Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 October, 2022 3:51 PM IST
Ripening System

গছৰ পৰা ফল-মূলসমূহ ছিঙাৰ পাছতে বা বাৰীৰ পৰা শাক-পাচলিবোৰ চিঙাৰ পাছতে সাধাৰণতে কিছু সময়লৈ এইবোৰ সতেজ হৈ থাকে। তাৰ পাছতে ফলসমূহ ক্ৰমশঃ অৱনতি ঘটে আৰু দিন বাঢ়ি যোৱাৰ লগে লগে বা কম দিনতে খোৱাৰ অনুপযোগী হৈ পৰে। ফলত কৃষকসকল আৰু ফল-মূলৰ বিক্ৰেতাসকল লোকচানৰ সন্মুখীন হয়।তদুপৰি দূৰৱৰ্তী বজাৰলৈ বিক্ৰীৰ বাবে লৈ যাওঁতে গন্তব্যস্থান নাপাওঁতেই ফল-মূলবোৰ গেলি যায় অৰ্থাত খোৱা অনুপযোগী হৈ পৰে যাৰ ফলত বিক্ৰেতাজন লোকচানৰ সন্মুখীন হয়। গতিকে বিক্ৰেতাসকলৰ এই লোকচানৰ প্ৰতি লক্ষ্য ৰাখি আমি লৈ আহিছো দীৰ্ঘদিনলৈ ফল-মুল সতেজ আৰু সুৰক্ষিত কৰি ৰখাৰ এটা নতুন কৌশল। এই নতুন কৌশলটোৰৱ নাম ৰাইপেনিং পদ্ধতি।

ই এক আধুনিক কৌশল, যাৰ ব্যৱহাৰ কৰি ফলবোৰ স্বাভাৱিক সময়ৰ পূৰ্বে পকাবলৈ আৰু দীৰ্ঘদিনৰ বাবে সতেজ কৰি ৰাখিবলৈ এই কৌশল অৱলম্বন কৰা হয়। বৰ্তমান এই পদ্ধতি বেছিভাগ ডাঙৰ ফল বিক্ৰেতাই ব্যৱহাৰ কৰে। এই পদ্ধতিত সৰু সৰু টুকুৰি কিছুমানত ফল-মূলবোৰ ভৰাই এটা শীতল ভঁৰালত ৰখা হয়। পৰৱৰ্তীসময়ত এই শীতল কোঠাটোত ইথিলিন গেছ মুকলি কৰা হয়। ফল পকিবলৈ আৰু সতেজ কৰি ৰাখিবলৈ প্ৰয়োগ কৰা এই কৌশল আটাইতকৈ সুৰক্ষিত আৰু সহজ পদ্ধতি। এই কৌশল বা পদ্ধতি ব্যৱহাৰ কৰিলে ফলৰ গুণগত মানদণ্ডত কোনো প্ৰভাৱ নপৰে। কিন্তু কল বা ফলমূল পকাবলৈ  কেলচিয়াম কাৰ্বাইড নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে ।

লগতে পঢ়ক- কৃষকসকলে ধান খেতিৰ বিকল্প কথা চিন্তা কৰক এতিয়াৰ পৰাই

এনে পদ্ধতিৰে পকোৱা ফলমূল-বিশেষকৈ কলে আমাৰ স্বাস্থ্যৰ বাবে ভাবুকি কঢ়িয়াই আনে। কাৰ্বাইডৰ পৰিৱৰ্তে ইথিলিন গেছ ব্যৱহাৰ কৰি কল পকাোৱা বা ফল-মূল সুৰক্ষিত কৰা কৌশলটো তুলনামূলকভাৱে মানৱ স্বাস্থ্যৰ বাবে অধিক নিৰাপদ। কাৰণ ইথিলিন এবিধ প্ৰাকৃতিক উদ্ভিদজাত হৰম’ন, যিয়ে সমভাৱে ফল পকাত সহায় কৰাৰ লগতে পকা ফলৰ আয়ুস বৃদ্ধি কৰে। প্ৰাকৃতিক হৰম’ন হোৱাৰ বাবেই ইয়াৰ কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া নাই। আজিৰ পৰা দুবছৰ আগেয়ে দিল্লী চৰকাৰে কেলচিয়াম কাৰ্বাইডৰ পৰিৱৰ্তে ইথিলিন গেছ ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে ফল-মূল পকোৱাৰ নিৰ্দেশ জাৰি কৰিছে।

এই পদ্ধতিৰ বাহিৰেও ফল-মূলবোৰ পকাত আৰু সতেজ কৰি ৰখাত আমাৰ সমাজত পৰম্পৰাগত পদ্ধতি আছে। যেনে- কল পকিবলৈ মাটিত গাঁত খান্দি যাগ দিয়া দিয়া পদ্ধতিটো প্ৰতিজন কৃষকে জানে। ফলমূলবোৰ খেৰ বাব তুঁহগুৰি মাজত থকা ৰাখি ফল-মূলসমূহ আমি দুই এদিনৰ বাবে সংৰক্ষণ কৰিব পাৰোঁ।

লগতে পঢ়ক- পৃথিৱীৰ আটাইতকৈ দামী উদ্ভিদজোপাৰ খেতি কিদৰে কৰিব ?

English Summary: Fruit Ripening System
Published on: 05 October 2022, 03:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now