1. News

স্নাতক ডিগ্ৰীধাৰীসকলে ক’ত, কেনেদৰে অধ্যয়ন কৰিব পাৰিব Forest Management ৰ পাঠ্যক্ৰম!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Forest Management
Forest Management

বনাঞ্চল পৰিচালনা বা Forest Managementকো ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ হিচাপে ল’ব পাৰে। কিন্তু এনেকুৱা এটা পাঠ্যক্ৰম আছে বুলি অসমৰ বহু ছাত্ৰ-ছাত্ৰীয়ে গম নাপায়। কিন্তু ইয়াক এটা আকৰ্ষণীয় কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকলে। ‘বনাঞ্চল পৰিচালনা’ত বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি। এজন সফল বনাঞ্চল পৰিচালক হবলৈ হ'লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে - প্রকৃতিপ্রেমী, সাহসী, অনুসন্ধিৎসু মন, সূক্ষ্মদর্শী, নিষ্ঠাবান, সাৱধানী, কষ্টসহিষ্ণুতা, সুন্দৰ নিৰীক্ষণ ক্ষমতা, দায়িত্ববোধ আদি ।

বনাঞ্চল পৰিচালনা পাঠ্যক্ৰম অধ্যয়ন তথা প্রশিক্ষণ গ্রহণ কৰিব পৰা এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হ'ল –ইণ্ডিয়ান ইনষ্টিটিউট অব্ ফৰেষ্ট মেনেজমেণ্ট ভূপাল (http://iifm.ac.in)। ইয়াত প'ষ্ট গ্রেজুৱেট ডিপ্লামা ইন ফৰেষ্ট মেনেজমেণ্ট (Post Graduate Diploma in Forest Management ) পাঠ্যক্ৰমত আসনৰ সংখ্যা ১৫০ খন। এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হ'ল প্রার্থীজন স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত কমেও ৫০% নম্বৰ বা সমতুল্য চিজিপিএৰ সৈতে স্নাতক ডিগ্ৰীধাৰী হ'ব লাগে৷ অনসূচিত জাতি, জনজাতি আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে ৫% নম্বৰ ৰেহাই থাকে।

দূৰ শিক্ষা যোগেদিও বনাঞ্চল পৰিচালনা' পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হ'ল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়(www.ignou.ac.in) । এই শিক্ষানুষ্ঠান দুখনত বনাঞ্চল পৰিচালনাৰ বিভিন্ন পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে প্ৰয়োজন হোৱা শিক্ষাগত অৰ্থতা তথা নাম ভর্তি প্রক্রিয়া বিভিন্ন ।

লগতে পঢ়ক- 

ভীমকলৰ খেতি থকাসকলে যোগাযোগ কৰিব পাৰে ইন্দুকল্প ভৰালীৰ লগত

সবিশেষতথ্য জানিবৰ বাবে আগ্রহী শিক্ষার্থীয়ে শিক্ষানুষ্ঠান দুখনৰ ৱেবছাইটত চাব পাৰে। বনাঞ্চল পৰিচালনাৰ বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰি চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ বিভিন্ন বিভাগত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে, যেনে - Forestry, Environment, Micro Finance Banking, Eco-tourism, Corporate social Responsibility আদি। ‘বনাঞ্চল'ৰ লগত জড়িত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ NGOবোৰেও নিযুক্তি দিয়ে। ফৰেষ্ট মহাবিদ্যালয়/ বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপেও কেৰিয়াৰ আৰম্ভ কৰিব পাৰে এই ডিগ্ৰীধাৰীসকলে। লগতে আগ্ৰহীসকলক জনাওঁ যে  কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্রহী শিক্ষার্থীয়ে জানিব বিচাৰে, তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত এই ৯৪৩৫১৮৮৬৩০ত যোগাযোগ কৰিব পাৰে।

বিঃদ্ৰঃ লেখাটো প্ৰস্তুত কৰোঁতে কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁইৰ  ‘অন্য যুগত’ প্ৰকাশিত   ‘কেৰিয়াৰ হিচাপে বনাঞ্চল পৰিচালনা (Forest Management ) ‘ শীৰ্ষক লেখাটোৰ সহায় লোৱা হৈছে।

লগতে পঢ়ক- 

কেৰিয়াৰ হিচাপে ইলেকট্ৰিচিয়ান

English Summary: Forest Management

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.