Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 July, 2022 5:45 PM IST
বানত ক্ষতিগ্ৰস্ত ১,০১,৫৩৯ শিক্ষাৰ্থীলৈ ১০০০ টকাকৈ স্থানান্তৰ, বানপীড়িত প্ৰতিটো পৰিয়ালৰলৈ ৩৮০০ টকাকৈ প্রেৰণ ৰাজ্য চৰকাৰৰ

এই বছৰৰ দুটা বানৰ ঢৌৱে ৩৪খন জিলাৰ প্রায় ৯০ লাখ লোক তথা প্রায় ২,৪০,০৯৬ হেক্টৰ খেতি মাটি প্রভাৱিত কৰিছে।

বানপীড়িতসকলক আগন্তুক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় আগবঢ়োৱাৰ বাবে সাহায্য শিবিৰ এৰি যোৱাৰ সময়ত তেনে পৰিয়ালৰ বেংক একাউণ্টলৈ ৩৮০০ টকাকৈ প্রেৰণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। অৱশ্যে এই ধন পাবলগীয়া ১,৮৯,৭৫২টা পৰিয়ালৰ ভিতৰত ৩৫ হাজাৰ এতিয়াও বেংক প্রক্রিয়াগত কাৰণত প্ৰাপ্ত কৰিবলৈ বাকী আছে। বান আৰু ভূমিস্খলনৰ ফলত জীৱন হেৰুওৱা ১৯৫গৰাকী লোকৰ পৰিয়াললৈ ইতিমধ্যে ৪ লাখ টকাকৈ চৰকাৰৰ তৰফৰ পৰা প্রদান কৰা হৈছে ।

 

আন এক পদক্ষেপ হিচাপে বানপীড়িত ১,০১,৫৩৯ শিক্ষাৰ্থীলৈ ১০০০ টকাকৈ মুখ্যমন্ত্ৰীৰ বিশেষ পুথি অনুদান মুকলি কৰি দিয়া হৈছে। মুখ্যমন্ত্রী সাহায্য পুঁজিৰ ধনেৰে পোনপটীয়া হস্তান্তৰৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টলৈ এই ধনৰাশি স্থানান্তৰ কৰা হৈছে। তদুপৰি শিক্ষা বিভাগে বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক অতিৰিক্ত পাঠ্যপুথি প্ৰদানৰ বাবে মূল্যায়ন কৰি আছে আৰু এই প্রক্রিয়া ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

প্রাপ্ত তথ্য অনুসৰি সম্পূর্ণ আৰু আংশিকভাৱে সর্বমুঠ ৩,০৩,৯৩০টা ক্ষতিগ্ৰস্ত ঘৰৰ পৰিয়াললৈ প্রক্রিয়াগতভাৱে স্বচ্ছতা বজাই পুনৰীক্ষণ আদিৰ জৰিয়তে ক্ষতিপূৰণ ৰাশি প্রদান প্রক্রিয়া অব্যাহত থাকিব। ইয়াৰ লগতে আগষ্টৰ পৰা মথাউৰি, বিদ্যালয় ভৱন বা অন্যান্য আন্ত:গাঁথনিমূলক মেৰামতিৰ ক্ষেত্রত চৰকাৰে পদক্ষেপ গ্রহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

 

ইফালে শনিবাৰে জনতা ভৱনত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উপায়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ সংশ্লিষ্ট উপায়ুক্তসকলক তেওঁলোকৰ জিলাসমূহৰ আংশিক, সম্পূৰ্ণ আৰু গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত গৃহসমূহ সন্নিৱিষ্ট কৰি এখন বিস্তৃত তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তালিকা প্ৰস্তুত হোৱাৰ পাছত অভিভাৱক মন্ত্ৰী তথা সচিব আৰু আন বিষয়াসকলে নিজ নিজ জিলাৰ তালিকা পৰীক্ষা কৰি বানপীড়িত লোকসকলৰ হিতাৰ্থে ক্ষিপ্ৰতাৰে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বৈঠকত উপস্থিত থাকে মন্ত্ৰীদ্বয় জয়ন্ত মল্লবৰুৱা, বিমল বড়াকে ধৰি বহুকেইগৰাকী উচ্চপদস্থ বিষয়া।

লগতে পঢ়কঃ The New York Times কাকতত প্ৰকাশিত অসমৰ বান সমস্যাৰ সঁচা ছবিখন আজি জীবন্ত!

English Summary: CM Relief fund
Published on: 17 July 2022, 04:05 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now