-
-
ভোট জলকীয়াৰ কৃষি পদ্ধতি আৰু ব্যৱসায়িক দিশসমূহ
অসমীয়া খাদ্য প্ৰণালীত ব্যৱহৃত আৰু সকলোৰে পৰিচিত এবিধ জলকীয়া হৈছে ভোট জলকীয়া। বহুলোকে ইয়াৰ সোৱাদৰ তীক্ষ্ণতা খুবেই পছন্দ কৰে। ভোট জলকীয়া ঔষধি গুণাগুণেৰে সমৃদ্ধ। ঔষধি গুণেৰে সমৃদ্ধ হোৱাৰ উপৰিও ই এবিধ অৰ্থকাৰী শস্য।
ভাৰতবৰ্ষত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰত ইয়াৰ খেতি কৰা হয়। ভোট জলকীয়াক ২০০৭ চনত পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়া হিচাপে Guinness Book of world Records ত লিপিবদ্ধ কৰা হৈছে।
বৰ্তমান ভোট জলকীয়া বিশ্বব্যাপী জনপ্ৰিয়। বহুতো ঔষধি আৰু ব্যৱহাৰিক উপযোগিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰত ভোট জলকীয়াৰ চাহিদা যথেষ্ট বেছি।
ভোটজলকীয়া খেতিৰ উপযুক্ত সময় আঘোণ-পুহৰ পৰা জেঠ-আহাৰ মাহলৈ। পাহাৰীয়া অঞ্চলসমূহত বহাগ জেঠৰ পৰা পুহ আৰু মাঘ উপযুক্ত সময়। ভোটজলকীয়া খেতিয়কসকলে খেতিৰ বাবে স্থানীয় সঁচবোৰেই লাভদায়ক। এবিঘা মাটিৰ বাবে ২০-২৫ গ্ৰাম বীজৰ প্ৰয়োজন হয়। ভোট জলকীয়াৰ পুলি প্ৰয়োজন যোগাযোগ কৰিব পাৰিব ধেমাজিৰ ভোটজলকীয়া খেতিয়ক ভৱেন শালৈৰ লগত। তেখেতৰ ফোন নাম্বাৰ-৭৮৯৬৬৯৫৫৫১।ৰাসায়নিক সা্ৰ ব্যৱহাৰ নকৰি শুকান গোবৰ আৰু কেচুঁসাৰ ব্যৱহাৰ কৰিও ভোট জলকীয়া খেতি কৰিব। পুলি ৰোৱাৰ ৬০ দিনৰ ভিতৰত ভোটজলকীয়া চিঙিব পৰা হয়।
লগতে পঢ়ক-
ভোট জলকীয়াক আচাৰ বনায়ো ব্যৱসায় কৰিব পাৰি। টেঙাখাটৰ বৈদ্য ফুকন নামৰ যুৱকজনে ভোট জলকীয়াৰ আচাৰ বনাই পেকেজিং কৰি বননী নাম দি ব্যৱসায় কৰি আছে।
সোৱাদ নামৰ এই ভোটজলকীয়া আচাৰবিধ আপুনি খাইছেনে! যদি সোৱাদ লব বিচাৰে যোগাযোগ কৰক 8638810077 (WhtsApp/Call Available)। সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে তৈয়াৰী"সোৱাদ"ৰ ভোটজলকীয়াৰ আছাৰ।
ছিংগাপুৰ আৰু থাইলেণ্ডত শুকান ভোট জলকীয়া চাহিদা যথেষ্ট বেছি। অসমত শুকান ভোটজলকীয়া পাবলৈ যোগাযোগ কৰিব পাৰে ধেমাজিৰ ভোটজলকীয়া খেতিয়ক ভৱেন শালৈৰ লগত। তেখেতৰ ফোন নাম্বাৰ-৭৮৯৬৬৯৫৫৫১।
( বিঃদ্ৰ- জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে। জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/
যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)
লগতে পঢ়ক-
English Summary: commercial aspects of Bhotjalakiya
Share your comments