1. News

Corn Farming : কৃষি বিভাগৰ উদ্যোগত মাজুলিত সত্যজিৎ শইকীয়াৰ কুঁহিয়াৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কুঁহিয়াৰ খেতি
কুঁহিয়াৰ খেতি

পূৰ্বতে অসমৰ গাঁৱে-ভূঞে যিদৰে কুঁহিয়াৰ খেতি কৰা দেখা গৈছিল বৰ্তমান সেই অনুপাতে এনেদৰে কুঁহিয়া্ৰ খেতি কৰা দেখা নাযায়। কিন্তু কুঁহিয়াৰ খেতি কৰি বৰ্তমানেও অসমৰ কৃষকসকলে লাভান্বিত হৈ আহিছে। অসমৰ জলবায়ু কুঁহিয়াৰ খেতিৰ বাবে অনুকূল।হয়। কুঁহিয়াৰৰ সৰ্বভাৰতীয় গড় উত্পাদন প্ৰতি হেক্টৰত ৬৯ টনৰ বিপৰীতে অসমত ইয়াৰ উত্পাদন মাত্ৰ ৩৭ টনহে। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ কুঁহিয়া খেতিৰ মাটিৰ পৰিমাণ সমপৰিমাণৰ যদিও এই ৰাজ্যসমূহৰ কৃষকৰ কুঁহিয়াৰ উত্পাদন অধিক। ইয়াৰ মূলতে তেওঁলোকৰ উন্নত জাতৰ কুঁহিয়াৰ খেতি কৰে।

তলত অসমৰ কৃষি ভূমিৰ উপযোগী কেইবিধমান উন্নত জাতৰ কুঁহিয়াৰ নাম দিয়া হ’ল। আগ্ৰহী কৃষকসকলে এই জাতসমূহৰ খেতি কৰিলে উত্পাদন ভাল হ’ব। জাতসমূহ হ’ল- দৰীয়া, কলং, বৰাক, চি অ' ৯৯৭, ধনশিৰি, লুহিত, চি অ'৭৪০, এচ ১৫৫/৭২(চি অ' যোৰ ১), চি অ' ১১৪৮, চি অ' বিন ৯৪০৬৩(নামবৰ), চি অ' বিন ৯০০৬ ,চি অ' বিন ০২১৭৩(দৈয়াঙ)।

লগতে পঢ়ক-

Jute cultivation : ধান খেতি কৰিব নোৱৰা দ ঠাইত কৰক মৰাপাটৰ খেতি

 ওখ পানী জমা নোহোৱা মাটি কুহিয়াৰ খেতিৰ বাবে নির্ব্বাচন কৰিব লাগে । সম্পূর্ণ প্রস্তুত কৰি লোৱা মাটিত ২৫ ছে: মিটাৰ বহল আৰু ২০ ছে:মিটাৰ দ' গাঁত ৭৫ - ৯০ চে:মিটাৰ দূৰত্বত খান্দি ল’ব লাগে , গাত খান্দি গাতটোৰ মাটিখিনি ভালদৰে কোমল কৰি প্রস্তুত কৰি ল’ব লাগে আৰু ইয়াৰ পাচতেই সাৰ প্রয়োগ কৰিব লাগে ।

সত্যজিৎ শইকীয়াৰ খেতি
সত্যজিৎ শইকীয়াৰ খেতি

সম্প্ৰতি কুঁহিয়াৰ খেতি কৰিবলৈ চৰকাৰে কৃষকক ৰাজহাৰ্য প্ৰদান কৰে। মাজুলিৰ নতুন কমলাবাৰী সত্ৰৰ কৃষক সত্যজিৎ শইকীয়াই এনেদৰে চৰকাৰী সাহাৰ্যৰে এইবাৰ কুঁহিয়া খেতি কৰিছে। শইকীয়াই IKSHU-7 নামৰ উন্নত প্ৰজাতিৰ কুঁহিয়াৰ খেতি কৰিছে। এই সন্দৰ্ভত অসম কৃষি বিভাগৰ ফেচবুক পেজে সত্যজিত শইকীয়াৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। ফটোকেইখনত দেখিবলৈ পোৱা গৈছে যে কুঁহিয়াৰ খেতি যথেষ্ট ভাল হৈছে আৰু গুৰ প্ৰস্তুত কৰিবলৈ সাজু হৈছে।

লগতে পঢ়ক- 

JJBY : ১ টকাত ২ লাখ টকাৰ বীমা ৰিক্সাচালক, দিনমঞ্জুৰসকললৈ

English Summary: Corn & its cultivation system

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.