 
            সম্প্ৰতি অসমত ঠাই বিশেষে জনপ্ৰিয় হৈ উঠা এবিধ ধান খেতি হ’ল বড়োধানৰ খেতি। এই ধানৰ খেতি পানী জমা হোৱা দ-ঠাইত কৰা হয়। এই খেতি শীতকালত কৰা হয়। পুহমাহৰ শেষত বা মাঘমাহৰ আৰম্ভণিতে বীজ সিঁচি মাঘমাহৰ শেষত বা ফাগুণ মাহত ধান ৰুই বহাগ মাহৰ শেষত বা জেঠ মাহত ধান কটা হয়। বড়ো ধানৰ খেতিৰ কাৰণে বেছি দীঘলীয়া দিনৰ প্ৰয়োজন নহয়। পিতনি, খাল, বিল আদিৰ কাষৰীয়া দ ঠাই চহাই বড়োধানৰ খেতি কৰা হয়। বৰ্তমান অগভীৰ নলী নাদেৰে পানী যোগান ধৰি কিছু ওখ আৰু চৰচাপৰি এলেকাতো বহুলভাৱে বড়োধানৰ খেতি কৰিবলৈ লৈছে। থিক আহুধানৰ দৰেই। কিন্তু আহু ধান শুকাণ মাটি চহাই সিঁচি কৰা হয় আৰু ইয়াত জলসিঞ্চনৰ প্ৰয়োজন বেছি নাথাকে। কিন্তু শালিধানৰ দৰে পানী প্ৰয়োজন নহয়।
বৰ্তমান অসমত বড়োধানৰ খেতিৰে বহু কৃষকে সফলতা লাভ কৰিছে। লগতে ঠাইবিশেষে চৰকাৰে যোগান ধৰা বড়ো ধানৰ বীজৰ খেতি কৰি ধানৰ সলনি পতান লাভ কৰাও নজিৰ আছে। ২০২১ বৰ্ষত ৰঙিয়াৰ প্ৰায় পোন্ধৰ শ বিঘা মাটিত ১ হাজাৰগৰাকী কৃষকে কৰিছিল বড়োধানৰ খেতি। বীণা আৰু ৰীণা নামৰ উন্নত প্ৰজাতিৰ বড়োধানৰ খেতি কৰিছিল এইসকল কৃষকে। উল্লেখ্য যে এই প্ৰজাতি দুটাৰ ধান পানীৰ মাজত ১৫ দিন থাকিলেও একো ক্ষতি নহয় বুলি জানিবলৈ দিছিল কৃষকসকলে।
লগতে পঢ়ক- বৰষুণৰ পৰিমাণ কমাৰ লগে লগে কৰিব পৰা কিছুমান খেতি
এই ধানৰ খেতি কৰি কৃষকসকল যথেষ্ট লাভান্বিত হৈছিল। ৰঙিয়াৰ কৃষকসকলে এই মাটিসমূহত পূৰ্বে শালিধানৰ খেতি কৰি প্ৰতিবিঘাত ১০ৰ পৰা ১২ মোন ধান লাভ কৰিছিল। কিন্তু বিগত বৰ্ষটোত বড়োধানৰ খেতি কৰি কৃষকসকলে ২০ ৰ পৰা ২৫ মোনকৈ লাভ কৰিছে । বড়োধানৰ খেতি আমাৰ কৃষকসকলে পৰীক্ষামূলকভাৱে কৰি চাব পাৰে। তদুপৰি বেছি দ আৰু বানপীড়িত অঞ্চলসমূহত শালিধানৰ বিকল্প হিচাপে এই শীতকালত বড়োধানৰ খেতি কৰিব পাৰে কৃষকসকলে। এইক্ষেত্ৰত চৰকাৰে বড়োধানৰ খেতিৰ বাবে সহযোগিতা আগবঢ়ায়।
উল্লেখ্য যে বৰ্তমানেও আমাৰ বহু কৃষকৰ বড়োধানৰ খেতিক আস্থাত ল’ব পৰা নাই। কিন্তু পৰীক্ষামূলকভাৱে ইয়াক কৃষকসকলে কৰি চাব পাৰে। লোকচান হোৱাৰ ভয় থাকিলে ধানখিনিৰ বীমা কৰি ল’ব পাৰে। ধানৰ উৎপাদন নহ’লে ইয়াৰ বিনিময়ত কৃষকজনে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ অধীনত ধন লাভ কৰিব। তেতিয়া কৃষকজনে লোকচান হোৱাৰ ভয় নাথাকে। ইফালে অসমত এই সময়ছোৱাত উদঙীয়া গৰুৰ উপদ্ৰৱ বেছি হয়। এই সমস্যা কেনেদৰে সমাধান কৰিব পাৰি তাৰ বিষয়েও খেতিৰ পূৰ্বে পৰিকল্পনা গ্ৰহণ কৰিব লাগে।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments