 
            অতি কম সময়(ৰোণপ কৰাৰ ৮ মাহতে উৎপাদন হ’বলৈ আৰম্ভ কৰা),কম মূলধন, কম পৰিশ্ৰমৰ এটা লাভ জনক খেতি হৈছে বগৰী খেতি।
বগৰীৰ প্ৰজাতি
গ্ৰীণ থাই আপেল বগৰী, কাশ্মীৰি বল সুন্দৰী, ভাৰত সুন্দৰী বা মিছ ইন্দিৰা আদি।ইয়াৰ উপৰিও আৰু কিছুমান বিশেষ বিশেষ প্ৰজাতি আছে।
ঠাই নিৰ্বাচন ,ৰোপণ কৰাৰ সময় আৰু পদ্ধতি
পোনপটীয়াকৈ ৰ'দ পৰা ওখ বালিচহীয়া মাটি উপযুক্ত। ফেব্ৰুৱাৰী মাহৰ পৰা মে মাহলৈ আলু, মাহ, সৰিয়হৰ তলিত দুই এবাৰ মাটি চাহ কৰি পুলি ৰোপণ কৰিব লগীয়া ঠাইত সৰু গাড়ী চকাৰ আকাৰত কেৰাহীৰ আকৃতি কৰি ( কিছুখাল কৰি) দুই-তিনি কেজিতকৈও অধিক শুকান গোবৰ দি পুলিটোৰ গুৰি অংশ প্ৰায় ডেৰ ইঞ্চি মানলৈকে কাছ পিঠিয়াকৈ মাটি চপাই গুৰিটো খেৰ-জাবৰে ঢাকি ৰাখিব লাগে।
এটা পুলিৰ পৰা আন এটা পুলিৰ দূৰত্ব ৮ফুট আৰু এটা শাৰীৰ পৰা আন এটা শাৰীলৈ দূৰত্ব ১২ ফুট উপযুক্ত।
 
            পৰৱৰ্তী সময়ত লবলগা যতন
ৰোপণ কৰাৰ প্ৰায় ডেৰ-দুই মাহৰ মূৰত গ্ৰাফটিঙৰ পলিথিন খন ব্লেদেৰে কাটি এৰুৱাই দিব লাগে। পৰৱৰ্তী সময়ত গ্ৰাফটিঙৰ তলৰ অৰ্থাৎ থলুৱা প্ৰজাতিৰ অংশটোৰ পৰা প্ৰায় এবছৰ পৰ্যন্ত ওলাই থকা কাঁইটীয়া শাখা ডাল সমূহ কাটি থাকিব লাগে।অন্যথা থলুৱা প্ৰজাতিৰ লগত সংযোগ কৰা উন্নত মানদণ্ডৰ বগৰীৰ অংশৰ অস্তিত্ব নাইকিয়া হৈ পিছলৈ গোটেই গছজোপা কাঁইটীয়া থলুৱা প্ৰজাতিৰ বগৰী হৈ পৰিব।
পোক পতংগ নিয়ন্ত্ৰণ
পাতত দেখা দিয়া জোনাকী পৰুৱা সদৃশ পতঙ্গ, জোক পোক, বিচা পোক আৰু বগৰীৰ কলিৰ অৱস্থাতে দেখা দিয়া চেহেৰেপা সদৃশ তেনেই ক্ষুদ্ৰ মহ আকৃতিৰ এবিধ পতঙ্গ যিয়ে নেকি বগৰীৰ কলি সমূহ বিন্ধি ,পিছলৈ ফুট ফুটফুটীয়া দাগ বঢ়াই অনিষ্ট কৰি দিয়ে। এই আটাইকেইটা সমস্যা সমাধানৰ বাবে প্ৰফেক্স চুপাৰ(এক লি:পানীত এক ml ), এলিকা( এশ লি:পানীত 40-পৰা50 ml হিচাপত), পেগাসুচ 25 গ্ৰাম পেকেট 40 লিটাৰ পানীত মিহলি কৰি সন্ধিয়াৰ সময়ত স্পে কৰিব লাগে।
প্ৰতি বছৰে ফেব্ৰুৱাৰী 15 তাৰিখৰ পিছৰ পৰা মাৰ্চৰ 15 তাৰিখৰ আগত গছ সমূহ গুৰি কলম দিব লাগে।এই বিষয়ে সামাজিক মাধ্যমত ভিডিও আকাৰে প্ৰতি বছৰে তথ্য দি থকা হয়।
সঠিক ভাৱে যত্ন কৰিলে, সঠিক ঠাইত কলম কাটিলে এজোপা দুবছৰীয়া গছত 50 কেজিতকৈও অধিক উৎপাদন হয়। কেজি 50 টকাকৈ হলেও এজোপা গছৰ মূল্য 2500 টকা, এবিঘা মাটিত 100 টা পুলি ৰোপণ কৰিব পাৰি।
 
    
ইচ্ছুক কৃষক সকলে পুলিৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে 9365036058 । ইয়াৰ উপৰিও আজিৰ তাৰিখত বিভিন্ন নাৰ্ছাৰীত এনেধৰণৰ পুলি উপলব্ধ কিন্তু সাৱধান নহলে ভেজাল পুলি অৰ্থাৎ সঠিক ভাৱে বৃদ্ধি নোহোৱা পুলি, অন্য প্ৰজাতিৰ পুলি পাব। বিশেষ আপত্তি নাথাকিলে আন দুই-এজনে উপকৃত হব পৰাকৈ অনুগ্ৰহ কৰি লিখনিটো ভাগবতৰা কৰি দিবচোন ।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments