1. News

ৰাজ্যৰ বান আৰু খৰাং পৰিস্থিতি সন্দৰ্ভত কৃষিমন্ত্ৰীৰ বৈঠক

KJ Staff
KJ Staff
Atul borah meet Agriculture Officer
Atul borah meet Agriculture Officer

চলিত বৰ্ষৰ বান আৰু শেহতীয়া খৰাং পৰিস্থিতি সন্দৰ্ভত অতুল বৰাৰ বৈঠক। বৈঠকত বৰাই কয় যে বান আৰু খৰাঙে ৰাজ্যৰ কৃষকসকলৰ মাজত ইতিমধ্যে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। কিন্তু এই প্ৰত্যহ্বানক প্ৰত্যাশাৰে নতুন বতৰা কঢ়িয়াই আনিবলৈ নিৰন্তৰ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

তেওঁ লগতে কয়- ‘বিভাগীয় কল্যাণকামী কাম-কাজসমূহ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কৃষি, উদ্যান শস্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে জনতা ভৱনত এক বৈঠকত মিলিত হওঁ আৰু বিভাগৰ শেহতীয়া কাম-কাজসমূহৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰোঁ।’

বৈঠকতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, SMAM, RKVY, HMNEH, NMEO-OP, MOVCD-NER, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাকে ধৰি বিভাগৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ শেহতীয়া স্থিতিৰ সবিশেষ বুজ লয় বিভাগীয়সকলৰ পৰা।

বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ আশিস ভূটানী, সঞ্চালক অনন্তলাল জ্ঞানী, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদ্যুৎ বিকাশ ভাগৱতী, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা আৰু কৃষি তথা উদ্যান শস্য বিভাগৰ বিভিন্ন দায়িত্বত থকা বিষয়াসকল বৈঠকত উপস্থিত থাকে।

লগতে পঢ়ক- পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতি লওঁ-অতুল বৰা

English Summary: Atul borah meet Agriculture Officer

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.