Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 March, 2024 6:23 PM IST
জলবায়ু পৰিৱৰ্তন, ডিজিটেল ই-মাৰ্কেটিংৰ সচেতনতা বৃদ্ধিৰে খানাপাৰাত পাঁচদিনীয়া কৃষি প্ৰশিক্ষণ

১২ মাৰ্চ, গুৱাহাটী : আজিৰেপৰা  খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ উদ্যোগত আৰু ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (SAMETI)ৰ সহযোগত  কৃষি উন্নয়ন বিষয়া আৰু জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াসকলৰ বাবে পাঁচদিনীয়াকৈ প্ৰশিক্ষণ তথা দিগদৰ্শন কাৰ্যসূচী আয়োজিত কৰা হৈছে  ৷ এই পাঁচদিনীয়া কাৰ্যসূচীত ৰাজ্যৰ প্ৰতিখন জিলাৰপৰা অহা প্ৰায় ৩৩৫ কৃষি উন্নয়ন বিষয়া আৰু জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াই অংশগ্ৰহণ কৰিব ৷

এই পাঁচদিনীয়া কাৰ্যসূচীত  অংশগ্ৰহণকাৰীসকলক কৃষি বিভাগৰ উদ্যোগত ৰাজ্যখনত ৰূপায়িত হৈ থকা বিভিন্ন কৃষি আঁচনিসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বীজ উৎপাদন প্ৰযুক্তি, শস্যৰ বীজ প্ৰমাণীকৰণ পদ্ধতি, সাৰৰ উপযুক্ত প্ৰয়োগ,ডিজিটেল ই-মাৰ্কেটিং আৰু কৃষিখণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু এই প্ৰত্যাহবানৰ সন্মুখীন হ’বপৰাকৈ  ন-কৃষি পদ্ধতিৰ পৰিচালনা ইত্যাদি বিভিন্ন দিশৰ সন্দৰ্ভত প্ৰশিক্ষণ আগবঢ়োৱা হ’ব ৷

লগতে পঢ়ক- 

Assam village business idea : গাঁৱত থাকি আৰম্ভ কৰক এই ৩ টা ব্যৱসায়

কাৰ্যসূচীৰ প্ৰথম দিনটোত উপস্থিত থাকি কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগুয়ে কৃষকৰ স্বাৰ্থত কৃষি বিষয়াসকলক নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায় ৷ লগতে তেখেতে কয় যে পাঁচদিনীয়া প্ৰশিক্ষণ তথা দিগদৰ্শন কাৰ্যসূচীত বিভাগীয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সমল ব্যক্তিৰ যোগেদি লাভ কৰা ব্যৱহাৰিক জ্ঞানে কৰ্মক্ষেত্ৰত আহি পৰিব পৰা বিভিন্ন সমস্যা সমাধানৰ বাবে সহায়ক হ’ব ৷ এই কাৰ্যসূচীৰ অন্তত ন-উদ্যমেৰে কৰ্মক্ষেত্ৰত কৃষি বিষয়াসকল নিয়োজিত হ’ব বুলি কৃষি সঞ্চালকগৰাকীয়ে আশা প্ৰকাশ কৰে ৷

কৰ্মশালাখনত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ৰবিজিৎ দত্ত চৌধুৰী প্ৰমুখ্যে ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ ন'ডেল বিষয়াকে ধৰি জ্যেষ্ঠ কৃষি বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

Poly house Farming : পলিহাউচৰ ভিতৰত কেনেকৈ কৰিব খেতি! জানো আঁহক

English Summary: Agri Training on Climate Change in Khanapara
Published on: 12 March 2024, 06:22 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now