Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 October, 2022 1:27 PM IST
Agriculture Journalist Association of India

ভাৰতীয় কৃষি সাংবাদিক সন্থা চমুকৈ এজেআই (AJAI) হৈছে ভাৰতৰ কৃষি সাংবাদিকসকলৰ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ। শেহতীয়াকৈ কৃষি, দুগ্ধ, উদ্যান শস্য, মীনপালন, ফুলৰ খেতি, খাদ্য উৎপাদন বা গ্ৰাম্য বিষয়, মূলতঃ - কৃষি খণ্ডৰ সৈতে জড়িত বিষয়সমূহ সাঙুৰি বাতৰি পৰিৱেশন কৰা সাংবাদিকসকলকলৈ গঠন কৰা হৈছে এই AJAI মঞ্চখন । কৃষি সাংবাদিকতাৰে বৈচিত্ৰময় কৃষকৰ সমস্যাসমূহৰ সমাধানৰ বাবে এক মঞ্চ হিচাপে কাম কৰিবলৈ AJAI সাজু হৈছে। ইতিমধ্যে আলোচনা চক্ৰ, বক্তৃতা, কৰ্মশালা, আৰু অনুষ্ঠানৰ আয়োজন কৰি উদ্যোগটোৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰাৰ পৰিৱেশ সৃষ্টি কৰি সংস্থাটোৰ সদস্যসকলক একত্ৰিত আৰু কৃষকসকলক শক্তিশালী কৰাৰ দিশত পৰিকল্পনা প্ৰস্তুত অব্যাহত ৰাখিছে।

ভাৰতীয় কৃষি সাংবাদিক সন্থাৰ বহুকেইটা উদ্দেশ্যৰ ভিতৰত এটা অন্যতম- AJAI কৃষি সাংবাদিকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাত সহায় কৰিব আৰু ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে কৃষি সাংবাদিকসকলৰ সমস্যাসমূহক সামূহিকভাৱে প্ৰতিনিধিত্ব কৰিবলৈ এক পৰিচয় প্ৰদান কৰিব। সংগঠনটোৰ পৰিসৰ উদ্দেশ্য সন্দৰ্ভত AJAI ৰ সভাপতি তথা কৃষি জাগৰণৰ সঞ্চালক তথা মুখ্য সম্পাদক এম চি ডমিনিকে কয় যে কৃষি আমাৰ ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড। এই খণ্ডটো সংশ্লিষ্ট কৰ্তৃপক্ষই নেদেখাকৈ থকা অসংখ্য সমস্যাই কৃষকক জুৰুলা কৰাটোও তাৎপৰ্যপূৰ্ণ আৰু ই দিনৰ পোহৰৰ দৰেই স্পষ্ট।

লগতে পঢ়ক- 

উত্তৰ-আধুনিক দৃষ্টিত শংকৰদেৱ

গতিকে নিঃসন্দেহে ভাৰতীয় কৃষি খণ্ডক সংবাদ মাধ্যমৰ সঠিক বিবেচনাৰ অতি প্ৰয়োজন, যাতে কৃষক সমাজৰ বিষয়সমূহ কেৱল সমাধান কৰাই নহয়, সিদ্ধান্ত গ্ৰহণকাৰী কৰ্তৃপক্ষৰ টেবুলত সঠিকভাৱে উত্থাপন কৰা হয়। দুখৰ বিষয় যে কৃষি খণ্ডৰ বাবে কাম কৰা এক নিষ্ঠাবান সংবাদ মাধ্যমৰ সাংবাদিক সংস্থাৰ প্ৰায় নাই বুলিব পাৰি৷ এনে এক অভাৱ দূৰ কৰাৰ লক্ষ্যৰে ‘ভাৰতীয় কৃষি সাংবাদিক সংস্থা (AJAI) গঠন কৰা হৈছে। কৃষকৰ অধিকাৰ, প্ৰাপ্য আৰু কৃষি সাংবাদিক হিচাপে তেওঁলোকৰ দাবী পূৰণৰ দায়িত্ব আমি বহন কৰিব লাগিব বুলি লক্ষ্যৰে AJAI প্ৰতিষ্ঠা কৰা হৈছিল। কাৰণ, যিসকললোকে আমাক অন্নৰ যোগান ধৰি আহিছে তেওঁলোকৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে।

আমাৰ দেশত ক্ৰীড়া সাংবাদিকতা, সংস্কৃতি দিশৰ সাংবাদিকতা, চলচ্চিত্ৰ সাংবাদিকতা আছে কিন্তু কৃষি সাংবাদিকতা নাই। আছে যদিও তেওঁলোকক মূলসুঁতিৰ সংবাদমাধ্যমসমূহে যিধৰণে চাব লাগে সেইধৰণে নাচায়। নিউজ চেনেলসমূহত দিনটোৰ ২৪ ঘন্টাৰ ঠাইত আধাঘন্টা, বা ১৬ পৃষ্ঠাৰ বাতৰিকাকত এখনত এক পৃষ্ঠাও কৃষকৰ বাবে, বা কৃষি সাংবাদিকসকলৰ বাবে নাথাকে। কৃষকৰ খবৰ আৰু কৃষি সাংবাদিকতা দুয়োটাৰে বৰ এটা স্থান নাই। কিন্তু AJAI কৃষি সাংবাদিকসকলক একত্ৰিত কৰিব। কৃষকসকলৰ হৈ মাত-মতাৰ এখন মঞ্চ প্ৰদান কৰিব। এই উদেশ্য আগত ৰাখিয়েই ইতিমধ্যে চেমিনাৰ, সভা-সমিতিৰ লগতে বিভিন্নধৰণে কৃষি সাংবাদিকসকলক একত্ৰিত কৰিবলৈ AJAI  কাম কৰি আছে। তদুপৰি AJAI বিশ্বজুৰি কৃষি সাংবাদিসকলক একত্ৰিত কৰিবলৈ কাম প্ৰচেষ্টা চলাই আহিছে। উল্লেখ্য যে AJAI সদস্য হ’বলৈ কৃষি সাংবাদিকসকলৰ কিছুমান যোগ্যতা থকাৰো প্ৰয়োজন । ১৮ বছৰ অতিক্ৰম কৰা, সুস্থ মন থকা, ঋণহীন বুলি বিবেচিত আৰু কোনো অপৰাধৰ বাবে কেতিয়াও আটক নোহোৱা কৃষি সাংবাদিকসকলৰ বাবে সংস্থাটোৰ সদস্যপদ মুকলি।

লগতে পঢ়ক-

নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল

English Summary: Agriculture Journalist Association of India
Published on: 30 October 2022, 12:58 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now