Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 March, 2023 11:45 AM IST
২০ টা শগুণৰ মৃত্যু, ৭০ টা অসুস্থ

ডিব্ৰুগড়ত দুষ্পাপ্য শগুণৰ মৃত্যু। ২০ টাকৈ শগুণ মৃত্যু হোৱা লগতে আৰু ৭০ টাতকৈ অধিক অসুস্থ হৈ মৃত্যুৰ ক্ষণ গণিছে।ডিব্ৰুগড় জামিৰা পাত্ৰ গাওঁ পথাৰত দেখা গৈছে এই দৃশ্য। কিয় এনেদৰে এইবিধ দুৰ্লভ প্ৰজাতিৰ জীৱৰ সেই অঞ্চলত ব্যাপক হাৰত মৃত্যু হৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে বন বিভাগৰ এটা দল ভিতৰুৱা অঞ্চলটোলৈ ৰাওঁনা হৈছে। 

অভিযোগ মতে, পাত্ৰ গাঁৱৰ পথাৰ খনত পৰিভ্ৰমী পক্ষী নিধন কৰাৰ বাবে একাংশ দুষ্কৃতিকাৰিয়ে পথাৰত গুটি ধানৰ সৈতে বিষ দিছিল। সেই গুটিধান পানীত মিহলি হোৱা বাবে গৰুৱে খোৱাৰ পাছত কেইবাটাও গৰু মৃত্যু হয় আৰু সেই মৃত্যু হোৱা গৰু ভক্ষণ কৰাৰ বাবে অঞ্চলটোত প্রায় শতাধিক শগুণ আহিছিল। সেই শগুণে গৰু ভক্ষণ আৰু পানী খোৱাৰ পাছতেই মৃত্যু হবলৈ ধৰে এটাৰ পাছত এটাকৈ শগুণৰ।

এনেদৰে সমগ্ৰ পথাৰখনত প্ৰায় ২০ টাকৈ দুষ্পাপ্য শগুণৰ মৃত্যু হোৱা লগতে আৰু প্ৰায় ৭০ টা শগুণে সংকতজনক অৱস্থাত মৃত্যুৰ ক্ষণ গণিছে। জীৱিত অৱস্থাত থকা শগুণ কেইটাই খোজ কাঢ়িবলৈকো নোৱাৰাৰ লগতে অত্যাধিক বমি কৰা প্ৰত্যক্ষ কৰা হৈছে অতি দুখ জনক এই ঘটনা স্থানীয় কেইজনমান প্রকৃতিপ্রেমী যুৱকে প্রত্যক্ষ কৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁইলৈ খবৰ দিয়ে।

লগতে পঢ়ক- 

Oscar For Natu Natu : মৌলিক গীতৰ অস্কাৰ RRRৰ নাটু নাটু শীৰ্ষক গীতলৈ

জেষ্ঠ সাংবাদিক ৰাতুল গোহাঁই আৰু সন্তোষ যাদৱে পথৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ পদব্ৰজে গৈ দূর্গম অঞ্চলটোত উপস্থিত হৈ স্তম্ভিত হৈ পৰা লগতে সাংবাদিক দুগৰাকীৰ তৎপৰতাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে। ঘটনাৰ উচিত তদন্ত কৰি দুখীক কঠোৰ শাস্তি দিয়া লগতে অসুস্থ শগুণ কেইটাৰ উন্নত চিকিৎসা কৰাৰ দাবী জনাইছে প্রকৃতি প্রেমি সকলে।আনহাতে সোমবাৰে সন্ধিয়া ভাগলৈ ডিব্ৰু ছৈখোৱা আৰু ডিব্ৰুগড় বন বিভাগৰ এটা দল জামিৰা পাত্ৰগাওঁ পথাৰত উপস্থিত হৈ আহত হৈ থকা শগুণৰ চিকিৎসা আৰু মৃত্যু হোৱা শগুণ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে । ক্লিক কৰক ভিডিঅ'টো চাবলৈ  https://www.facebook.com/reel/446548137657898/?s=fb_shorts_tab&stack_idx=0

লগতে পঢ়ক- 

জনীয়াত উত্তৰ-প্ৰদেশৰ ৬০ গৰাকী কৃষকৰ ৰঙালাও-তৰমুজৰ খেতি

English Summary: 20 vultures dead, 70 sick in Dibrugarh
Published on: 14 March 2023, 11:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now