1. News

Double Cropping Farming : অসম কৃষি বিশ্ববিদ্যালয় যুগান্তকাৰী পদক্ষেপ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

অসমৰ কৃষিক্ষেত্ৰত বছৰি কমেও দুটা শস্যৰ খেতি কৰি কৃষি অৰ্থনীতি সবল কৰিবৰ বাবে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে। ইয়াৰ জৰিয়তে শালিধান চপোৱাৰ পাছত ছন পৰি থকা ৰাজ্যখনৰ ১,০০০ হেক্টৰ ভূমিত মাহজাতীয় শস্য, সৰিয়হ খেতি কৰাৰ বাবে এক অভিলাষী প্ৰকল্প যুগুতাই উলিয়াইছে। ইয়াৰ সমান্তৰালভাৱে  শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ে শস্যৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ ব্যৱস্থাকে ধৰি অন্যান্য আনুষংগিক বিভিন্ন তথ্য ডিজিটেল মাধ্যমেৰে কৃষকক যোগান ধৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা দ্বিভাষিক (ইংৰাজী-অসমীয়া) "AAU PestDoc" শীৰ্ষক এন্ড্ৰয়ট মোবাইল এপ্ এটিও মুকলি কৰে।

গুৱাহাটীৰ কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যানশস্য গৱেষণা কেন্দ্ৰত কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত "একেডৰা মাটিত বছৰত দুটা শস্যৰ খেতি' সম্পৰ্কীয় এখন কৰ্মশালাৰ জৰিয়তে এই পদক্ষেপৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষিমন্ত্ৰী অতুল বৰাই ৰাজ্যখনৰ কৃষকসকলক "ডাবল ক্ৰপিঙ"ৰ প্ৰতি আগ্ৰহী কৰাত অসম কৃষি বিশ্ববিদ্যালয়ৰ এই প্ৰকল্পই অধিক উৎসাহিত কৰিব বুলি আশা ব্যক্ত কৰে।

লগতে পঢ়ক- 

Swapna F1 : ৮-৯ মাহত গুৰিৰ পৰাই লাগিব ফল, এবিঘা মাটিত আৰম্ভ কৰক

অনুষ্ঠানটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা , অসম চৰকাৰৰ কৃষি উৎপাদন আয়ুক্ত শ্ৰীমতী অৰুণা ৰাজ'ৰিয়া, নাবাৰ্ডৰ উপ-পৰিচালন সঞ্চালক জি এছ সিং ৰাৱট, ভৰতপুৰৰ ৰেপছিদ আৰু সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ সঞ্চালক ড° পি কে ৰায়, হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° আৰ এম সুন্দৰম, ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য প্ৰগ্ৰেমৰ প্ৰধান পি পাইঠাংকৰ আদি ব্যক্তিসকল উপস্থিত থাকে।

লগতে অনুষ্ঠানটোত ভাৰতীয় মাহজাতীয় শস্য গৱেষণা প্ৰতিষ্ঠান-কাণপুৰৰ প্ৰকল্প সমন্বয়ক ড° এছ ত্ৰিপাঠী, কৃষি প্ৰযুক্তি প্ৰয়োগ গৱেষণা প্ৰতিষ্ঠান (ATARI)-গুৱাহাটীৰ সঞ্চালক ড° জি কাডিৰভেল , অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° সঞ্জয় কুমাৰ চেতিয়া, কৃষি বিজ্ঞান গুৰু ড° প্ৰসন্ন কুমাৰ পাঠক, সম্প্রসাৰণ শিক্ষা সঞ্চালক ড° মনোৰঞ্জন নেওগ, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ, সহযোগী কৃষি গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়া , উদ্যানশস্য গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° প্ৰদীপ মহন্ত প্ৰমুখ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ আঞ্চলিক গৱেষণা কেন্দ্ৰ সমুহৰ মুখ্য বিজ্ঞানী, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানীৰ লগতে জ্যেষ্ঠ গৱেষক বিজ্ঞানী, অন্যান্য বিষয়া, বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

বানপানীৰ পৰা হাত হাৰিবলৈ কৃষকসকলে এইটো কাম কৰক

English Summary: Double Cropping Farming Started in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.