১-৩ ডিচেম্বৰলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে মহিন্দ্ৰা টেক্টৰ’ছৰ পৃষ্ঠপোষকতাত দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে The Millionaire Farmer of India 2024 কৃষক বঁটা অনুষ্ঠান। দেশ-বিদেশৰ প্ৰগতিশীল কৃষকৰে ভৰি পৰিব IARI মেলা গ্ৰাউণ্ড, পুচা, নতুন দিল্লী (IARI Mela Ground, Pusa, New Delhi)। কৃষি কৰ্ম, পশুপালন, আত্মসহায়ক গোট, FPO আদিৰে সফলতা প্ৰদৰ্শন কৰা ব্যক্তি আৰু গোট সমূহক এই অনুষ্ঠানত প্ৰদান কৰা হ’ব বঁটা।
ভাৰত বৰ্ষৰ বিভিন্নপ্ৰান্তৰ কৃষকৰ লগতে অসমৰো শতাধিক প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰিব। Millionaire Farmer of India 2024 অনুষ্ঠানতে দেশৰ আটাইতকৈ পুৰুষ ধনী কৃষক আৰু ধনী মহিলা কৃষকগৰাকীকো নিৰ্বাচন কৰি বঁটা প্ৰদান কৰিব। Millionaire Farmer of India কৃষক বঁটা অনুষ্ঠানটোৰ জড়িয়তে কৃষিখণ্ডত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ মাজলৈ লৈ যোৱাটোৱেই কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ প্ৰধান আৰু মুখ্য উদ্দেশ্য। কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈয়ো এজন ব্যক্তি ধনী বা লাখপতি হ’ব পাৰে, কোটিপতি হ’ব পাৰে? সেই বাৰ্তা প্ৰদানৰ উদ্দেশ্য দেশৰ সফল কৃষকসকলক সন্মান জনোৱা হ’ব- এই অনুষ্ঠানৰ জড়িয়তে।
লগতে পঢ়ক-
Share your comments