1. News

পঞ্চম দিনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ এম চি ডমিনিকৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
পঞ্চমদিনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ এম চি ডমিনিকৰ
পঞ্চমদিনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ এম চি ডমিনিকৰ

ফিলিপাইনছত চলি থকা Pan-Asia Farmers Exchange Programৰ আজি পঞ্চম দিন। Pan-Asia Farmers Exchange Programৰ আজি এটা অতি বিশেষ দিন।

সপ্তাহজোৰা এই কাৰ্যসূচীত আজি কৃষক নেতা, বিজ্ঞানী, শিক্ষাবিদ, সংবাদ মাধ্যম, চৰকাৰী বিষয়া আৰু নীতি নিৰ্ধাৰককে ধৰি একাধিক অংশীদাৰে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট অংশগ্ৰহণকাৰীসকলৰ ভিতৰত অন্যতম কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক এম চি ডমিনিক।

লগত পঢ়ক-

আৰম্ভ হ’ল ষষ্ঠদশ Pan-Asia Farmers Exchange Program

এম চি ডমিনিক, সঞ্চালক কৃষিজাগৰণ (বাওঁফালৰজন)
এম চি ডমিনিক, সঞ্চালক কৃষিজাগৰণ (বাওঁফালৰজন)

ইয়াৰ পূৰ্বে কালি প্যান এছিয়া কৃষক বিনিময় কাৰ্যসূচীৰ চতুৰ্থ দিনটোত কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক এম চি ডমিনিক ফিলিপাইনছত অনুষ্ঠিত প্যান এছিয়া কৃষক বিনিময় কাৰ্যসূচীত চিঞ্জেণ্টা দলৰ সৈতে কুঁহিয়াৰৰ পথাৰসমূহ পৰিদৰ্শন কৰে। একেদৰে তৃতীয় দিনা সকলো অংশগ্ৰহণকাৰীয়ে শস্য বিজ্ঞান সংগ্ৰহালয় পৰিদৰ্শন কৰে।

২০২২ চনৰ ১০ অক্টোবৰৰ পৰা আৰম্ভ হৈছে প্যান এছিয়া কৃষক বিনিময় কাৰ্যসূচীৰ ১৬ সংখ্যক সংস্কৰণ। ফিলিপাইনছত এই কাৰ্যসূচী চলি আছে। ২০২২ চনৰ ১৪ অক্টোবৰলৈকে চলিব এই কাৰ্যসূচী। কৃষি উদ্ভিদ জৈৱ প্ৰযুক্তিৰ ওপৰত জ্ঞান বিনিময় আৰু আদান-প্ৰদানৰ বাবে এক মঞ্চ প্ৰদানৰ বাবে আয়োজন কৰা হৈছে এই কাৰ্যসূচী।

লগতে পঢ়ক- 

16th Pan-Asia Farmers Exchange Program ৰ তৃতীয়টো দিন

English Summary: 5th day of Pan-Asia Farmers Exchange Program

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.