1. উদ্য়ানশস্য়

কেনেদৰে কৰিব গোলনেুমুৰ খেতি, পুলিৰ বাবে যোগাযোগ কৰিব ক’ত! সবিশেষ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Rough Lemon Farming Time & benefit
Rough Lemon Farming Time & benefit

কাজিনেমুৰ দৰেই অসমত গোলনেমুৰ জনপ্ৰিয়তা আছে। সাধাৰণতে কাজি নেমুৰ দৰেই অসমত ভাতৰ গোলনেমু চেপি ইয়াৰ ৰস খোৱা হয়। তদুপৰি দাইল অথবা মাছৰ আঞ্জাত কেঁচা গোলনেমুৰ ৰস দিলে আঞ্জাখনৰ সোৱাদ দুগুণে চৰে৷ পকা ফলৰ ওপৰৰ হালধীয়া বাকলিখন চুৰুকি নেমুবোৰ নিমখত লেটিয়াই কেইদিনমান ৰ'দত শুকুৱাই পাছত বটলত ভৰাই কেইবা বছৰলৈও সংৰক্ষণ কৰিব পাৰি৷ নেমুৰে প্ৰস্তুত কৰা আচাৰ বজাৰত কিনিবলৈ পোৱা যায়৷ সানমিহলি আচাৰতো নেমু প্ৰয়োগ কৰিলে আচাৰৰ মান উন্নত হয়৷

লগতে পঢ়ক- 

Plum farming : বগৰী খেতিৰ বিষয়ে সবিশেষ জানিবলৈ এই প্ৰবন্ধ পঢ়ক !

নামনি অসমৰ ফালে এই নেমুক 'তুইলা টেঙা' বুলি কোৱা হয়৷ ইয়াৰ আকৃতিটো গোলকাৰ বাবে ইয়াক গোলনেমুৰ নামেৰে জনা যায়৷ এই ফল গোন্ধ আৰু স্বাদৰ দিশত অধিক মানবিশিষ্ট হয়৷ আঘোণ-মাঘ মাহৰ ভিতৰত ফল পকে৷ গ্ৰামাঞ্চলৰ বহু নিমখত থৈ গোলনেমু বহুদিনলৈ সংৰক্ষণ কৰি ৰাখে। এনেদৰে নিমখত থোৱা থোৱা নেমুৰ ঔষধি গুণাগুণ বহু বেচি৷ পেট কামোৰণি, পেটৰ অসুখ, পেট ফুলা, আভোক আদি পেটৰ অনেক ধৰণৰ বেমেজালিত এই নেমুৰ ৰস বা শাহখিনি খালে উপকাৰ পোৱা যায়৷ নেমুৰ বীজ কৃমিনাশক হিচাপে কাম কৰে৷

গোলনেমুৰ খেতি আমাৰ কৃষকসকলে কাজি নেমুৰ খেতি কৰাৰ দৰে সাধাৰণতে কৰা দেখা নাযায়। দুই এজোপা বাৰীৰ চোকে-কোনে আমাৰ কৃষকসকলে ৰোপন কৰে। কিন্তু ব্যৱসায়িকভাৱে কৰিলে গোলনেমুৰ খেতিৰ পৰা লাভৱান হব পাৰে। গোলনেমুৰ গছত সাধাৰণতে খুব সোনকালে পোকে ধৰে। গতিকে এই খেতি কৰাৰ পূৰ্বে আমাৰ কৃষকসকলে এই পোক কিদৰে আঁতৰাই ৰাখিব পাৰি সেই বিষয়ে কোনো অভিজ্ঞ ব্যক্তিৰ পৰা জানি ল’ব লাগে। কোনো কৃষক যদি গোলনেমুৰ খেতি কৰিম বুলি ভাৱিছে তেতিয়া তেওঁলোকে পুলিৰ বাবে ধেমাজিৰ বিকি পালৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁৰ যোগাযোগ নাম্বাৰটো- ৯৮৬৪৭৯১৫৫২।

উল্লেখ্য যে এজোপা পৈণত গোলনেমুৰ গছত এবাৰত ১০০০ টাতকৈ অধিক গোলনেমু লাগে। কৃষকসকলে আগষ্ট-ছেপ্তেম্বৰৰ পৰা গোলনেমুৰ পুলিসমূহহ কৃষি ভূমিত ৰোপন কৰিব লাগে। পানী জমা নোহোৱা ওখ ঠাইত গোলনেমু ভাল হয়। গোলনেমুৰ খেতি আৰম্ভ কৰাৰ পূৰ্বে এবাৰ হলেও অভিজ্ঞ ব্যক্তিৰ লগত নাই বা জিলা কৃষি কাৰ্যালয়ৰ লগত কথা পাতক। পৰামৰ্শ মতে আগবাঢ়ক।

লগতে পঢ়ক- 

Horticulture : এবিঘা মাটিত মাত্ৰ এবাৰ আৰম্ভ কৰি গোটেই জীৱন পাওঁক ফল

English Summary: Rough Lemon Farming Time & benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.