 
            বুধবাৰৰ পৰা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে “পশুধন আৰু হাঁহ কুকুৰা মেলা-২০২৩”। ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলক পশুপালনৰ অত্যাধুনিক প্ৰযুক্তি আৰু কাৰিকৰী জ্ঞান প্ৰদান কৰা তথা এই খণ্ডটোৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰা মেলাখনৰ শুভাৰম্ভ কৰে ৰাজ্যৰ কৃষি আৰু পশুকল্যান বিভাগৰ মন্ত্ৰী অতুল বৰাই ।
খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলাপথাৰ,ত অনুষ্ঠিত মেলাখন উদ্বোধন কৰি ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে পশুপালকৰ বাবে ১৮১খন ভ্ৰাম্যমাণ পশুচিকিৎসা বাহন সাজু কৰা হৈছে। শীঘ্ৰেই এই সেৱা আৰম্ভ হ'ব এই আৰম্ভ সেৱা। পশুধনৰ বাবে দিনটোৰ ২৪ ঘণ্টাই এই সেৱা উপলব্ধ হ’ব বাহনকেইখন। সেৱা প্ৰদানৰ বাবে ৩খন ছুপাৰস্পেচিয়েলিটী পশু চিকিৎসালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
লগতে পঢ়ক-
Goat farming : ছাগলী গড়ালটোৰ মন কৰিব লগীয়া দিশসমূহ
লগতে মন্ত্ৰী অতুল বৰাই কয়- শিক্ষিত যুৱক-যুৱতীসকলক পশুপালনৰ অত্যাধুনিক প্ৰযুক্তি আৰু কাৰিকৰী জ্ঞান প্ৰদান কৰা তথা এই খণ্ডটোৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে বুলি কয় "পশুধন আৰু হাঁহ-কুকুৰা মেলা-২০২৩"।
তিনিদিনীয়াকৈ অনুষ্ঠিত মেলাখনত বিভিন্ন প্ৰজাতিৰ হাঁহ-কুকুৰা, ছাগলী, গাহৰি আৰু গো-ধন প্ৰদৰ্শন কৰা হয়। লগতে মেলাত পশুপালন ক্ষেত্ৰখনৰ বিভিন্ন দিশ সন্দৰ্ভত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচী আৰু কৰ্মশালাৰ জৰিয়তে পশুপালক আৰু নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকল যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments