Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 19 October, 2023 11:37 AM IST
Assam lemons bring smiles to Vashi market, to be exported to UAE

কাতি বিহুৰ শুভক্ষণত অসমৰ কৃষকে মুম্বাইৰ ৱাচিৰ বৃহৎ পাইকাৰী শাক-পাচলিৰ মন্দিলৈ ব্যৱসায়ৰ সৈতে পোনপতীয়া ব্যৱসায় আৰম্ভ কৰিলে। অসমৰ আদৰৰ কাজিনেমুৰ ব্যৱসায় বিস্তাৰৰ বাবে মুম্বাইত উদ্যান শস্য সঞ্চালকালয়, অসমে লোৱা প্ৰচেষ্টাৰ ব্যাপক সহাৰি মুম্বাইৰ বিভিন্ন স্থানত লাভ কৰাৰ পাছত এইটো এক ডাঙৰ সফলতা। অসম চৰকাৰৰ জিলা কৃষি বিভাগৰ বিষয়া, কৃষক উৎপাদক সমিতিৰ সৈতে মুম্বাইব ব্যবসায়ীৰ লগত হোৱা ভিডিও কনফাৰেঞ্চিত ভাগ লোৱা কৃষকসকলে নিজে ৫ হাজাৰ কাজিনেমু মুম্বাইব বৃহৎ মন্দিলৈ পঠিয়াবলৈ সক্ষম হ'ল।

১৮ অক্টোৱৰত কৃষকসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা ইণ্ডিগো বিমানেৰে কাজিনেমু পঠিওৱাব অভিজ্ঞতা লাভ কৰিলে। ইতিমধ্যে অসমৰ পৰা মুম্বাইৰ বজাৰ পৰিদৰ্শন আৰু ব্যৱসায়ীসকলৰ লগত আৰু অধিক ব্যৱসায় সম্প্রাসাৰণৰ বাবে ২০ জনীয়া কৃষকৰ দল এটাক মুম্বাইলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে। কৃষকসকলে ঘুৰি আহি প্ৰতিখন জিলাৰ আন কৃষকসকলক লগত লৈ পোনপতীয়াকৈ মুম্বাই, পুনে, বাংগালোৰৰ বজাৰত সোমাব পাৰিব বুলি আশা কৰা হৈছে। ইতিমধ্যে মুম্বাইৰ এটা ব্যৱসায়ীৰ দল অসমলৈ অহাৰ আগ্ৰহ প্ৰকাশ কৰিছে আৰু উদ্যান শস্য সঞ্চালকালয়ে তেওঁলোকৰ আগ্ৰহক আদৰণি জনাইছে।

লগতে পঢ়ক- 

কেনেদৰে কৰিব গোলনেুমুৰ খেতি, পুলিৰ বাবে যোগাযোগ কৰিব ক’ত! সবিশেষ

মুম্বাইৰ বজাৰত অসমৰ কল, আনারস, আদা, হালধী, কছু (সক), উৰহী, জালুক আদিৰ বজাৰৰ ব্যাপক সম্ভাৱনা আছে বুলি উদ্যান শস্য সঞ্চালকে আমাক জানিবলৈ দিছে। মুম্বাইত থকা ত্ৰিপুৰাৰ ব্যৱসায়ী এজনে তেখেতৰ কাৰ্য্যালয়ৰ এটা অংশ অসমৰ সামগ্ৰী বিক্ৰীৰ বাবে কাৰ্য্যালয় হিচাপে ব্যৱহাৰৰ অনুমতি দিছে। এটা সুখবৰ যে, মুম্বাইৰ ব্যৱসায়ীসকলে অসমৰ সামগ্ৰী প্ৰতিদিনে ডুবাইলৈ ৰপ্তানী কৰাৰ আশ্বাস দিছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত অসমৰ কৃষকক ভাগিদাৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে।

ইণ্ডিগ' বিমানত ৫ হাজাৰ নেমু অসমৰ পৰা মুম্বাই , ডুবাইলৈ প্ৰেৰণ

 উদ্যান শস্য সঞ্চালকালয়ে ডিচেম্বৰ-জানুৱাৰীৰ ভিতৰত দুখন ১৮ টন সামৰ্থৰ অত্যাধুনিক শীত তাপ নিয়ন্ত্রিত বাহন কৃষক উৎপাদক সমিতি আৰু বাচি মুম্বাইৰ Agriculture Product Marketing Corporation ৰ সহযোগিতাত চলোৱাৰ ব্যৱস্থা কৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত কৃষি মন্ত্ৰী অতুল বৰাই আগভাগ লৈ সোনকালে কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক- 

Assam to Chingapur: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক প্ৰশংসা কৃষিমন্ত্ৰীৰ

English Summary: Assam lemons bring smiles to Vashi market, to be exported to UAE
Published on: 19 October 2023, 11:37 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now