1. News

APART ৰ অধীনত গ্ৰীষ্মকালীন ধানৰ উত্তম ব্যৱস্থাপনা পদ্ধতিৰ প্ৰশিক্ষণ

KJ Staff
KJ Staff
APART
APART

অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত গ্ৰীষ্মকালীন ধানৰ ওপৰত উত্তম ব্যৱস্থাপনা পদ্ধতিৰ এদিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হয়। প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় শোনিতপুৰ জিলা কৃষি কাৰ্যালয়ৰ সহযোগত। অনুষ্ঠানটো আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান (আই আৰ আৰ আই)ৰ সহযোগত  তেজপুৰৰ মাজগাঁৱত অনুষ্ঠিত হয়।

APARTৰ ৰিচাৰ্চ টেকনিচিয়ান পংকজ বৰুৱাই অনুষ্ঠানটোত কৃষক আৰু বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায়। বৰ্তমানৰ কৃষি পৰিস্থিতিৰ প্ৰেক্ষাপটত কৃষি যন্ত্ৰপাতিৰ সঠিক পেকেজৰ গুৰুত্বৰ ওপৰতো তেওঁ আলোকপাত কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থকা শোণিতপুৰৰ জিলা কৃষি বিষয়া পংকজ শইকীয়াই চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে আৰু কৃষকসকলে বিভিন্ন কৃষি সঁজুলি আৰু যন্ত্ৰপাতি ক্ৰয়ৰ ক্ষেত্ৰত ৰাজসাহায্যৰ সুবিধা কেনেকৈ ল’ব পাৰে তাৰ বিষয়ে বিশদভাৱে ব্যক্ত কৰে।

আই আৰ আৰ আইৰ বিশেষজ্ঞ বিবেক কুমাৰে সমল ব্যক্তি হিচাপে উপস্থিত হৈ APART প্ৰকল্প, ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰে। নাৰ্চাৰীৰ বিচনা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি চপোৱা আৰু সংৰক্ষণ কৰালৈকে আধুনিক ধান ব্যৱস্থাপনা পদ্ধতিৰ বিষয়ে তেওঁ বিশদভাৱে কয়। তেওঁ বান আৰু খৰাং সহনশীল উন্নত ধানৰ জাত, ধান খেতিৰ সৈতে জড়িত বিভিন্ন আধুনিক যন্ত্ৰপাতি, সাৰ প্ৰয়োগৰ সঠিক সময় আৰু মাত্ৰা, সঠিক অপতৃণ ব্যৱস্থাপনা পদ্ধতি আৰু চপোৱাৰ কৌশলৰ লগতে শুকান- প্ৰত্যক্ষ বীজযুক্ত ধান, ভিজা-প্ৰত্যক্ষ বীজযুক্ত ধান, যান্ত্ৰিকভাৱে ৰোপণ কৰা ধান আদিৰ বিষয়েও আলোচনা কৰে।

কৃষিৰ বিভিন্ন দিশ সন্দৰ্ভত আই আৰ আৰ আইৰ বিজ্ঞানী, এপাৰ্টৰ কৰ্মচাৰী আৰু ATMAৰ কৰ্মচাৰীৰ মাজত এক চুটি মত বিনিময় অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত একাংশ কৃষকে খেতিৰ অভিজ্ঞতা ভগাই লয়। প্ৰায় ৩০ জন কৃষকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃ FLORICULTURE MISSION: অসমত বাণিজ্যিক ফুলৰ খেতিৰ বাবে ১৫০ কোটি টকাৰ উদ্যানশস্য অভিযান

English Summary: Farmer training by APART in sonitpur

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.