ভাৰতৰত্নৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, সেউজ বিপ্লৱৰ জনক এম এছ স্বামীনাথন আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহৰ নাম। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন প্ৰবীন নেতা্ লাল কৃষ্ণ আদৱানি আৰু বিহাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰৰ নাম ঘোষণা কৰিছিল
কৃষি আৰু কৃষকৰ কল্যাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে আজি ভাৰত চৰকাৰে ড০ এম এছ স্বামীনাথনক ভাৰতৰত্নৰ বাবে নাম ঘোষণা কৰে। ১৯৬০ৰ দশকত ভাৰত আৰু পাকিস্তানক নিশ্চিত দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিল এম এছ স্বামী নাথনে। দুৰ্ভিক্ষৰ সময়ত সেউজ বিপ্লৱৰ সূচনাৰে নিশ্চিত দুৰ্ভিক্ষৰ পৰা ৰক্ষা কৰিবলৈ পদক্ষেপ হাতত লৈছিল তেওঁ।
ইফালে, আজি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমত ভাৰতৰত্নৰ বাবে নাম ঘোষণা কৰিলে কৃষক নেতা চৌধুৰী চৰণ সিঙৰো নাম। কৃষকৰ অধিকাৰ আৰু কৃষকৰ কল্যানৰ বাবে সমগ্ৰ জীৱন উৰ্চগা কৰা আৰু জৰুৰীকালীন অৱস্থা বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়াৰ প্ৰতি লক্ষ্য ৰাখি মৰণোত্তৰভাৱে প্ৰদান কৰা কৰা ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন বঁটা।
লগতে পঢ়ক-
Bharat Ratna : স্বামীনাথন, চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাওলৈ ভাৰতৰত্ন
Share your comments