
চিকিৎসা বিজ্ঞানৰ প্ৰতিটো আৱিস্কাৰেই মানৱ জাতিলৈ কঢ়িয়াই আনে অফুৰন্ত সম্ভাৱনা। কিন্তু এই সম্ভাৱনা বহুসময়ত এখিনি মানুহৰ হাততে সীমাৱদ্ধ হৈ থাকে। কাৰণ কেতবোৰ আবিস্কাৰ সাধাৰণ মানুহৰ কেতিয়াও কামত নাহে। কাৰণ শেহতীয়াকৈ আৱিস্কাৰ হোৱা হেমজনিক্স নামৰ ভেকচিনটোৰ মূল্য প্ৰতিটো ড’জত ২৮.৫৮ কোটি টকা। এই মূল্য সৰ্বসাধৰণৰ বাবে অকল্পনীয় আৰু কোটিপতিসকলে ব্যৱহাৰ কৰিবলৈয়ো দহবাৰ ভাৱিব লাগিব।

শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্রৰ ফুড এন্ড ড্রাগ এডমিনিষ্টেচনে (এফ ডি এ) ব্যৱহাৰৰ বাবে অনুমতি দিয়া হেমজনিক্স নামৰ ভেকচিনটো গুৰুতৰ ৰক্তক্ষৰণ অথবা স্বতঃস্ফুৰ্ত ৰক্তক্ষৰণ হোৱা ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিবলগীয়া হেমজেনিক্স ভেকচিনৰ প্ৰতিটো ড’জৰ মূল্য ২৮.৫৮ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে যদিও এই ভেকচিনে সমগ্ৰ স্বাস্থ্যসেৱা পদ্ধতিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হৈ উঠিব।
লগতে পঢ়ক-
পলিহাউচ খেতি কি ? আপোনাক এই প্ৰৱন্ধত জনাম পলিহাউচ খেতিৰ A to Z
মন কৰিবলগীয়া যে গুৰুতৰ হেফ ফিলিয়া বি ৰোগত আক্ৰান্ত ৰোগীয়ে গোটেই জীৱনজোৰা যিমান পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হয়, সেই ধনতকৈ কম হ'ব ২৮.৫৮ কোটিটকীয়া ভেকচিনৰ মূলা। এফ ডি এ অনুমোদন জনোৱা ভেকচিনটোৰ মূল্য নিৰ্ধাৰণক লৈ বিভিন্ন সংস্থাই নানা আপত্তি চলালেও সেয়া ফলপ্রসূ নহ'ল। আই চি ই আর এ ভেকচিনটোৰ মূল্য ২.৯ মিলিয়ন মার্কিন ডলাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল যদিও কোম্পানীয়ে ৩.৫ মিলিয়ন মার্কিন ডলার অর্থাৎ ২৮.৫৮ কোটি টকা নিৰ্ধাৰণ কৰে।

তাৎপর্যপূর্ণ যে হেম ফিলিয়া বি ৰোগত আক্ৰান্ত হয় জিনৰ বিসংগতিৰ বাবে। এই ৰোগত আক্ৰান্ত ৰোগীয়ে অধিক ফেক্টৰ IX উৎপাদন কৰিব নোৱাৰে। এই ফেক্টৰ IX হৈছে এবিধ প্ৰটিন। যিটো ৰক্তকণিকাৰ পৰা বিশেষকৈ যকৃতৰ পৰা প্ৰধানতঃ উৎপাদন হয়। এই ৰোগত আক্ৰান্ত ৰোগীয়ে জীবনজোৰা বিসংগতিৰ মাজত জীয়াই থাকিবলগীয়া হয়। এনে কাৰণত হেমজেনিক্সৰ এটা ভেকচিনৰ ড’জে তেনে ৰোগীক নতুন জীবন দিব পাৰে বুলি বিজ্ঞানী তথা কোম্পানীৰ বিশেষজ্ঞই প্রকাশ কৰিছে।
লগতে পঢ়ক-
Share your comments