
দেশত অব্যাহত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ উলাহ। দেশজুৰি উদযাপন কৰি থকা হৈছে মোডীৰ ৭২ সংখ্যক জন্মদিন। মোডীৰ জন্মদিন অব্যাহত থকাৰ মাজতে ছুইচাইড নোটত প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জনাইছে মহাৰাষ্ট্ৰৰ এজন কৃষকে। ঘটনাটো সংঘটিত মহাৰাষ্ট্ৰৰ জুননাৰ তালুকৰ ৱাডগাঁওত।
মোডীক ছুইচাইড নোটত জন্মদিনৰ শুভেচ্ছা জনাইয়ে দেওবাৰে মহাৰাষ্ট্ৰৰ দশৰথ লক্ষ্ণণ কেদাৰী নামৰ কৃষকজনে পুখুৰীত জঁপিয়াই আত্মহত্যা কৰে। চুইছাইড নোটত প্ৰধানমন্ত্ৰীক জন্মদিনৰ প্ৰথমে শুভেচ্ছ জনোৱাৰ লগতে কৃষকৰ দুৰ্দশাক আওকাণ কৰাৰ অভিযোগ আনিছে মহাৰাষ্ট্ৰ চৰকাৰ আৰু নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে। কেদাৰীয়ে ছুইচাইড নোটটোত উল্লেখ কৰিছে যে তেওঁ শস্যৰ বাবে ন্যুনতম সমৰ্থন মূল্য (এম এছ পি) নোপোৱা আৰু ঋণ আদায়কাৰী এজেণ্টৰ হাতত হাৰাশাস্তিৰ কথা ।
লগতে কেডাৰীয়ে ক’ৰোনা মহামাৰীৰ সময়ত হোৱা লোকচান আৰু ধাৰাসাৰ বৰষুণৰ বাবে লোকচানৰ সন্মুখীন হোৱা কৃষকসকলৰ সমস্যাকলৈ পি এম মোদীৰ নিষ্ক্ৰিয়তাৰ কথা উল্লেখ কৰিছে। লগতে টোকাটোত কেদাৰীয়ে লিখিছে, “আমাৰ খেতিৰ ফচল বজাৰলৈ নিবলৈ আমাৰ হাতত পইচা নাই। কিন্তু খেতি কৰিবলৈ ঋণ দিয়াসকল ৰৈ থাকিবলৈ সাজু নহয়। আমি কি কৰা উচিত? আপুনি মাত্ৰ নিজৰ কথা ভাবিছে মোদী চাহেব। উৎপাদিত সামগ্ৰীৰ বাবে নিশ্চিত মূল্য দিব লাগিব। আপুনি কৃষিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পৰা নাই। কৃষকসকলে কি কৰা উচিত?
ছুইচাইড নোটত সমবায় সমিতিৰ বিষয়ববীয়া কৰা অপমানৰ কথা লিখিছে এনেদৰে- সমবায় সমিতি বিষয়াসকলে গালি-গালাজ কৰে। ন্যায় বিচাৰি আমি কাৰ কাষলৈ যাম! আজি আপোনাৰ নিষ্ক্ৰিয়তাৰ বাবে মই আত্মহত্যা কৰিবলৈ বাধ্য হৈছো। অনুগ্ৰহ কৰি আমাক শস্যৰ দাম দিয়ক, যিটো আমাৰ অধিকাৰ”। উল্লেখ্য যে মৃত্যুৰ সময়ত কেদাৰীয়ে মাতৃ, পত্নী, আৰু দুই সন্তানক ইহসংসাৰত এৰি যায়।
লগতে পঢ়ক- প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ অধীনত আপুনি লাভ কৰিব নে ক্ষতিপূৰণ!
Share your comments