কমেও ২০ ইঞ্চি ব্যাসৰ আৰু ১৮-২৪ ইঞ্চি দ এটা পাত্ৰ লওক। পাত্ৰটোৰ তলত এটা ফুটা কৰি ল’ব লাগে। তাৰ পিছত পাত্ৰটোত ৪০% মাটি, ৩০% বালি আৰু ৩০% গোবৰ ভৰাই এদিন ৰ’দত থৈ দিব। পিছদিনা পাত্ৰটোত অংকুৰণ হোৱা গুটিখিনি মেলি দিব। ইয়াৰ লগে লগে ওপৰত মাটি পানী ছটিয়াব লাগে।

পাত্ৰটো এটা চুকত ৬ৰ পৰা ৮ ঘণ্টা ৰাখিব লাগে য’ত ই সূৰ্যৰ পোহৰ লাভ কৰে। পাত্ৰত আৰ্দ্ৰতা বজাই ৰাখিবলৈ দিনে এবাৰ মাটিত পানী দিব লাগে। প্ৰতি ২০ৰ পৰা ২৫ দিনৰ মূৰে মূৰে নিম কীটনাশক স্প্ৰে কৰি গছজোপাক ৰোগৰ কীট-পতংগৰ পৰা ৰক্ষা কৰিব লাগে।

লগতে পঢ়ক- ৰাজ্যৰ উদ্যোগ খণ্ডক দ্ৰুত গতিত আগুৱাই নিয়াৰ লক্ষ্যেৰে ৰাজ্য চৰকাৰৰ

English Summary: kitchen garden

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.