1. News

দ্ৰৌপদীক ১৬ বছৰ লগ পালে ৰুক্মিণীয়ে

KJ Staff
KJ Staff
দ্ৰৌপদীক  ১৬ বছৰ লগ পালে ৰুক্মিণীয়ে
দ্ৰৌপদীক ১৬ বছৰ লগ পালে ৰুক্মিণীয়ে

দ্ৰৌপদী-ৰুক্মিণী পুনঃমিলন ঘটিল কইনাধৰাত। ২০০৬ চনত ওড়িষাৰ পৰা অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল দ্ৰৌপদী মুৰ্মুৱে। ২০০৬ চনত ৰুক্মিণী গাভৰু। বিশ্বনাথৰ মিজিকাজান চাহ বাগিচাৰ ৰুক্মিণীৰ ঘৰতে ৭ টা দিন কটাইছিল বৰ্তমান দেশৰ বৰ্তমানৰ দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। 

আজি ১৬ বছৰৰ পিছত কইনাধৰাত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিলে ৰুক্মিণী কিষাণে। সুঁৱৰিলে পুৰণি স্মৃতি লগতে ৰুক্মিণীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে ১৬ বছৰ আগতে উঠা এখন ফটো। ৰাষ্ট্ৰপতিয়েও কুশল মংগল বাৰ্তা ল’লে ৰুক্মিণী কিষাণৰ।

বিগত ১৬ বছৰে দ্ৰৌপদী মুৰ্মুৰ সৈতে ৰুক্মিণীৰ আছিল নিয়মীয়া যোগাযোগ। ঝাৰখণ্ডৰ ৰাজ্যপাল হৈ থাকোঁতেও দ্ৰৌপদী মুৰ্মুৰ সৈতে যোগাযোগত আছিল ৰুক্মিণী। সেইগৰাকী ৰুক্মিণীয়ে আজি সাক্ষাৎ কৰিলে তেতিয়াৰ বিধায়িকা আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক।

উল্লেখ্য যে দুদিনীয়া অসম ভ্ৰমণৰ অংশ হিচাপে আজি গুৱাহাটীৰ ৰাজ্যিক অতিথিশালাত ঢেকীয়াজুলিৰ পৰা অহা মহিলাৰ এটি গোটৰ লগতো মত বিনিময় কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। মত-বিনিময় কালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপাল জগদীশ মুখী, মন্ত্ৰী সঞ্জয় কিষাণ আৰু সাংসদ পল্লৱ লোচন দাসেও উপস্থিত থাকে।

লগতে পঢ়ক-

হীনমন্যতাৰ বিপৰীতে কেতিয়া আমি সগৌৰৱে ক'ম 'মোৰ দেউতাই খেতি কৰে!

English Summary: Droupadi meet Rukmini

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.