Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 June, 2023 11:36 AM IST
Mustard seeds and flower

অসমৰ কৃষকলৈ সুখবৰ। কৃষকসকলৰপৰা চৰকাৰে সৰিয়হ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰে ৰাজ্যৰ কৃষকসকলৰপৰা সৰিয়হ ক্ৰয় কৰিব বুলি ঘোষণা কৰিছে। চৰকাৰে ৰাজ্যৰ কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰাৰ পাছত এইবাৰ সৰিয়হ ক্ৰয়ৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তই ৰাজ্যৰ কৃষকসকলক যথেষ্ট লাভাম্বিত কৰিব বুলি আশা কৰা হৈছে। চৰকাৰখনে কৃষকৰপৰা প্ৰত্যক্ষভাৱে সৰিয়হ ক্ৰয়ৰ বাবে নূন্যতম সমৰ্থন মূল্যও ইতিমধ্যে নিৰ্ধাৰণ কৰিছে। প্ৰতি কুইণ্টল সৰিয়হৰ বাবে ৰাজ্যচৰকাৰে কৃষকক ৫,৪৫০ টকাকৈ প্ৰদান কৰিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে প্ৰতি কুইণ্টল সৰিয়হত বৰ্তমানৰ মূল্যতকৈ ১ হাজাৰ টকা অধিক লাভ কৰিব কৃষকসকলে। আগন্তুক এসপ্তাহৰ ভিতৰত এই সৰিয়হ ক্ৰয় কৰা কেন্দ্ৰসমূহ সাজু হৈ উঠিব বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ধান ক্ৰয় কৰা কেন্দ্ৰ সমূহতেই সৰিয়হো ক্ৰয় কৰা ব্যৱস্থা কৰা হ'ব। বুধবাৰে জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এক সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে ৫০ লাখ মেট্ৰিকটন সৰয়িহ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় বাজেটৰ পুঁজিও ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। জানিব পৰা মতে চৰকাৰে কৃষকসকলৰ পৰা সৰিয়হ ক্ৰয় কৰাৰ ৩ দিনৰ ভিতৰত বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰিব ধন।

ইফালে সৰিয়হ খেতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰয়োজনত কৃষকসকলক সৰিয়হৰ বীজ প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে। উল্লেখ্য যে, ৰাজ্য চৰকাৰে ন্যূনতম সমৰ্থিত মূল্যৰে ২০২২-২৩ বৰ্ষত ৰাজ্যৰ কৃষকৰ পৰা বৰ্তমানলৈকে ৫ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰিছে। প্ৰতি কুইণ্টল ধানৰ বিনিময়ত কৃষিকক ন্যূনতম সমৰ্থিত মূল্য ২,০৪০ টকা প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে ৫২ হাজাৰৰো অধিক কৃষক উপকৃত হৈছে বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ ধানৰ বীজৰ ব্যৱসায় আৰু ধান খেতি কৰাসকলে এই লেখাটো পঢ়ক!

English Summary: Assam government to buy mustard directly from farmers
Published on: 01 June 2023, 11:36 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now