1. News

চৰকাৰী আঁচনিও বিফল! মহাৰাষ্ট্ৰত ৮ মাহত ১৮০০ কৃষকৰ আত্মহত্যা

Mrigakshi Phukan
Mrigakshi Phukan
maharashtra farmers suicide
maharashtra farmers suicide

অন্ত পৰা নাই কৃষকৰ আত্মহত্যাৰ ঘটনা। সমস্যাটো শেষ হোৱাৰ ঠাইত দিনক দিনে বৃদ্ধিহে পাইছে কৃষকৰ আত্মহত্যাৰ সংখ্যা। যোৱা ৩ দিনত মহাৰাষ্ট্ৰৰ বিদৰ্ভত সংঘটিত ঘটনা কেইটাই উদঙাই দিছে কৃষক সকলৰ আৰ্থিক সংকটৰ ভয়াৱহ ছবি। আত্মহত্যাৰ পথ বাছি লোৱা কৃষক কেইজনৰ পত্নীকেইগৰাকী কৰ্ম সংক্ৰান্তত নিয়োজিত হৈ থকা বেচৰকাৰী সংস্থা 'বিদৰ্ভ জন আন্দোলন সমিতি'য়ে জানিবলৈ দিয়া মতে বিগত ৭২ ঘন্টাত সৰ্বমুঠ ৯ টা কৈ আত্মহননৰ ঘটনা সংঘটিত হৈছে বিদৰ্ভত।

সমিতি খনে দিয়া তথ্য অনুসৰি, বিগত কিছু দিনত বৃদ্ধি পোৱা প্ৰৱল বৃষ্টিপাত আৰু তাৰ পাছত অহা বানৰ বাবে নষ্ট হৈ পৰিছে শস্য। ইফালে পুনৰ খেতি কৰিবলৈ হাতত ধনৰ অভাৱ কৃষক সকলৰ। তেনেস্থলত নিজৰ পৰিয়ালক পোহ-পাল দিবলৈ নোৱাৰি চৰম হতাশাত তেওঁলোকে বাচি লয় আত্মহত্যাৰ পথ। মন কৰিবলগীয়া যে, বিদৰ্ভ প্ৰদেশৰ অকোলা, অমৰাৱতী,  য়বতমাল, বাশ্বিম আৰু বৰ্ধা অঞ্চলত আটাইতকৈ বেছি প্ৰভাৱ পৰিছিল বানৰ । এই অঞ্চলসমূহৰ কৃষক সকলক বেংক আৰু আন ঋণদাতা সমূহে কোনো ধৰণৰ সকাহ প্ৰদান কৰিবলৈ সন্মতি নিদিয়াৰ বাব শেষত আত্মহত্যাৰ পথ অৱলম্বন কৰিব লগীয়া হয় কৃষক সকলে । উল্লেখ্য যে চলিত বৰ্ষত জানুৱাৰীৰপৰা আগষ্ট মাহৰ ভতৰত মহাৰাষ্ট্ৰত ১৮০০ জনৰো অধিক কৃষকে আত্মহত্যা কৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ তথ্য অনুসৰি ২০২১ত মহাৰাষ্ট্ৰত কৃষকৰ আত্মহত্যাৰ সংখ্যা আছিল ১,৬০৫।

মহাৰাষ্ট্ৰ চৰকাৰৰ বিভিন্ন আঁচনিয়েও ঋণগ্ৰস্ত কৃষকৰ আত্মহত্যা ৰোধ কৰিব পৰা নাই। উতপাদিত সামগ্ৰীৰ উচিত মূল্য নোপোৱা, মানসিক চাপ আৰু পৰিয়ালৰ দায়িত্ব, চৰকাৰৰ উদাসীনতা, দুৰ্বল জলসিঞ্চন ব্যৱস্থা, ঋণৰ গধুৰ বোজা, দুৰ্নীতি, প্ৰবল বৰষুণ আদি কাৰণত এতিয়াও দুৰ্ভোগ ভুগি আছে কৃষকসকলে। এই বছৰ মহাৰাষ্ট্ৰত হোৱা অত্যাধিক বৰষুণৰ ফলত ৮০০০০০ হেক্টৰ শস্য ক্ষতিগ্ৰস্ত হয়, যাৰ ফলত ২৪ খন জিলাৰ কৃষক প্ৰভাৱিত হয়। ইয়াৰে বেছিভাগেই মাৰাঠৱাড়া আৰু বিদৰ্ভ অঞ্চলৰ। ৰাজ্যখনৰ কৃষি বিভাগে জনোৱা অনুসৰি ধান, মাকৈ, চয়াবীন, কপাহ, মটৰ আৰু কলৰ খেতিৰ লগতে অন্যান্য পাচলিৰ খেতিও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। কেৱল মাৰাঠৱাড়াতেই ইয়াৰ আধা ক্ষতিৰ খবৰ পোৱা গৈছে।

২০২২ বৰ্ষত আত্মহত্যা কৰা ১৮৭৫ জন কৃষকৰ ৯৮১ জনেই চৰকাৰী সাহায্যৰ যোগ্য হিতাধিকাৰী আছিল। ৪৩৯ জন যোগ্য নাছিল আৰু ৪৫৫ জন বিবেচনাধীন হৈ আছিল। সম্প্ৰতি চৰকাৰে আত্মহত্যা কৰা কৃষকৰ নিকটাত্মীয়লৈ ১ লাখকৈ টকাৰ সাহায্য আগবঢ়াইছে। এনচিআৰবিৰ শেহতীয়া প্ৰতিবেদন অনুসৰি যোৱা বছৰ ৫৫৬৩জন কৃষি শ্ৰমিকে আত্মহত্যা কৰিছিল আৰু উদ্যোগটোত আত্মহত্যা কৰা লোকৰ সংখ্যা ২০২০ চনৰ তুলনাত ৯% বৃদ্ধি পাইছে। ২০১৯ চনৰ তুলনাত এই সংখ্যা ২৯% বৃদ্ধি পাইছে।

লগতে পঢ়কঃ কৃষি বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণ ক্ষিপ্ৰ কৰাৰ নিৰ্দেশনা অতুল বৰাৰ

English Summary: Farmer suicide in maharashtra

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.