1. News

বৰ্তমানেও খালী হৈ আছে ৰাজ্যৰ ১৬২ টা পশু চিকিৎসকৰ পদ

KJ Staff
KJ Staff
কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা
কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা

শেহতীয়া দুটাকৈ বানত আতাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ গ্রামাঞ্চলৰ কৃষক সমাজ। বানৰ লগতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে পশুধনৰ মাজত কেতবোৰ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ আফ্রিকান ছোৱাইন ফিভাৰে ৰাজ্যৰ আটাইকেইখন জিলাত গুৰুতৰ ৰূপ ধাৰণ কৰিছে । তেনেসময়তে জনচক্ষুৰ সন্মুখত উন্মোচিত হৈছে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা খণ্ডৰ শোচনীয় ছবিখন ।

গাঁৱে – ভূঞে ছোৱাইন ফ্লুৰ লগতে বানৰ পাছত বিভিন্ন ৰোগে দেখা দিছে পোহনীয়া জীৱ-জন্তুসমূহৰ ওপৰত। কিন্তু পশুপালকসকলক সকাহ দিবলৈ ৰাজ্যত নাই পর্যাপ্ত পশু চিকিৎসক । (কিন্তু বিজ্ঞাপনত সথিকভাৱেই ৰাজ্যৰ ইমূৰৰ সিমূৰলৈ সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহা বুলি উল্লেখ কৰি আহিছে।)  এক সুত্ৰ অনুসৰি, ৰাজ্যৰ পশু চিকিৎসাকে ধৰি বিভিন্ন পদ এতিয়াও পশু চিকিৎসা বিভাগত খালী হৈ আছে । ৰাজ্যত বর্তমান খালী হৈ থকা পশু চিকিৎসকৰ পদৰ সংখ্যা হৈছে ১৬২। ইয়াৰ বিপৰীতে পশু চিকিৎসকৰ সংখ্যা হৈছে ৭১৩।

দীর্ঘদিন ধৰি এই পশু চিকিৎসকৰ পদসমূহ খালী হৈ থকাৰ ফলত গ্রামাঞ্চলসমূহত পশু চিকিৎসাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈ আহিছে । কিন্তু কোনো গুৰুত্ব আৰোপ কৰি নাছিল বিভাগীয় কৰ্তৃপক্ষই। কিন্তু এই পদসমূহ খালী হৈ থকাৰ ফলত  পৰ্যাপ্ত সা-সুবিধাৰ পৰা দীৰ্ঘদিনে বঞ্চিত হৈ আহিছে  পশু পালকসকল।   বৰ্তমান আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱে ৰাজ্যৰ পশুধনৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে । এনে সময়ত সময়ত পশুধনক ভেকচিন প্ৰদান কৰাটো অত্যন্ত জৰুৰী ।  

কিন্তু এই পদসমূহ খালী হৈ থকাৰ ফলত সময় মতে ভেকচিন প্ৰদান কৰিব নোৱাৰাত অকালতে পশুধনৰ মৃত্যু ঘটি আহিছে।  যাৰফলত গ্ৰাম্য অর্থনীতি সবলীকৰণৰ লগতে স্বনিয়োজনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পশুপালন খণ্ডৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণত একপ্ৰকাৰ ব্যৰ্থ হৈছে মন্ত্রী অতুল বৰা, পশুপালন আৰু  চিকিৎসা বিভাগ। কিন্তু এইবিলাক ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া ধৰণে নিদিলেও ছোৱাইন ফ্লুৰ সন্দেহত গাহৰি নিধন কৰিবলৈ ৰাজ্যৰ পশুপালন বিভাগ আৰু মন্ত্ৰী অতুল বৰা সদায় প্ৰস্তুত থাকে।

লগতে পঢ়ক- যুৱ-প্ৰজন্মই খেতি নকৰে কিয়?

English Summary: Atul succeeds in killing pigs but fails to fulfill responsibility

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.