1. News

দিখৌমুখত মীনপালকৰ পুখুৰীত বিহ দিলে দুৰ্বৃত্তই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
দিখৌমুখত মীনপালকৰ পুখুৰীত বিহ দিলে দুৰ্বৃত্তই
দিখৌমুখত মীনপালকৰ পুখুৰীত বিহ দিলে দুৰ্বৃত্তই

শিৱসাগৰৰ দিখৌমুখত অঘটন। দিখৌমুখৰ জিতু দত্ত নামৰ এজন মীনপালকৰ পুখুৰীত বিহ দিয়ে কোনো দুৰ্বৃত্তই। ঘটনাত পুখুৰীটোৰ প্ৰায় ৩ কুইন্টেল মাছৰ মৃত্যু হৈছে।

মৃত মাছখিনিৰ মূল্য প্ৰায় ৩ লাখ টকা বুলি উল্লেখ কৰিছে মাছ পালক জিতু বৰাই। এই সন্দৰ্ভত জিতু দত্তই গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে মীন পালক জিতু বৰাই। প্ৰায় পোন্ধৰ বছৰ ধৰি পুখুৰীটোত ৰৌ, বাহু, মিৰিকা আদি মাছৰ পালন কৰি জীৱিকা-নিৰ্বাহ কৰি আহিছিল।

কিন্তু দেওবাৰে সংঘটিত এই ঘটনাটোৱে এতিয়া জীৱন জীৱিকালৈ অমানিশা কঢ়িয়াই অনাৰ আশংকা কৰিছে। এই সন্দৰ্ভত জিতু বৰাই কয়- “কি কম বহুত দুখৰ কথা। আমি গাঁৱৰ মানু দুখীয়া মানুহ।কিবা এটা কৰি খাও বুলি ফাৰ্ম খুলি আছিলো। প্ৰায় চৈধ্য-পোন্ধৰ বছৰ হৈ গ’ল এনেদৰে মাছ পোহা কিন্তু এইবাৰৰ দৰে দুখ লগা ঘটনা হোৱা নাছিল। বিহ দি  নিধন কৰা মাছসমূহ এতিয়া পেলাই দিব লগীয়া হৈছে। এটা মাছৰ ওজন প্ৰায় ৩-৪ কেজি হৈছিল।”

সম্প্ৰতি এই ঘটনাটোৱে অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্য। লগতে দিখৌমুখ অঞ্চলটোৰ মীনপালকসকলে এই ঘটনাটো সংঘটিত হোৱাৰ পাছৰে পৰা শংকাত দিন কটাইছে।

লগতে পঢ়ক- শীতাকালীন শাক-পাচলিত সাৰ প্ৰয়োগৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথা

English Summary: fish dead

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.