1. News

চাকৰিয়ালসকলৰ বাবে ভাল খবৰ ! ২০২৩ ৰ আৰম্ভণীতে বাঢ়িব দৰমহা !

KJ Staff
KJ Staff
New year offer for Central govt employees
New year offer for Central govt employees

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে নতুন বছৰত আহিব পাৰে ভাল খবৰ। চৰকাৰে আগন্তুক বৰ্ষৰ আৰম্ভণিতে কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰিব পাৰে। প্ৰতি বছৰে দুবাৰ ডিএ বৃদ্ধি কৰে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে জুলাই ২০২২ৰ পৰা ৩৮ শতাংশ ডিএ লাভ কৰি আছে। ডিএ বৃদ্ধি AICPIৰ সূচাংকৰ ওপৰত আধাৰিত হয়। কৰ্মচাৰীসকলক ডিএ প্ৰদান কৰাৰ বিপৰীতে পেঞ্চনাৰসকলে লাভ কৰে ডিআৰ।

২০২৩ত কৰ্মচাৰীসকলৰ ডিএ সংশোধন হ’ব। বিশেষ সুত্ৰ অনুসৰি, কৰ্মচাৰীসকলৰ ডিএ আগন্তুক বৰ্ষত চৰকাৰে ৪ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ডিএ বৃদ্ধি হৈ ৪২ শতাংশ হ’ব পাৰে।

লগতে পঢ়ক-

ফচল বীমা আঁচনি কি! কৃষকক কেনেদৰে সহায় কৰে এই আঁচনিয়ে

 

২০২২ত চৰকাৰে দুবাৰত চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ ৭ শতাংশ বৃদ্ধি কৰিছে। জানুৱাৰীত ডিএ ৩১ শতাংশৰ পৰা বৃদ্ধি কৰি ৩৪ শতাংশ কৰা হৈছিল।

আনহাতে, জুলাইত চৰকাৰে ডিএ ৪ শতাংশ বৃদ্ধি কৰাৰ ফলত ৩৪ শতাংশৰ পৰা গৈ ৩৮ শতাংশ হৈছিল। চৰকাৰৰ এই পদক্ষেপৰ ফলত ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬২ লাখ পেঞ্চনাৰ উপকৃত হৈছিল।

লগতে পঢ়ক- 

ভোট জলকীয়াৰ কৃষি পদ্ধতি আৰু ব্যৱসায়িক দিশসমূহ

English Summary: Good News for Central govt employees

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.