1. News

৫০ টকাত পালে ১৮ লাখ টকীয়া ইনোভা

PANKAJ KHANIKAR
PANKAJ KHANIKAR

লটাৰীৰ টিকেট কটাৰ পাছতে বহুতে কল্পনা কৰে যদি কিবাকৈ লাগি যায়। তেতিয়াতো সৱ ওলট-পালট হৈ যাব। বহুতে কল্পনা কৰে প্ৰথম পুৰস্কাত গাড়ীখন যদি লাগি যায়। তাৰপাছতে অন্তহীন কল্পনা। এই কল্পনা বহুতৰে বাস্তৱত পৰিণত নহয় কিন্তু বাস্তৱত পৰিণত হ’ল বাক্সাৰ কালপানীৰ লাইখা ওৰফে ৰবিৰাম বসুমতাৰীৰ। বৃত্তিত মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰীয়ে লটাৰীত ৫০ টকাৰ বিনিময়ত পালে ১৮ লাখ টকাৰ ইনোভা গাড়ী।

বৰপেটাৰোডৰ ৰাসৰ অন্তিম দিনা নিশা অনুষ্ঠিত লটাৰী খেলত এই পুৰস্কাৰ লাভ কৰে লাইখাই ৷ 50 টকীয়া মূল্যৰ 100 টকাৰে মাত্ৰ দুটা টিকট কাটিছিল ৰবিৰাম বসুমতাৰী ওৰফে লাইথাই ৷

লগতে পঢ়ক- 

পলিহাউচ খেতি কি ? আপোনাক এই প্ৰৱন্ধত জনাম পলিহাউচ খেতিৰ A to Z

দীৰ্ঘদিনে দৰিদ্ৰতাৰ সৈতে যুঁজি অহা ৰবিৰাম আৰু তেওঁৰ পৰিয়ালটোলৈ লটাৰীৰ প্ৰথম পুৰস্কাই কঢ়িয়াই আশাৰ বতৰা। ১৮ লাখ টকীয়া মূল্যৰ ইনোভা গাড়ীখন লাভ কৰি ৰবিৰাম বসুমতাৰী, তেওঁৰ পৰিয়ালৰ লগতে সমগ্র কালপানী এলেকাৰ লোকসকল উৎফুল্লিত হৈ পৰিছে ৷

উল্লেখ্য যে লাইখাই মাছ বিক্ৰি কৰাৰ সমান্তৰালভাৱে তেওঁৰ দুই পুত্ৰই দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছিল। কৃষি জাগৰণৰ প্ৰতিনিধিৰে হোৱা কথা-বতৰাত ৰবিৰাম বসুমতাৰীয়ে কয় যে তেওঁ ইনোভা গাড়ীখন বিক্ৰি কৰিব। বিক্ৰি কৰাৰ টকাৰে দুই পুত্ৰক দুখন দোকানৰ ব্যৱস্থা কৰি দিব ব্যৱসায়ৰ বাবে।

লগতে পঢ়ক- 

আৱিস্কাৰ হ’ল বিশ্বৰ প্ৰথম জিন থেৰাপী, কিন্তু দুখীয়া আৰু মধ্যবিত্তই ল'ব নোৱাৰিব এই ভেকচিন

English Summary: 50 for the Rs 18 lakh Innova

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.