1. News

Poly house Farming : পলিহাউচৰ ভিতৰত কেনেকৈ কৰিব খেতি! জানো আঁহক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Poly house Farming Benefit & Technique
Poly house Farming Benefit & Technique

শিৱসাগৰ জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ(ATMA)ৰ যৌথ উদ্যোগত শনিবাৰে তিনিচুকীয়াত প্ৰতিশীল কৃষকৰ এক দিনজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। তিনিচুকীয়া জিলাৰ বৰহাপজানত থকা ৰাহুল গুপ্তাৰ "ফ্ৰেছ ফাৰ্ম" নামৰ কৃষি পামত এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। উন্নত কৃষি প্ৰযুক্তিৰ ব্যৱহাৰ কৰি কমঠাইত বছৰৰ বাৰ মাহ খেতি কৰি চলিত বছৰত অসম চৰকাৰৰ পৰা অসম গৌৰৱ সন্মান লাভ কৰা যুৱ আৰু প্ৰগতিশীল কৃষক ৰাহুল গুপ্তাই এই দিনজোৰা প্ৰশিক্ষণ কাৰ্যসূচী সঞ্চালন কৰে। শিৱসাগৰ জিলাৰ তিনিটা কৃষি মহকুমাৰ পৰা নিৰ্বাচিত ৫০ গৰাকী কৃষকে এই শিক্ষামূলক প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।

Poly house Farming
Poly house Farming

এই প্ৰশিক্ষণত গুপ্তাই POLY HOUSE ত HYDROPHONIC (জলজ কৃষি),উলম্ব কৃষি আদি কি দৰে বিজ্ঞান সন্মত ভাবে কৰি ব্যৱসায়িক ভাবে সফল হ’ব পাৰি এই দিশত বিস্তৃত ভাবে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে আলোচনা কৰাৰ লগতে ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণ কাৰ্যসূচীত শিৱসাগৰ জিলাৰ কৃষি বিষয়া আছিফ বৰা, জিলাখনৰ কৃষি বিভাগৰ উপ-সঞ্চালক অমৃত শইকীয়া,কৃষি বিষয়া ৰুমী বৰা,ৰুণীমা মিলি আদি উপস্থিত থাকে। উল্লেখযোগ্য যে গুপ্তাই কৃষি খণ্ডত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰি অভাৱনীয় সফল লাভ কৰিছে।সমান্তৰাল ভাৱে গুপ্তাৰ কৃষি পামৰ উৎপাদিত বিভিন্ন কৃষি উৎপাদন সমূহে ক্রেতাৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে।

লগতে পঢ়ক- 

পলিহাউচ খেতি কি ? আপোনাক এই প্ৰৱন্ধত জনাম পলিহাউচ খেতিৰ A to Z

প্ৰশিক্ষণকালত কৃষকসকলে গুপ্তাই POLY HOUSE ত HYDROPHONIC (জলজ কৃষি),উলম্ব কৃষি পদ্ধতিৰে কৰা খেতি দেখি অভিভূত হয়। কৃষকগৰাকীয়ে পলিহাউচৰ ভিতৰত সম্প্ৰতি বিলাহী খেতি উলম্ব পদ্ধতিৰে কৰি আছে। ওপৰৰ ফটোত আপোনালোকে দেখিছে কৃষকগৰাকীয়ে কেনেদৰে উলম্ব পদ্ধতিৰে বিলাহী খেতি কৰিছে। লগতে আমাৰ কৃষকসকলক জনাও যে উলম্ব বা হাইড্ৰপনিক কৃষি পদ্ধতিৰে খেতি কৰোঁতে মাটি কম লাগে।

Poly house
Poly house
Poly house Farming Benefit
Poly house Farming Benefit

পলিহাউচৰ ভিতৰতো বছৰৰ সকলো সময় সময়ৰ শস্যৰ খেতি সকলো সময়তে কৰিব পাৰিব। উদাহৰণস্বৰূপে বিলাহী খেতি বাৰিষা নহয় কিন্তু বাৰিষাতো আপুনি পলিহাউচৰ ভিতৰত কৰিব পাৰিব। অবতৰত বা পলিহাচত সোণকালে খেতি কৰি বজাৰলৈ উলিয়াই আমাৰ কৃষসকলে লাভ উঠাব পাৰিব। অৱশ্যে পলিহাউচ এটা বনাবলৈ খৰচ অলপ পৰে। জিলা কৃষি কাৰ্যালয়সমূহত ৰাজসাহাৰ্যতো দিয়ে পলিহাউচৰ বাবে ধন। আমাৰ যিসকল কৃষকে দীৰ্ঘদিন ধৰি খেতি কৰি আছে তেওঁলোকে জিলা কৃষি কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে।

লগতে পঢ়ক- 

সৰ্বোচ্চ উৎপাদনৰ সময়ত দত্তই দৈনিক নিম্নতম ১০ হেজাৰ টকাৰ গাখীৰ বিক্ৰী কৰে

English Summary: Poly house Farming Benefit & Technique

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.